ETV Bharat / bharat

আজি গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব ভূপেন্দ্ৰ পেটেলে

author img

By

Published : Sep 13, 2021, 12:20 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পুনৰবাৰ নিজৰ সিদ্ধান্তৰ দ্বাৰা সকলোকে আচৰিত কৰি তুলিছে ৷ গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে দলৰ শীৰ্ষ নেতৃত্বই ঘোষণা কৰিলে ভূপেন্দ্ৰ পেটেলৰ নাম ৷ আজি শপতগ্ৰহণ কৰি ভূপেন্দ্ৰ পেটেলে ৷

New Gujarat CM Bhupendra Patel to take oath on today
আজি গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব ভুপেন্দ্ৰ পেটেলে

নেশ্যনেল ডেস্ক, 13 ছেপ্তেম্বৰ : আজি গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব ভূপেন্দ্ৰ পেটেলে ৷ গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে ঘাটলোদিয়া সমষ্টিৰ বিধায়ক ভূপেন্দ্ৰ পেটেলক ৰাজ্যখনৰ 17 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিবলৈ গান্ধীনগৰস্থিত আৱাসলৈ আমন্ত্ৰণ জনায় ৷

দেওবাৰে গুজৰাট বিজেপিৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিচাপে ভূপেন্দ্ৰ পেটেলৰ নাম ঘোষণা হোৱাৰ পিছতে তেওঁ ৰাজ্যপালৰ সন্মুখত নতুন চৰকাৰ গঠনৰ দাবী ৰাখে ৷ তেওঁৰ দাবী স্বীকাৰ কৰিয়ে ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে পেটেলক শপতগ্ৰহণৰ বাবে আমন্ত্ৰণ জনায় ৷

কাৰ্যসূচী অনুসৰি, শপতগ্ৰহণ সমাৰোহ সোমবাৰে দুপৰীয়া 2.20 বজাত অনুষ্ঠিত হ’ব ৷ সোমবাৰে কেৱল মুখ্যমন্ত্ৰী হিচাপে ভূপেন্দ্ৰ পেটেলেহে শপত গ্ৰহণ কৰিব ৷ পৰৱৰ্তী দুই-এদিনৰ ভিতৰতে জ্যেষ্ঠ নেতাসকলৰ সৈতে আলোচনা কৰি সংশোধিত কেবিনেট গঠন কৰা হ’ব ৷

দেওবাৰে সাংবাদিকক সম্বোধন কৰি পেটেলে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ অধ্যক্ষ জে পি নাড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে মোৰ ওপৰত ভৰষা কৰাৰ বাবে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী আনন্দীবেন পেটেলৰ আশীৰ্বাদ সদায় মোৰ সৈতে আছে ৷ আমি নতুন ধৰণে আঁচনি ৰূপায়ণ কৰিম আৰু উন্নয়নমূলক কামসমূহ আগবঢ়াবলৈ সংগঠনৰ সৈতে আলোচনা কৰিম" ৷

উল্লেখ্য যে, শনিবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল বিজয় ৰূপানীয়ে ৷ ইয়াৰ পিছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ বাবে কেইবাগৰাকীও নেতাৰ নাম চৰ্চালৈ আহে যদিও দেওবাৰে দলটোৱে ভূপেন্দ্ৰ পেটেলৰ নাম গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে ৷

লগতে পঢ়ক : ভূপেন্দ্ৰ পেটেল গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.