ETV Bharat / bharat

Operation clean: ভাৰতত খালিস্তানী সন্ত্ৰাসবাদী নিৰ্মূল অভিযানত নামিল NIA

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 7:46 AM IST

তিক্ততা বাঢ়িছে ভাৰত-কানাডাৰ কূটনৈতিক সম্পৰ্কৰ ৷ ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে আৰম্ভ কৰিছে খালিস্তানী সন্ত্ৰাসবাদীৰ বিৰোধী অভিযান ৷ খালিস্তানী সন্ত্ৰাসবাদী-গেংষ্টাৰৰ লগতে সহানুভূতিশীল লোকৰ সৈতে জড়িত নথি-পত্ৰ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে ৷

India Canada diplomatic conflict
ভাৰতত খালিস্তানী সন্ত্ৰাসবাদী মুক্ত অভিযান আৰম্ভ NIAৰ

নিউজ ডেস্ক, 24 ছেপ্টেম্বৰ: কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ ছাৰেত খালিস্তানী বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰক হত্যা কৰাৰ পিছত ভাৰত-কানাডাৰ কূটনৈতিক সম্পৰ্ক টেঙা হৈ পৰিল ৷ লগে লগে ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে সকলো খালিস্তানী সন্ত্ৰাসবাদী-গেংষ্টাৰৰ লগতে সহানুভূতিশীল লোকৰ সৈতে জড়িত নথি-পত্ৰ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে৷ যিসকলে বহিঃৰাষ্ট্ৰ বাস কৰি এনে সমমনোভাৱ পোষণ কৰি আহিছে, য’ত আছে কানাডা আৰু পাকিস্তান ।

ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী সংস্থা, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই ইতিমধ্যে সকলো সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ প্ৰতি সহানুভূতিশীল লোকৰ সম্পত্তি জব্দ কৰিবলৈ আৰম্ভ কৰিছে । শনিবাৰে এন আই এয়ে ১৯৬৭ চনৰ অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউ এ পি এ)ৰ ৩৩ (৫) ধাৰাত অমৃতসৰ আৰু চণ্ডীগড়ত থকা কানাডাস্থিত খালিস্তানী সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুৰ সম্পত্তি জব্দ কৰে । এজন বিষয়াই এই কথা জানিবলৈ দিয়ে ।

তাৎপৰ্যপূৰ্ণভাৱে এই সকলোবোৰ ভাৰত বিৰোধী শক্তিৰ বিৰুদ্ধে নিজৰ অভিযান আৰু অধিক শক্তিশালী কৰাৰ প্ৰয়াসেৰে এন আই এয়ে নতুন দিল্লীত দুদিনীয়া সন্ত্ৰাসবাদ বিৰোধী সন্মিলনৰো আয়োজন কৰিছে । অক্টোবৰৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনত RAW, IB, ৰাজ্যিক চোৰাংচোৱা সংস্থা, আৰু ৰাজ্যিক সন্ত্ৰাসবাদ বিৰোধী সংস্থাৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

খলিস্তানী সন্ত্ৰাসবাদৰ উত্থান, সন্ত্ৰাসবাদী আৰু গেংষ্টাৰৰ সংযোগ তথা ভাৰতৰ নিৰাপত্তাৰ বিৰুদ্ধে উদীয়মান ভাবুকিৰ সম্পৰ্কে দুদিনীয়া সন্মিলনত আলোচনা কৰা হ’ব বুলি কাৰ্যসূচীৰ সৈতে জড়িত সূত্ৰই জনায় । সন্মিলনখন উদ্বোধন কৰাৰ সম্ভাৱনা আছে গৃহমন্ত্ৰী অমিত শ্বাহে ।

ইফালে ভাৰতৰ চোৰাংচোৱা সংস্থাৰ সূত্ৰই ইটিভি ভাৰতক জনোৱা মতে, ১৮ জুনত খালিস্তানী বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰক হত্যা কৰাৰ পিছত এনআইএ আৰু পঞ্জাৱ আৰক্ষীয়ে যৌথভাৱে নিজ্জাৰৰ জীৱন ইতিহাস আৰু ভাৰত বিৰোধী কাৰ্যকলাপত তেওঁৰ জড়িত থকাৰ ওপৰত আলোকপাত কৰি ড’ছিয়াৰ প্ৰস্তুত কৰিছে ।

উল্লেখযোগ্য যে, শেহতীয়াকৈ ভাৰত আৰু কানাডাৰ মাজত কূটনৈতিক যুঁজ আৰম্ভ হৈছিল ১৮ জুনত কানাডাত অচিনাক্ত আক্ৰমণকাৰীয়ে নিজাৰক হত্যা কৰাক লৈ । অৱশ্যে অট’ৱাই কয় যে নিজ্জাৰক ভাৰতীয় এজেণ্টে হত্যা কৰিছিল । ইয়াৰ বিষয়ে অৱগত এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, নিজ্জাৰ ১৯৮০ চনৰ পৰাই অপৰাধৰ সৈতে জড়িত আছিল আৰু সৰুৰে পৰাই স্থানীয় গুণ্ডাসকলৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল ।

পঞ্জাৱৰ জলন্ধৰ জিলাৰ ভৰ সিং পুৰা গাঁৱৰ পিয়াৰা সিঙৰ পুত্ৰ নিজ্জাৰে ১৯৯৭ চনত জাল পাছপ’ৰ্টেৰে কানাডালৈ পলায়ন কৰিছিল আৰু বিদেশত প্লাম্বাৰ আৰু ট্ৰাক চালক হিচাপে জীৱন নিৰ্বাহ কৰিছিল । ২০০৭ চনত নিজ্জাৰ কানাডাৰ নাগৰিক হয় ।

তেওঁ কেইবাবাৰো পাকিস্তানলৈ গৈ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক ব্যৱহাৰৰ প্ৰশিক্ষণ লৈছিল । নিজ্জাৰ খালিস্তান কমাণ্ডো ফ’ৰ্চ (কেচিএফ) আৰু খালিস্তান টাইগাৰ ফ’ৰ্চ (কেটিএফ)ৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত আছিল । চোৰাংচোৱা সংস্থাসমূহে প্ৰস্তুত কৰা ড’ছিয়াৰ অনুসৰি খালিস্তানী সন্ত্ৰাসবাদীয়ে বহিঃৰাজ্যৰ পৰা বিশেষকৈ কানাডাত পঞ্জাৱত কেইবাবাৰো হত্যা আৰু আক্ৰমণৰ নিৰ্দেশ দিছিল ।

“কানাডাত তেওঁৰ (নিজ্জাৰৰ) প্ৰধান কাম আছিল ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ধন সংগ্ৰহ আৰু হাৱালা চেনেলৰ জৰিয়তে ডাইভাৰ্ট কৰা । তেওঁ আৰু তেওঁৰ সহযোগীসকল কানাডাত ড্ৰাগছ আৰু অস্ত্ৰ সৰবৰাহৰ সৈতেও জড়িত আছিল ।’’ ড’ছিয়াৰৰ উদ্ধৃতি দি বিষয়াগৰাকীয়ে এইদৰে কয় । নিজ্জাৰে তেওঁৰ একাংশ ঘনিষ্ঠ সহযোগীৰ সৈতে কানাডাত এটা দল গঠন কৰি পঞ্জাৱ আৰু ইয়াৰ কাষৰীয়া অন্যান্য ঠাইত সন্ত্ৰাসবাদী আক্ৰমণ চলাইছিল । বিষয়াগৰাকীয়ে কয়, ‘‘নিজ্জাৰে গঠন কৰা গেংটোৰ সদস্যসকলে কানাডাৰ ব্ৰিটিছ কলম্বিয়াত অস্ত্ৰৰ প্ৰশিক্ষণ লাভ কৰিছিল ।’’

ড’ছিয়াৰত উল্লেখ কৰা অনুসৰি ২০১৪ চনত নিজ্জাৰে হাৰিয়ানাৰ ছিৰছাৰ ডেৰা চাচা সৌদাৰ মুখ্য কাৰ্যালয়তো সন্ত্ৰাসবাদী আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিছিল যদিও বিফল হয় । কেৱল দেশত অৰাজকতাৰ সৃষ্টি কৰিবলৈ তেওঁ কেইবাজনো শীৰ্ষ আৰক্ষী, ধৰ্ম প্ৰচাৰক আৰু ৰাজনীতিবিদক লক্ষ্য কৰি লোৱাৰো পৰিকল্পনা কৰিছিল ।

ড’ছিয়াৰৰ উদ্ধৃতি দি বিষয়াগৰাকীয়ে আৰু কয় যে ২০২০ চনত ‘পন্থিক বিৰোধী কাৰ্যকলাপ’ৰ অভিযোগত অভিযুক্ত মনোহৰ লাল অৰোৰা আৰু যতীন্দৰবীৰ সিং অৰোৰাক হত্যা কৰিবলৈ পঞ্জাৱত থকা নিজৰ সহযোগীসকলক নিজ্জাৰে কৈছিল । পঞ্জাৱত ৪০ৰ দশকত শিখসকলৰ বাবে গঠন হোৱা পঞ্জাৱৰ এটা ৰাজনৈতিক দল আছিল পন্থিক পাৰ্টি । অৱশ্যে এই আক্ৰমণত পিতৃ মনোহৰ লালক গুলীয়াই হত্যা কৰাৰ বিপৰীতে পুত্ৰই পলায়ন কৰে ।

‘‘কানাডাত থাকি নিজ্জাৰে পঞ্জাৱ আৰু অন্যান্য ঠাইত হত্যাৰ নিৰ্দেশ দিছিল । তেওঁ হত্যাৰ এচাইনমেণ্টৰ বাবে ধন স্থানান্তৰ কৰিবলৈ হাৱালা পথ গ্ৰহণ কৰিছিল ।’’ বিষয়াগৰাকীয়ে কয় । ভাৰত চৰকাৰে ২০২০ চনত নিজ্জাৰক কেটিএফৰ সদস্যসকলক অপাৰেচনেলাইজিং, নেটৱৰ্কিং, প্ৰশিক্ষণ আৰু বিত্তীয় সাহায্য প্ৰদানৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত বুলি অভিযোগ উত্থাপন কৰিছিল । একে কথাকে কানাডাৰ কৰ্তৃপক্ষক জনোৱা হৈছিল ।

লগতে পঢ়ক:Asian Games 2023 : এছিয়ান গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলক প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.