ETV Bharat / bharat

Nagaland Election 2023: নাগালেণ্ড বিধানসভা নিৰ্বাচন, ১৩ লাখ ভোটাৰে নিৰ্ণয় কৰিব ১৮৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

author img

By

Published : Feb 27, 2023, 11:36 AM IST

Nagaland
Nagaland

পুৱা ৭ বজাৰ পৰা আৰম্ভ হয় চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু মেঘালয়ৰ ভোট যুদ্ধ । নাগালেণ্ডৰ মুঠ ১৩ লাখ ভোটাৰে সোমবাৰে ১৮৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব । আনহাতে, মেঘালয়ৰ ২১.৬১ লাখ ভোটাৰে ৩৬৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব (Nagaland and Meghalaya Election 2023) ।

যোৰহাট/তেজপুৰ, ২৭ ফেব্ৰুৱাৰী : সোমবাৰে মেঘালয়ৰ লগতে অনুষ্ঠিত হৈছে নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ভোটদান (Nagaland and Meghalaya Election 2023) । ৬০ বিধানসভা আসন বিশিষ্ট নাগালেণ্ড বিধানসভাৰ ভিতৰত ৫৯ টা সমষ্টিত এইবাৰৰ নিৰ্বাচনত ১৮৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব ১৩ লাখ নগা ভোটাৰে (Nagaland Assembly Election 2023) । সোমবাৰে পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছে । আনহাতে, ভোটদাতাসকল ভোটদানৰ বাবে স্বতঃস্ফূৰ্তভাৱে ওলাই অহা দেখা গৈছে । ইফালে প্ৰত্যেকটো ভোটগ্ৰহণ কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পুৱাৰ ভাগৰে পৰা ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে ভোটাৰ ৰাইজে ।

ভোটদাতাৰ দীঘলীয়া শাৰী
ভোটদাতাৰ দীঘলীয়া শাৰী

নিজৰ বহুমূলীয়া ভোটাধিকাৰ নিজ পছন্দৰ প্ৰাৰ্থীক প্ৰদান কৰিবলৈ অধিক তৎপৰ হৈ পৰিছে পাহাৰীয়া ৰাজ্যখনৰ ভোটাৰ ৰাইজ (Election Commission of India) ৷ শান্তিপূৰ্ণভাৱে পুৱাৰে পৰা ৰাজ্যখনৰ মুঠ ২,৩১৫ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ উল্লেখ্য, পাহাৰীয়া ৰাজ্য নাগালেণ্ডত এইবাৰ মুঠ ১৩ লাখ ১৬ হাজাৰ ৬৪ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব সৰ্বমুঠ ১৮৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ ইয়াৰে ভিতৰত মহিলা ভোটাৰ ৬,৫৬,১৪৩ গৰাকী আৰু পুৰুষ ভোটাৰৰ সংখ্যা ৬,৬১,৪৮৯ গৰাকী ।

সোমবাৰে ৰাজ্যখনৰ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত ৫৯ টা সমষ্টিত ভোটদান অনুষ্ঠিত হৈছে । নিৰ্বাচনৰ পূৰ্বে ৩১ নং অকুলুটু সমষ্টিত বিজেপিৰ প্ৰাৰ্থী কহেতু কিনিমিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰাত সমষ্টিটোত ভোটগ্ৰহণৰ প্ৰয়োজন নহ'ল ৷ উল্লেখ্য যে বিজেপি মিত্ৰজোঁটৰ দখলত থকা পাহৰীয়া ৰাজ্যখনত এইবাৰ বিজেপি দলৰ পৰা দুগৰাকী আৰু অন্য দলৰ পৰাও আন দুগৰাকী মহিলা প্ৰাৰ্থীয়ে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে (BJP NDPP alliance in Nagaland) ।

নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ পৰা নিৰীক্ষণ
নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ পৰা নিৰীক্ষণ

আনহাতে, পাহাৰীয়া ৰাজ্য নাগালেণ্ডৰ বিধানসভা নিবাচনত নেচনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টী (Nationalist Democratic Progressive Party) চমুকৈ এন ডি পি পি আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi), কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সৰ্বানন্দ সোণোৱাল, কিৰেণ ৰিজুজু আৰু নেডাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে (NEDA convener Himanta Biswa Sharma) । ইয়াৰ উপৰি কংগ্ৰেছৰ হৈ কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা ক্ৰমে জয়ৰাম ৰমেশ আৰু শশী থাৰুৰে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে । এইবাৰৰ নিবাৰ্চনত শাসকীয় এন ডি পি পি আৰু বিজেপি মিত্ৰজোঁটৰ লগত আঞ্চলিক দল এন পি এফৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি নিৰ্বাচনী বিশ্লেষকসকলে মন্তব্য প্ৰকাশ কৰিছে ।

নাগালেণ্ড হৈছে এখন খ্ৰীষ্টান সংখ্যাগৰিষ্ঠ ৰাজ্য । এইবাৰ নাগালেণ্ডত বিজেপিয়ে মুখ্যমন্ত্ৰী তথা প্ৰবীণ ৰাজনীতিবিদ নেফিউ ৰিঅ’ৰ নেতৃত্বত গঠিত আঞ্চলিক দল নেচনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টীৰ সৈতে নিৰ্বাচনৰ পূৰ্বৰ মিত্ৰতা অক্ষুণ্ণ ৰাখিছে । দশকজোৰা পুৰণি নগা সংঘাতৰ সমাধান বিচাৰি ২০১৭ চনত এন ডি পি পি গঠন কৰা হৈছিল । ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি আৰু এনডিপিপিয়ে 'সমাধানৰ বাবে নিৰ্বাচন'ক নিজৰ শ্লোগান হিচাপে লোৱাৰ লগে লগে ৬০ জনীয়া বিধানসভাত বিজেপিৰ সংখ্যা ১২ লৈ বৃদ্ধি পায় । ২০১৩ চনৰ নিৰ্বাচনত বিজেপিৰ মাত্ৰ ৫ জন সদস্যৰ সংখ্যা আছিল নাগালেণ্ডত । বিজেপিয়ে এইবাৰ ইতিমধ্যে ৰিঅ’ক মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ বিপৰীতে উপ-মুখ্যমন্ত্ৰী ৱাই পেটন আৰু দলটোৰ ৰাজ্যিক গোটৰ সভাপতি টেমজেন ইমনা আলঙে এই নিৰ্বাচনত বিজেপিৰ নেতৃত্ব দিছে ।

উল্লেখ্য যে নাগালেণ্ডৰ নিৰ্বাচনত এন পি এফে ২২, এন ডি পি এফে ৪০, বিজেপিয়ে ২০ আৰু কংগ্ৰেছ দলে ২৩ খন আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । আনহাতে, মেঘালয়ত বিজেপি আৰু কংগ্ৰেছে ৬০ টা সমষ্টিতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । ইয়াৰ উপৰি টি এম চিয়ে ৫৬ টা সমষ্টিত আৰু স্থানীয় এন পি পিয়ে ৫৭ টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা এইবাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহ ৱেব কেমেৰাৰ সৈতে সংযোগ স্থাপন কৰিছে আৰু সূক্ষ্ম সূক্ষ্ম দিশসমূহ পৰ্যবেক্ষণ কৰি আছে । দুয়োখন ৰাজ্যতে বৰ্তমানলৈকে শান্তিপূৰ্ণভাৱে নিৰ্বাচন চলি থকা বুলি মুখ্য নির্বাচন বিষয়াৰ কাৰ্যালয়ৰ পৰা জানিব পৰা গৈছে ।

লগতে পঢ়ক :Meghalaya Election 2023: মেঘালয়ত ঘণ্টাৰ পিছত ঘণ্টা খোজকাঢ়ি দুৰ্গম ভোটকেন্দ্ৰত উপস্থিত নিৰ্বাচনী বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.