ETV Bharat / bharat

ত্ৰিপুৰাত ৰে'লৰ দবাত ক'ভিড ৰোগীৰ বাবে আইচ'লেশ্যনৰ ব্যৱস্থা

author img

By

Published : May 11, 2021, 1:24 PM IST

ক'ভিড মহামীৰৰে যুঁজ দিয়াৰ ক্ষেত্ৰত ত্ৰিপুৰা চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াইছে উত্তৰ-পূব সীমান্ত ৰে'লৱেই । আগৰতলা ৰে'ল ষ্টেচনত ৰে'লৰ দবাত ২০০ খন বিচনা সাজু কৰা হৈছে ক'ভিড ৰোগীৰ বাবে । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ত্ৰিপুৰাৰ সঞ্চালক সিদ্ধাৰ্থ শিৱ জৈছৱালে এই কথা প্ৰকাশ কৰিছে ।

NFR gives isolation coaches to Tripura
আগৰতলা ৰে'ল ষ্টেচনত যুদ্ধকালীন প্ৰস্তুতি

নেশ্যনেল ডেস্ক, ১১ মে': কৰ'ণাসৃষ্ট সংকটৰ সময়ত চিকিৎসালয়ত বিচনাৰ অভাৱ হোৱা বাৰে উপযুক্ত চিকিৎসা লাভৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ক'ভিডত আক্ৰান্ত হোৱা বহু লোক । এনে পৰিস্থিতিত ত্ৰিপুৰা চৰকাৰক সকাহ দিয়াৰ উদ্দেশ্যেৰে উত্তৰ-পূব সীমান্ত ৰে'লৱেই ৰে'লৰ দবাত ক'ভিড ৰোগীৰ বাবে আইচ'লেশ্যনৰ ব্যৱস্থা কৰাৰ বাবে সাজু হৈছে । কম লক্ষণে দেখা দিয়া ৰোগীৰ বাবে আগৰতলা ৰে'ল ষ্টেচনত আইচ'লেশ্যনৰ ব্যৱস্থা কৰা হৈছে ।

ৰে'লৰ দবাত ২০০ খন বিচনা সাজু কৰা হৈছে ক'ভিড ৰোগীৰ বাবে । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ত্ৰিপুৰাৰ সঞ্চালক সিদ্ধাৰ্থ শিৱ জৈছৱালে জনোৱা মতে, জৰুৰীকালীন ব্যৱহাৰৰ বাবে আগৰতলা ৰে'ল ষ্টেচনত ৰে'লৰ ১৫টা দবাত ২০০খন বিচনা ৰোগীৰ বাবে সাজু কৰি ৰখা হৈছে । চলিত সপ্তাহতে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিব আৰু এই দবাবোৰ ৰোগীৰ বাবে ব্যৱহাৰ কৰা হ'ব ।

প্ৰতিটো দবাত দুই ধৰণৰ বি অ2 চিলিণ্ডাৰ উপলব্ধ হ'ব । লগতে অন্যান্য প্ৰয়োজনীয় সা-সুবিধা যেনে- জনশক্তি, সঁজুলি, স্বাস্থ্য কৰ্মীৰ দল, ঔষধ, পৰীক্ষা, খাদ্য, এম্বুলেন্স আৰু ক'ভিড ৱাৰ্ডৰ পৰিচালনা আদি সকলোবোৰ বিষয় ৰাজ্য চৰকাৰে চোৱা-চিতা কৰিব বুলি জানিবলৈ দিছে সঞ্চালক সিদ্ধাৰ্থ শিৱ জৈছৱালে ।

তেওঁৰ মতে, এই দবাবোৰ কেৱল কম লক্ষণ থকা ৰোগীসকলৰ বাবেহে ব্যৱহাৰ কৰা হ'ব আৰু প্ৰয়োজন হ'লে ৰেল যাত্ৰীৰ বাহিৰে আন ৰোগীসকলকো এই দবাবোৰত ৰখা হ'ব । আনহাতে, পশ্চিম ত্ৰিপুৰাৰ মুখ্য চিকিৎসা বিষয়া দেৱশীষ দাসে কয় যে, দবাবোৰৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে । ৰোগীৰ বাবে ব্যৱহৃত হ'বলগীয়া ৰে'লখন বৰ্তমান আগৰতলা ৰে'ল ষ্টেচনৰ ৩ নং প্লেটফৰ্মৰ ৪ নং লাইনত আছে ।

লগতে পঢ়ক:ক'ভিড-১৯: ত্ৰিপুৰাত যোৱা ২৪ ঘণ্টাত ৪ জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.