ETV Bharat / bharat

Naxalite warned congress leader: ছত্তিশগড়ৰ পাঁচ কংগ্ৰেছ নেতাক হত্যাৰ ভাবুকি নক্সালবাদীৰ

author img

By

Published : Mar 24, 2023, 10:24 PM IST

Naxalite warned congress leader
ছত্তিশগড়ৰ পাঁচ কংগ্ৰেছ নেতাক হত্যাৰ ভাবুকি নক্সালবাদীৰ

ছত্তিশগড়ৰ নাৰায়ণপুৰ অঞ্চলৰ পাঁচ কংগ্ৰেছ নেতাক ভাবুকি প্ৰদান নক্সালবাদীৰ ৷ পাঁচ কংগ্ৰেছ নেতা পুঁজিপতি গোষ্ঠীৰ গুণ্ডা আখ্যা দিছে চিপিআই (মাওবাদী) নামৰ সংগঠনটোৱে (Naxalite threaten congress leader) ৷ শীঘ্ৰেই এই পাঁচ কংগ্ৰেছৰ নেতাই ক্ষমা নিবিচাৰিলে হত্যা কৰাৰ ভাবুকি দিছে নক্সালবাদী সংগঠনটোৱে ৷

নেশ্যনেল ডেস্ক, 24 মাৰ্চ: ছত্তিশগড়ৰ নাৰায়ণপুৰ অঞ্চলৰ পাঁচজন কংগ্ৰেছ নেতালৈ সাৱধানবাণী জাৰি কৰিছে চিপিআই (মাওবাদী) নামৰ সংগঠনটোৱে (CPI Maoist) ৷ নক্সাল প্ৰভাৱিত নাৰায়ণপুৰৰ (Naryanpur area of Chhattisgarh) কেইবাঠাইতো পাঁচ কংগ্ৰেছ নেতাৰ প’ষ্টাৰ লগাই ‘জনতা দৰবাৰ’ত ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে নক্সালবাদী সংগঠনটোৱে ৷

পাঁচজন কংগ্ৰেছ নেতাক পুঁজিপতি গোষ্ঠীৰ গুণ্ডা আখ্যা দি ক্ষমা খোজাৰ দাবী জনাইছে চিপিআই (মাওবাদী) নামৰ সংগঠনটোৱে ৷ এই পাঁচ কংগ্ৰেছ নেতা হ’ল বিচেল নাগ, লাহৰ সিং, অমিত ভদ্ৰ, কোদেনাৰ চৰপঞ্চ পেটেল ৷ আন এগৰাকী কংগ্ৰেছ নেতাৰ বৰ্তমানেও জানিব পৰা হোৱা নাই ৷ শীঘ্ৰেই এইসকল নেতাই ‘জনতা দৰবাৰ’ত ক্ষমা নুখুজিলে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও উল্লেখ কৰিছে মাওবাদী সংগঠনটোৱে (Naxalite threaten congress leader) ৷

ক্ষমা নুখুজিলে যিকোনো পৰিণামৰ বাবে সাজু থাকিব লাগিব বুলি ভাবুকি প্ৰদান কৰি বিজেপি নেতা সাগৰ চাহুৰ দৰে অৱস্থা হ’ব বুলি প্ৰদান কৰিছে সকীয়নি ৷ উল্লেখ্য যে, ফেব্ৰুৱাৰী মাহত সাগৰ চাহু নামৰ এজন বিজেপি নেতাক হত্যা কৰিছিল নক্সালবাদী সংগঠনটোৱে ৷ এই ভাবুকিৰ পাচতেই নাৰায়ণপুৰ অঞ্চলত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ সমান্তৰালভাৱে নক্সালবাদীৰ বিৰুদ্ধে চলাইছে তীব্ৰ অভিযান (Congress leader warned by Naxalite) ৷

উল্লেখ্য যে, দুদিন পূৰ্বে নাৰায়ণপুৰৰ আঞ্জৰেল অঞ্চলৰ খোগাঁও নামৰ গাঁওখনত নক্সালবাদীয়ে সংঘটিত কৰিছিল হিংসাত্মক ঘটনা ৷ বিস্ফোৰণ ঘটাই বল পূৰ্বকভাৱে কেইজনমান নক্সালদাবী গোটৰ সদস্যই পথ নিৰ্মাণৰ কাম বন্ধ কৰিছিল ৷ লগতে পথ নিৰ্মাণ কৰ্মী আৰু ঠিকাদাৰসকলকো পুনৰ নিৰ্মাণ কাৰ্যৰ আৰম্ভ কৰাৰ পৰা বিৰত থাকিবলৈ প্ৰদান কৰিছিল সকীয়নি ৷ কেইবাখনো পানীৰ টেংকাৰ আৰু অন্যান্য সঁজুলিত অগ্নি সংযোগ কৰিছিল ৷

উল্লেখ্য যে, চলিত বৰ্ষত ছত্তিশগড়ত কেইবাটাও কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিছে নক্সালবাদী গোটে ৷ 7 মাৰ্চত মাৰ্কাম নামৰ এজন লোকক নিজা বাসগৃহৰ পৰা উঠাই 8 মাৰ্চত চামেদা-ওড়িশা পথত ডিঙি কাটি হত্যা কৰিছিল ৷

লগতে পঢ়ক: Five Naxalites arrested : অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে ছত্তীশগড়ত মাওবাদী গ্ৰেপ্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.