ETV Bharat / bharat

Naga peace talk: নাগা পতাকা আৰু সংবিধান জনসাধাৰণৰ সাৰ্বভৌমত্বৰ অবিচ্ছেদ্য অংগ; মুইভা

author img

By

Published : Aug 15, 2023, 7:27 AM IST

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সোমবাৰে এন এছ চি এম আই এমৰ মুৰব্বী থুইংগালেং মুইভাই নগা শান্তি চুক্তিৰ কথা আওঁৰাই ৷ ভাৰত চৰকাৰক অতি সোনকালে নগা চুক্তি কাৰ্যকৰি কৰাৰ আহ্বান মুইভাৰ ৷

Naga peace talk
NAGA FLAG CONSTITUTION

নিউজ ডেস্ক, 15 আগষ্ট: পতাকা আৰু সংবিধানক সাৰ্বভৌমত্বৰ গঠনমূলক অংগ বুলি পুনৰ উল্লেখ কৰি নগালেণ্ডৰ নেচনেল চ’ছিয়েলিষ্ট কাউন্সিল চমুকৈ এন এছ চি এনৰ ইশ্বাক মুইভা গোটে সোমবাৰে ভাৰত চৰকাৰক অতি সোনকালে নগা চুক্তি কাৰ্যকৰি কৰাৰ আহ্বান জনায় ।

"এটা জনগোষ্ঠীৰ সাৰ্বভৌমত্বৰ হেতু পতাকা আৰু সংবিধান স্বাভাৱিকতে অবিচ্ছেদ্য অংগ । পতাকা আৰু সংবিধান সাৰ্বভৌমত্বৰ গঠনমূলক অংগ কিয়নো পতাকা আৰু সংবিধান সাৰ্বজনীনভাৱে গ্ৰহণ কৰা সত্য । ইয়াৰ ওপৰত কোনো অস্পষ্টতা নাই । ভাৰতীয় নেতাসকলেও বুজি পায় । সঁচা কথা ক’বলৈ তেওঁলোকেও স্থিতি ল'ব লাগিব ৷’’ ৭৭ সংখ্যক নগা স্বাধীনতা দিৱস উদযাপনৰ পৰিপ্ৰেক্ষিতত এইদৰে কয় এন এছ চি এম-আই এমৰ মুৰব্বী থুইংগালেং মুইভাই ।

দশক দশক ধৰি চলি অহা নগা বিদ্ৰোহৰ অন্ত পেলাবলৈ ২০১৫ চনত এন এছ চি এন-আই এম আৰু কেন্দ্ৰীয় চৰকাৰে কাঠামোগত চুক্তি স্বাক্ষৰ কৰিছিল যদিও নগা গোটটোৱে সুকীয়া পতাকা আৰু সংবিধানৰ দাবী তুলি চুক্তি স্বাক্ষৰ কৰাৰ পূৰ্বে উজুটি খাইছিল ।

মুইভাই কয় যে সকলো নগা অঞ্চলৰ একত্ৰীকৰণৰ বিষয়ত ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে স্বীকাৰ কৰিছে যে ই নগাসকলৰ বৈধ অধিকাৰ ৷ সেয়েহে, সেই অনুসৰি ইয়াক চূড়ান্ত কৰা হ’ব । ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এন এছ চি এন-আই এমৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল আৰু আশ্বাস মণিপুৰৰ অৰুণাচল প্ৰদেশৰ সকলো নগা প্ৰধান অঞ্চলক বৃহত্তৰ নাগালিমত একত্ৰিত কৰা হ’ব ৷ যিটো বিষয়ক লৈ পিছত মণিপুৰত ব্যাপক প্ৰতিবাদ হোৱাত ই তল পৰি ৰয় ৷

মুইভাই কয় যে, নগা জাতীয় প্ৰতিৰোধ আন্দোলন হৈছে নগা আৰু তেওঁলোকৰ ভূমিৰ অন্তৰ্নিহিত সাৰ্বভৌম অধিকাৰ ৰক্ষা কৰা । "১৮ বছৰ দীঘলীয়া ৰাজনৈতিক আলোচনাৰ অন্তত অৱশেষত ভাৰত চৰকাৰ আৰু এন এছ চি এনে দুয়োটা সত্তাৰ সহাৱস্থানৰ স্বীকৃতিৰ ভিত্তিত ২০১৫ চনৰ ৩ আগষ্টত ঐতিহাসিক কাঠামো চুক্তিত স্বাক্ষৰ কৰে । এয়া পাৰস্পৰিকভাৱে সহমতত উপনীত হোৱা চৰকাৰী নথি ।" মুইভাই লগতে কয় ।

উল্লেখযোগ্য যে সুকীয়া পতাকা আৰু সংবিধানৰ বিষয়টোক লৈ ভাৰত চৰকাৰ আৰু এন এছ চি এন-আই এমৰ মাজত আলোচনা এতিয়াও চলি আছে৷

লগতে পঢ়ক: 77th Independence Day: ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা মণিপুৰৰ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.