ETV Bharat / bharat

Diwali Mela special train in Tripura : দীপাৱলী উপলক্ষে বিশেষ ৰে'লৰ ঘোষণা

author img

By

Published : Oct 22, 2022, 5:33 PM IST

২৩ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ ত্ৰিপুৰাত বিশেষ ৰে'লৰ ব্যৱস্থা কৰিছে উত্তৰ পূৱ সীমান্ত ৰে'লৱেই (Diwali special train to run in Tripura)। ঐতিহাসিক ত্ৰিপুৰেশ্বৰী মন্দিৰত ভক্তৰ অতিৰিক্ত ভিৰৰ সম্ভৱনাৰ প্ৰতি লক্ষ্য ৰাখি উক্ত দিনকেইটাত দুখন বিশেষ ৰে'ল চলাচলৰ সিদ্ধান্ত লৈছে উত্তৰ-পূব সীমান্ত ৰে'লৱেই । দুয়োখন বিশেষ ৰে'লত ৭টা ডবা থাকিব । ৬ টা সাধাৰণ শ্ৰেণীৰ আৰু এটা লাগেজ কাম গাৰ্ড ভেন থাকিব ।

Diwali Mela special train in Tripura
দীপাৱলী উপলক্ষে বিশেষ ৰেলৰ ঘোষণা

আগৰতলা,২২ অক্টোবৰ : সমাগত দীপাৱলী (Diwali 2022)। দেশৰ ভিন্ন প্ৰান্তত দীপাৱলী আৰু কালী পূজাৰ ব্যাপক প্ৰস্তুতি চলিছে (Kali Puja preparation)। পোহৰৰ উৎসৱ উদযাপনৰ বাবে সাজু হৈছে সকলো । ইফালে দীপাৱলী আৰু কালী পূজাৰ বিভিন্ন সামগ্ৰীও বজাৰত উপলব্ধ হৈছে । চাকি, ভিন্ন ৰঙীন লাইটেৰে বজাৰ উভৈনদী হৈছে ।

দেশৰ বিভিন্ন কালী মন্দিৰতো দীপাৱলীৰ বাবে বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে । প্ৰতিবছৰৰ দৰে ত্ৰিপুৰাৰ উদয়পুৰৰ ত্ৰিপুৰেশ্বৰী মন্দিৰতো দীপাৱলী আৰু মেলাৰ বিশেষ আয়োজন কৰা হৈছে । য'ত লাখ লাখ ভক্তৰ আগমন হোৱাৰ আশা কৰা হৈছে ।

দেশ-বিদেশৰ ভক্তৰ আগমনৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে'লৱেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । গোমতী জিলাৰ ঐতিহাসিক ত্ৰিপুৰেশ্বৰী মন্দিৰত ভক্তৰ অতিৰিক্ত ভিৰৰ সম্ভৱনাৰ প্ৰতি লক্ষ্য ৰাখি উক্ত দিনকেইটাত আগৰতলা-ধৰ্মনগৰ-আগৰতলা আৰু আগৰতলা-চাব্ৰুম-আগৰতলাৰ মাজত দুখন বিশেষ ৰে'ল চলাচলৰ সিদ্ধান্ত লৈছে উত্তৰ-পূব সীমান্ত ৰে'লৱেই (NFR to run Diwali special train in Tripura)।

এনএফআৰ কৰ্তৃপক্ষই উল্লেখ কৰা মতে দুয়োখন ৰেল ২৩ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ পৰিচালনা কৰা হ'ব । বিশেষ ৰেল নং ০৭৬৮৭ (আগৰতলা-ধৰ্মনগৰ) আগৰতলাৰ পৰা ০৫:২০ বজাত ৰাওনা হ'ব আৰু পুৱা ০৮:৪৫ বজাত ধৰ্মনগৰ পাব । বিশেষ ৰেল নং ০৭৬৮৮ (ধৰ্মনগৰ- আগৰতলা) ধৰ্মনগৰ ৰেল ষ্টেচনৰ পৰা ১০:৩৫ বজাত ৰাওনা হ'ব আৰু আবেলি ২ বজাত আগৰতলা পাব ।

আনহাতে বিশেষ ৰেল নং ০৭৬৮৫ (আগৰতলা-চাব্ৰুম), আগৰতলাৰ পৰা ২:১৫ বজাত ৰাওনা হ'ব আৰু ৪:৩৫ বজাত চাব্ৰুম ষ্টেচন পাব । বিশেষ ৰেল নং ০৭৬৮৬ (চাব্ৰুম-আগৰতলা), চাব্ৰুমৰ পৰা ৫ বজাত ৰাওনা হ'ব আৰু ৭:৩৫ বজাত আগৰতলা ষ্টেচন আহি পাব । দুয়োখন বিশেষ ৰে'লত ৭টা ডবা থাকিব । ৬ টা সাধাৰণ শ্ৰেণীৰ আৰু এটা লাগেজ কাম গাৰ্ড ভেন থাকিব ।

লগতে পঢ়ক :Tripura BJP : বিধানসভা নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰা বিজেপিৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.