ETV Bharat / bharat

Kolkata express extends to Agartala: আগৰতলালৈকে গুৱাহাটী কলকাতা এক্সপ্ৰেছ সেৱা

author img

By

Published : Oct 11, 2022, 2:09 PM IST

Kolkata express extends to Agartala
আগৰতলালৈকে গুৱাহাটী কলকাতা এক্সপ্ৰেছ

উত্তৰ-পূব সীমান্ত ৰে'লৱেই আগৰতলালৈকে গুৱাহাটী-কলকাতা-গুৱাহাটী এক্সপ্ৰেছৰ সেৱা সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই সম্প্ৰসাৰণৰ উদ্বোধনী বিশেষ অনুষ্ঠানটোৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে (President Draupadi Murmu) অহা ১৩ অক্টোবৰত আগৰতলা ৰে'ল ষ্টেচনৰ পৰা ৯:২৫ বজাত ফ্লেগ অফ কৰি মুকলি কৰিব ।

আগৰতলা, ১১ অক্টোবৰ: দেশৰ আন অংশৰ সৈতে আগৰতলাৰ ৰে'ল সংযোগ অধিক উন্নত কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেই আগৰতলালৈকে গুৱাহাটী-কলকাতা-গুৱাহাটী এক্সপ্ৰেছৰ সেৱা সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ এক সূত্ৰই সদৰি কৰা মতে, ৰে'ল নং 02518/02517 (Guwahati Kolkata Guwahati rail connection) এক্সপ্ৰেছ আগৰতলালৈকে নতুন ৰে'ল নম্বৰ 02502/02501 (Agartala Kolkata Agartala Express) এসপ্তাহত সম্প্ৰসাৰিত কৰা হ'ব । এনএফআৰৰ সূত্ৰ অনুসৰি দুয়োখন ৰে'ল ২০২৩ৰ ৩০ এপ্ৰিল লৈকে চলিব ।

এই সম্প্ৰসাৰণৰ উদ্বোধনী বিশেষ অনুষ্ঠানটোৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে (President Draupadi Murmu) অহা ১৩ অক্টোবৰত আগৰতলা ৰে'ল ষ্টেচনৰ পৰা ৯:২৫ বজাত ফ্লেগ অফ কৰি মুকলি কৰিব । আগৰতলা আৰু কলকাতাৰ মাজত উদ্বোধনী বিশেষ ৰে'লখন আগৰতলা ষ্টেচনৰ পৰা ১৩ অক্টোবৰত ফ্লেগ অফ কৰা হ'ব আৰু পিছদিনা 18:50 বজাত কলকাতাত উপস্থিত হ'ব । ইপিনে, ৰে'লখন ১৪ অক্টোবৰৰ ২২:০০ বজাত কলকাতাৰ পৰা আহি ১৬ অক্টোবৰত আগৰতলালৈ ৰাওনা হ'ব ৷

উদ্বোধন হ’ব লগা এই বিশেষ ৰে'লখন নিউ কৰিমগঞ্জ, নিউ হাফলং, গুৱাহাটী, গোৱালপাৰা টাউন, কোকৰাঝাৰ, নিউ কোচবিহাৰ, কিষাণগঞ্জ, কাটৱা আৰু বান্দেলহৈ চলিব ৷ এই ৰে'লখন ১৪ টা ডবাৰ সৈতে চলিব । ইয়াত এটা প্ৰথম শ্ৰেণীৰ এচি,পাঁচটা এচি ৩-টায়াৰ,ছয়টা শ্লীপাৰ শ্ৰেণীৰ ডবা,এটা সাধাৰণ বহা আৰু এটা গাৰ্ড কাম লাগেজ কোচ থাকিব ।

ইয়াৰ নিয়মীয়া চলমান ৰেল নং 02502 আগৰতলা- কলকাতা এক্সপ্ৰেছ (Kolkata Express) প্ৰতি বুধবাৰে 07:30 বজাত আগৰতলাৰ পৰা ৰাওনা হ'ব আৰু পিছদিনা 15:00 বজাত কলকাতা পাব । আনহাতে,ৰেল নং 02501 (কলকাতা- আগৰতলা) এক্সপ্ৰেছ প্ৰতি দেওবাৰে 21:40 বজাত কলকাতাৰ পৰা ৰাওনা হ'ব আৰু মঙলবাৰে 05:15 বজাত আগৰতলা পাব ।

আনহাতে,ৰেল নং 02518 (গুৱাহাটী- কলকাতা) এক্সপ্ৰেছ প্ৰতি শনিবাৰে 21:00 বজাত গুৱাহাটীৰ পৰা 21:00 বজাত কলকাতালৈ যাব (Guwahatitp kolkata Express)। ইপিনে,ৰেল নং 02517 (কলকাতা-গুৱাহাটী) এক্সপ্ৰেছ প্ৰতি বৃহস্পতিবাৰে 21:40 বজাত কলকাতাৰ পৰা ৰাওনা হ'ব আৰু পিছদিনা 16:15 বজাত গুৱাহাটীত উপস্থিত হ'ব ।

লগতে পঢ়ক:Arunachal CM shares beautiful picture of waterfalls: পেমা খাণ্ডুৱে শ্বেয়াৰ কৰিলে বিনন্দীয়া জলপ্ৰপাতৰ দৃশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.