ETV Bharat / bharat

BJP MLA Comment on Sushant Singh Rajput death: পোহৰলৈ আহিব সুশান্তৰ মৃত্যুৰ 'সত্য'!

author img

By

Published : Jan 9, 2023, 9:37 PM IST

মহাৰাষ্ট্ৰ বৰ্তমানৰ চৰকাৰে বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ "প্ৰকৃত কাৰণ" পোহৰলৈ অনাৰ আশা ব্যক্ত কৰিছে বিহাৰৰ বিজেপি বিধায়ক তথা অভিনেতাজনৰ সম্পৰ্কীয় ভাতৃ নিৰজ কুমাৰ সিং ওৰফে বাবলুৱে । তেওঁ আৰক্ষীৰ তদন্তক "ত্ৰুটিপূৰ্ণ" বুলি উল্লেখ কৰি তেওঁ মৃত্যুৰ বিষয়টো এক যুক্তিপূৰ্ণ সিদ্ধান্তলৈ অনা হ'ব বুলি আশা ব্যক্ত কৰে (Sushant Singh Rajput death) ।

BJP MLA Comment on Sushant Singh Rajput death
প্ৰয়াত বলীউড অভিনেতা সুশান্ত সিং ৰাজপুত

নিউজ ডেস্ক, ৯ জানুৱাৰী : প্ৰয়াত বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ 'সত্য' পোহৰলৈ আহিব বুলি আশা ব্যক্ত কৰিছে তেওঁৰ সম্পৰ্কীয় ভাতৃ তথা বিহাৰৰ বিজেপি বিধায়ক নিৰজ কুমাৰ সিঙে (Bihar BJP MLA Niraj Kumar Bablu kin of Sushant) ৷ পূৰ্বৰ মহাৰাষ্ট্ৰ চৰকাৰখনৰ সত্যক বিচাৰি উলিওৱাত আন্তৰিক নাছিল বুলি মন্তব্য কৰিছে বিহাৰৰ চহৰচাৰ ছতাপুৰ সমষ্টিত গেৰুৱা দলটোক প্ৰতিনিধিত্ব কৰা নিৰজ কুমাৰ সিং ওৰফে বাবলুৱে (Bihar BJP MLA from Chhatapur Niraj Kumar) ।

"তেওঁলোকে সুশান্তৰ হত্যাৰ গোচৰৰ সৈতে সম্পৰ্কিত সকলোবোৰ গোপনে ৰাখিছিল (Uddhav Thackeray led govt botched up Sushant case) । সুশান্ত এজন প্ৰতিভাশালী অভিনেতা আৰু এজন সাহসী ব্যক্তি আছিল । সেয়েহে, তেওঁ আত্মহত্যা কৰাৰ কোনো প্ৰশ্নই উত্থাপিত নহয়," নিৰজে কয় । "সুশান্তৰ যথেষ্ট অনুৰাগী আছিল । তেওঁলোকে ন্যায়ৰ বাবে অপেক্ষা কৰি আছে ৷ বিজেপিৰ নেতৃত্বত মহাৰাষ্ট্ৰত গঠিত নতুন চৰকাৰ আৰু শিৱসেনাৰ সিন্দে গোটে এই বিষয়টোত পুনৰ আশাৰ সঞ্চাৰ কৰিছে । সকলোবোৰ চৰকাৰী নিৰ্দেশনা অনুসৰি কৰা হ'ব । এই ঘটনাক এই যুক্তিপূৰ্ণ সিদ্ধান্তলৈ অনা হ'ব," তেওঁ লগতে কয় ।

উল্লেখ্য যে, বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতক ২০২০ চনৰ ১৪ জুনত তেওঁৰ মুম্বাইস্থিত বাসগৃহত মৃত অৱস্থাত পোৱা গৈছিল (Actor Sushant Singh Rajput murder case) । মুম্বাই আৰক্ষীয়ে তেওঁ আত্মহত্যা কৰা বুলি ঘোষণা কৰাৰ পিছত সমগ্ৰ বিষয়টো বিতৰ্কৰ মাজত সোমাই পৰিছিল ৷ ইফালে সুশান্তৰ পৰিয়াল আৰু তেওঁৰ অনুৰাগীসকলে এই কথা মানি ল’ব খোজা নাছিল ৷ আনহাতে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো চমুকৈ চিবিআইয়ে গোচৰটোৰ তদন্ত অব্যাহত ৰাখিছে ।

বিধায়ক নিৰজ সিঙে মুম্বাই আৰক্ষীক সমালোচনা কৰিছিল আৰু তেওঁলোকৰ তদন্তক "ত্ৰুটিপূৰ্ণ" বুলি উল্লেখ কৰিছিল । গেংষ্টাৰ আৰু আণ্ডাৰৱৰ্ল্ড ডনে বিষয়টো গাপ দিবলৈ শীৰ্ষ স্তৰত হেঁচা প্ৰয়োগ কৰাৰো তেওঁ অভিযোগ কৰে((Niraj Kumar speaks about Sushant) ) ৷

আনহাতে সুশান্তৰ প্ৰাক্তন মেনেজাৰ দিশা ছালিয়ানৰ মৃত্যু সন্দৰ্ভত নিৰজে কয়, "দিশা ছালিয়ানৰ মৃত্যুৱে বলীউডৰ লগত ড্ৰাগছ ব্যৱসায়ী আৰু গেংষ্টাৰৰ মাজৰ সম্পৰ্কলৈ দৃষ্টি কঢ়িয়াইছে ৷ এতিয়া সময় আহি পৰিছে । মহাৰাষ্ট্ৰ নতুন চৰকাৰে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ প্ৰকৃত ৰহস্য পোহৰলৈ আনিবলৈ চিবিআই তদন্ত ঘোষণা কৰিছে । ই মানুহক আইনৰ ওপৰত বিশ্বাস ৰখাত সহায় কৰিব ।"

উল্লেখ্য যে, বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ মাত্ৰ এসপ্তাহ পূৰ্বে অৰ্থাৎ ২০২০ চনৰ ৮ জুনত মুম্বাইৰ মালাদ অঞ্চলৰ এটা সুউচ্চ অট্টালিকাৰ পৰা জঁপিয়াই ছালিয়ানে (২৮) আত্মহত্যা কৰিছিল ৷ মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে চলিত মাহৰ আৰম্ভণিত ছালিয়ানৰ মৃত্যুৰ তদন্তৰ বাবে এটা বিশেষ তদন্তকাৰী দল (এছআইটি) গঠন কৰাৰ কথা ৰাজ্যিক বিধানসভাত ঘোষণা কৰিছিল ৷

লগতে পঢ়ক : আৰএন কুপাৰ হাস্পতালৰ কৰ্মচাৰীৰ দাবী "সুশান্ত সিঙক হত্যা কৰা হৈছিল; হাস্পতাল কৰ্তৃপক্ষই সত্য লুকুৱাই ৰাখিছে"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.