ETV Bharat / bharat

ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণত বিএছএফ জোৱান শ্বহীদ

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 5:27 PM IST

BSF soldier martyred in IED blast
ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণত বিএছএফ জোৱান শ্বহীদ

ছত্তীশগড়ত পুনৰ সংঘটিত হৈছে মাওবাদীৰ আইইডি বিস্ফোৰণৰ ঘটনা । কাংকেৰত সংঘটিত এই বিস্ফোৰণত এজন বিএছএফ জোৱান শ্বহীদ হয় ।

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : ছত্তীশগড়ত নক্সালবাদীয়ে প্ৰতিদিনে কূটাঘাতমূলক ঘটনা সংঘটিত কৰি আহিছে । শেহতীয়াভাৱে সংঘটিত এই কূটাঘাতমূলক কাৰ্যত কেইবাজনো নিৰাপত্তাৰক্ষী শ্বহীদ হোৱাৰ লগতে বহুকেইজন আহত হয় । বৃহস্পতিবাৰে পুনৰ সংঘটিত হয় নক্সালবাদীৰ আক্ৰমণৰ ঘটনা । কাংকেৰত সংঘটিত এক আইইডি বিস্ফোৰণত এজন বিএছএফ জোৱান শ্বহীদ হয় ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে বুধবাৰে নাৰায়ণপুৰত মাওবাদীৰ গুলীচালনা আৰু আইইডি বিস্ফোৰণত এজন জোৱান নিহত হোৱাৰ উপৰি আন এজন আহত হৈছিল ।

প্ৰতাপপুৰৰ তেক্ৰাপাৰা পৰ্বতৰ ওচৰত সংঘটিত এই আইইডি বিস্ফোৰণৰ চিকাৰ হয় এজন বিএছএফ জোৱান । বিস্ফোৰণৰ ফলত জোৱানজন গুৰুতৰভাৱে আহত হয় । বিএছএফৰ নিয়মীয়া অভিযানৰ সময়ত এই ঘটনাটো সংঘটিত হয় । আহত বিএছএফ জোৱানজনক চিকিৎসাৰ বাবে পাখানজুৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় ।

তাতেই তেওঁক মৃত ঘোষণা কৰে । জানিব পৰা মতে, তেওঁ বিএছএফৰ ৪৭ নং বেটেলিয়নৰ আছিল । তেওঁৰ নাম হৈছে খিলেশ্বৰ ৰায় । ইতিমধ্যে সেনাবাহিনীয়ে অঞ্চলটোত ঘেৰাও কৰি অনুসন্ধান অভিযান আৰম্ভ কৰিছে । ইফালে কাংকেৰৰ এছপি দিব্যাং পেটেলে এই ঘটনাটো নিশ্চিত কৰিছে ।

উল্লেখ্য যে এদিন পূৰ্বে নাৰায়ণপুৰত মাওবাদীৰ আক্ৰমণত কমলেশ চাহু নামৰ জোৱানজন শ্বহীদ হৈছিল । কমলেশ চাহু ছত্তীশগড় সশস্ত্ৰ বাহিনীৰ এজন জোৱান আছিল । তেওঁ নাৰায়ণপুৰত নিযুক্ত আছিল । বুধবাৰে জোৱানসকলে নাৰায়ণপুৰৰ ছোটেডোংগাৰৰ আমদাই খনিত নিৰাপত্তা প্ৰদান কৰিবলৈ গৈছিল । উক্ত দলটোত আছিল কমলেশ চাহু ।

সেই সময়তে পুৱা ১১ বজাত নক্সালবাদীসকলে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰে । ইয়াৰ উপৰি আইইডি বিস্ফোৰণো ঘটে । এই ঘটনাত চিএএফ জোৱান কমলেশ চাহু শ্বহীদ হয় । আন এজন জোৱান বিনয় কুমাৰ আহত হয় । আহত জোৱানজন বালোদ জিলাৰ সোণপুৰৰ বাসিন্দা ।

উল্লেখ্য, নিৰ্বাচনী মাহটোত ৰাজ্যখনত ১১ টাকৈ নক্সালবাদীৰে জড়িত হিংসাত্মক ঘটনা সংঘটিত হয় । উক্ত সময়ছোৱাত তিনিটা এনকাউণ্টাৰ হয় । এজন জোৱানৰ মৃত্যু হোৱাৰ উপৰি ৫ জন গাঁওবাসীৰো মৃত্যু হয় । এতিয়ালৈকে এটা এ কে ৪৭, ১১ টা আইইডি আৰু এটা দেশীয় ৰকেট লঞ্চাৰ উদ্ধাৰ কৰা হৈছে ।

লগতে পঢ়ক :ঝান্সি চিকিৎসা মহাবিদ্যালয়ৰ আৱৰ্জনাৰ স্তূপত উদ্ধাৰ নৰমুণ্ড আৰু হাড়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.