ETV Bharat / bharat

হৃদক্ৰিয়া বন্ধ হৈ নাফিছ বিৰিয়ানীৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 4:40 PM IST

Nafees Biryani dies of cardiac arrest
হৃদক্ৰিয়া বন্ধ হৈ নাফিছ বিৰিয়ানীৰ মৃত্যু

Nafees Biryani dies of cardiac arrest: বিগত 9 মাহ ধৰি চোৰ-পুচিল খেলি থকাৰ পিচত সোমবাৰে হৃদক্ৰিয়া বন্ধ হৈ প্ৰাণ হেৰুৱাই নাফিছ বিৰিয়ানীয়ে ৷ কিন্তু কিয় বিখ্যাত এই নাফিছ বিৰিয়ানী ? পঢ়ক সবিশেষ...

নেশ্যনেল ডেস্ক, 18 ডিচেম্বৰ : অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে সততে সংবাদমাধ্যমৰ শিৰোনাম দখল কৰি অহা নাফিছ বিৰিয়ানীয়ে ৷ সোমবাৰে স্বৰূপ ৰাণী নেহৰু চিকিৎসালয়ত হৃদক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যুক আকোঁৱালি লয় নাফিছ বিৰিয়ানীয়ে ৷ দেওবাৰে নিশা উশাহ নিশাহ লোৱাত অসুবিধা হোৱা আৰু বুকুৰ বিষ হোৱাৰ ফলত তেওঁক কাৰাগাৰৰ ভিতৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তাতে নাফিছৰ পৰিস্থিতি অধিক অৱনতি হোৱাত তেওঁক স্বৰূপ ৰাণী নেহৰু চিকিৎসালয়লৈ (এছআৰএন) প্ৰেৰণ কৰা হয় । অৱশেষত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বিৰিয়ানীয়ে ।

শেহতীয়াকৈ এই বিৰিয়ানীৰ বিৰুদ্ধে প্ৰয়াগৰাজ আৰক্ষীয়ে 50,000 টকা পুৰষ্কাৰ হিচাপেও ঘোষণা কৰে ৷ যোনে এই বিৰিয়ানীৰ বিষয়ে সম্ভেদ দিব পাৰে তেওঁৱেই লাভ কৰিব 50 হাজাৰ টকা ৷

যোৱা 9 মাহ ধৰি আৰক্ষীৰ চকুত ধূলি ছটিয়াই পলায়ন কৰি আছিল বিৰায়ানীয়ে ৷ অৱশেষত যোৱা 24 নৱেম্বৰত আৰক্ষীৰ সৈতে সংঘৰ্ষত বাওঁভৰিত গুলীবিদ্ধ হৈছিল বিৰিয়ানী ৷ তাৰ পিচতে বিৰিয়ানীক এছআৰএন চিকিৎসালয়ত প্ৰাৰম্ভিক চিকিৎসা পৰ্দানৰ পিচতেই 9 ডিচেম্বৰত কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ৷

কিয় বিখ্যাত নাফিছ বিৰিয়ানী ?

উমেশ পাল হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত আতি আহমেদৰ গেঙৰ ঘনিষ্ঠ আছিল নাফিছ বিৰিয়ানী ৷ এই হত্যাকাণ্ডৰ সময়ত শ্বুটাৰকেইটাই ব্যৱহাৰ কৰা বগা ক্ৰেটা বাহনখন চহৰখনৰ বিখ্যাত বিৰিয়ানী দোকানৰ গৰাকী নাফিছ বিৰিয়ানীৰ আছিল বুলি জানিব পৰা গৈছিল ৷ অভিযোগ অনুসৰি, আতিক দলৰ এজন ঘনিষ্ঠ সহযোগী নাফিছে চতুৰতাৰে আন এজন আত্মীয়ৰ নামত থকা বাহনখন শ্বুটাৰক দিছিল ৷ ফলত শ্বুটাৰে এই ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলাই গৈছিল ৷

আতিক গেঙৰ বিশেষ খ্যাত নাফিছে চিভিল লাইনছত এখন সৰু দোকান খুলি বিৰিয়ানীৰ ব্যৱসায় আৰম্ভ কৰিছিল ৷ ইয়াৰ পিচত, নাফিছৰ বিৰিয়ানী ক্ৰমান্বয়ে বিখ্যাত হৈ পৰিছিল ৷ তাৰ পিচতে আতিক গেঙে দখল কৰা ভূমিত এটা বিৰিয়ানী কাৰখানা নিৰ্মাণ কৰা হয় ৷ য’ত বিৰিয়ানী প্ৰস্তুত কৰা হৈছিল আৰু বিভিন্ন দোকানত বিৰিয়ানী বিক্ৰী কৰিবলৈ আৰম্ভ কৰা হৈছিল ৷

মাফিয়া দলটোৰ সৈতে বিৰিয়ানী বিক্ৰেতাৰ ঘনিষ্ঠ সম্পৰ্ক আৰু বিৰিয়ানীৰ জনপ্ৰিয়তাৰ বাবে, নাছিফ বিৰিয়ানীৱালা হিচাপে খ্যাত হৈছিল ৷

আৰক্ষীৰ সৈতে মুখামুখি সংঘৰ্ষ :

যোৱা 22 নৱেম্বৰত নৱাবগঞ্জ চুবুৰীয়া অঞ্চলত হোৱা বিবাদৰ পিচত আৰক্ষীয়ে নাফিছক আটক কৰে।

লগতে পঢ়ক: প্ৰসংগ : আতিক আহমেদৰ হত্যাকাণ্ড; পলাতক নাফিছ বিৰিয়ানীৱালাৰ বিৰুদ্ধে 50 হাজাৰ টকাৰ পুৰষ্কাৰ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.