ETV Bharat / bharat

পানীসাগৰ হিংসাত্মক ঘটনা : ত্ৰিপুৰা প্ৰশাসনলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

author img

By

Published : Nov 3, 2021, 1:47 PM IST

NHRC served a notice to Chief Secretary and DGP of Tripura
ত্ৰিপুৰা প্ৰশাসনলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

পানীসাগৰ কাণ্ড সন্দৰ্ভত ত্ৰিপুৰা প্ৰশাসনে এতিয়ালৈকে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে । ত্ৰিপুৰাৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ আয়োগে জাননী জাৰি কৰিছে ।

নেশ্যনেল ডেস্ক, ৩ নৱেম্বৰ : ত্ৰিপুৰাৰ পানীসাগৰত সংঘটিত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে । এই ঘটনা সন্দৰ্ভত ত্ৰিপুৰা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া জানিব বিচাৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে । শেহতীয়া ঘটনা সন্দৰ্ভত প্ৰতিবেদন বিচাৰি আয়োগে ত্ৰিপুৰাৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ জাননী জাৰি কৰিছে । যোৱা ২৬ অক্টোবৰত বিশ্ব হিন্দু পৰিষদে সমদল উলিওৱাৰ সময়তে এই হিংসাত্মক ঘটনা সংঘটিত হয় ।

আয়োগে প্ৰতিবেদন দাখিল কৰিবলৈ চাৰি সপ্তাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে । ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী অনুসৰি, যোৱা ২৮ অক্টোবৰত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰই এই অভিযোগ দাখিল কৰিছিল । জাননীখনত উল্লেখ কৰা হৈছে যে, তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰই অভিযোগ তুলিছে যে, ত্ৰিপুৰাত সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ বিৰুদ্ধে ৰাজনৈতিক হিংসা বৃদ্ধি পাইছে । তেওঁৰ অভিযোগ অনুসৰি, ৰাজ্যখনৰ শাসকীয় দলৰ কৰ্মীসকলে ৰাজ্যখনত প্ৰচাৰ অভিযান চলাই থকা সময়ত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ নেতাক আক্ৰমণ কৰিছিল ।

এই ঘটনাত, দলৰ এগৰাকী সাংসদ আৰু এজন কৰ্মী আহত হৈছিল । লগতে তেওঁলোকৰ বাহনো ভাঙি চূৰমাৰ কৰা হয় । সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীৰ অভিযোগ অনুসৰি যোৱা ২৬ অক্টোবৰত বিশ্ব হিন্দু পৰিষদে উত্তৰ ত্ৰিপুৰাৰ এটা অঞ্চলত সমদল উলিইছিল ।

উক্ত স্থানত সংখ্যালঘু সম্প্ৰদায়ৰ এটা ধৰ্মীয় স্থান ক্ষতিগ্ৰস্ত কৰাৰ লগতে দুখন দোকান জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে । তেওঁৰ অভিযোগ মতে, ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল এই হিংসাত্মক ঘটনাৰ বলি হোৱাৰ পাচতো শাসকীয় দলটোৱে কেৱল নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছিল । আনহাতে, এই ঘটনা সংঘটিত হোৱাৰ পাচতে, অঞ্চলটোৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে নিৰাপত্তাহীনতাত ভূগিছে ।

সেয়ে, অভিযোগকাৰীয়ে উক্ত বিষয়টোত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ হস্তক্ষেপ বিচাৰিছে বুলি জাননীখনত উল্লেখ কৰা হৈছে । ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এতিয়া এই সন্দৰ্ভত ত্ৰিপুৰা প্ৰশাসনৰ পৰা প্ৰতিবেদন বিচাাৰিছে । লগতে এই প্ৰতিবেদনৰ প্ৰতিলিপি ৰাজ্যিক মানৱ অধিকাৰ আয়োগলৈও প্ৰেৰণ কৰিবলৈ কৈছে ।

লগতে পঢ়ক:উপ নিৰ্বাচন 2021ৰ ফলাফল হাইলাইট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.