ETV Bharat / bharat

মূলসুঁতিলৈ ঘূৰি আহিল মণিপুৰত বিদ্ৰোহী গোটৰ 25 জন সদস্য

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 10:30 AM IST

নেশ্যনেল ৰিভল্যুচনেৰী ফ্ৰণ্ট মণিপুৰ চমুকৈ এন আৰ এফ এম নামৰ মেইটেই বিদ্ৰোহী গোটৰ 25 জন কেডাৰৰ আত্মসমপৰ্ণ ৷ এই আত্মসমপৰ্ণে মণিপুৰত শান্তি আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ ক্ষেত্ৰত চৰকাৰক গতি প্ৰদান কৰিব বুলি উল্লেখ কৰে গৃহ মন্ত্ৰালয়ে ৷

Another rebel group from Manipur joins mainstream
মণিপুৰত পুনৰ বিদ্ৰোহী গোটৰ 25 জন সদস্যৰ আত্মসমপৰ্ণ

নিউজ ডেস্ক , 5 ডিচেম্বৰ : অশান্ত মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ৷ ক্ৰমান্বয়ে শান্তিৰ দিশে গতি কৰা মণিপুৰত ইজনৰ পাচত সিজন বিদ্ৰোহী গোটৰ সদস্য মূলসুঁতিলৈ উভতি আহিছে ৷ কেইদিনমানৰ পূৰ্বে ইউনাইটেড নেশ্যনেল লিবাৰেচন ফ্ৰণ্ট চমুকৈ ইউ এন এল এফ আৰু কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ মাজত শান্তি চুক্তি স্বাক্ষৰ হৈছিল ৷ তাৰ পাচতে ৰাজ্যখনৰ আন এটা বিদ্ৰোহী গোটৰ প্ৰায় 25 জন সদস্যই মূলসূঁতিলৈ উভতি আহিছে ৷

উল্লেখ্য যে, শনিবাৰে নেশ্যনেল ৰিভল্যুচনেৰী ফ্ৰণ্ট মণিপুৰ চমুকৈ এন আৰ এফ এম নামৰ মেইটেই বিদ্ৰোহী গোটৰ সংগঠনৰ নেতাসহ প্ৰায় 25 জন কেডাৰে আত্মসমপৰ্ণ কৰিছে ৷ বৃহৎ অস্ত্ৰ-শস্ত্ৰসহ এন আৰ এফ এমৰ সদস্যই মূলসূঁতিলৈ ওভতি আহিছে আৰু তেওঁলোকে ইউ এন এল এফৰ শিবিৰত যোগদান কৰিছে ।

গৃহ মন্ত্ৰালয়ৰ মতে, এন আৰ এফ এমৰ নেতাসকলে মূলসূঁতিত যোগদান কৰিলে অস্থিৰ মণিপুৰত শান্তি অনাত সহায়ক হ’ব । ইয়াৰ লগে লগে বিদ্ৰোহী সংগঠনৰ বেছিভাগ সদস্যই হিংসাৰ পথক ত্যাগ কৰিছে আৰু ইয়াৰ দ্বাৰা মণিপুৰক এখোজ আগুৱাই লৈ গৈছে। এই পদক্ষেপে মণিপুৰত শান্তি আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাক গতি প্ৰদান কৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে মন্ত্ৰালয়ে ৷

ইফালে, ইউনাইটেড ৰিভল্যুচনেৰী ফ্ৰণ্ট চমুকৈ এন আৰ এফ এমে 2011 চনৰ 11 ছেপ্টেম্বৰত মেইটেই ইউ জি সংগঠনৰ কে চি পিৰ তিনিটা ফৈদত বিভক্ত হৈছিল । উক্ত বিদ্ৰোহী সংগঠনৰ জ্যেষ্ঠ নেতাসকলে চুবুৰীয়া ৰাজ্যত ঘাটি পাতি হিংসাত্মক কাম কৰিছিল মণিপুৰৰ বিভিন্ন স্থানত ৷ ধনদাবীৰ দৰে ঘটনাটো বিদ্ৰোহী সংগঠনৰ সদস্যসকল জড়িত আছিল বুলি উল্লেখ কৰে মন্ত্ৰালয়ে ।

লগতে পঢ়ক : নৌসেনা বিষয়াৰ বেজত থাকিব শিৱাজীৰ সেনাৰ প্ৰতীক: প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.