ETV Bharat / bharat

Durga Puja Celebration : কটকত ভাতৃত্ববোধৰ উৎকৃষ্ট নিদৰ্শন; পূজাৰ মণ্ডপ সজোৱাত ব্যস্ত মুছলমান পৰিয়াল

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 6:19 PM IST

কটকত হিন্দু আৰু মুছলমান উভয়েই দুৰ্গা পূজা বা দশেৰা উদযাপন কৰে । 'সোণালী মেধা' আৰু 'চান্দি মেধা'ৰ বিপৰীতে 'জৰী মেধা'ৰ এক বিশেষত্ব আছে, যিটো কটকৰ জাহিৰ খানৰ পৰিয়ালে নিৰ্মাণ কৰিছে । জাহিৰ খান 'জৰী মেধা' নিৰ্মাণত তেওঁৰ সুদক্ষ হাতৰ বাবে জনাজাত ।

দুৰ্গা মণ্ডপ সজোৱাত ব্যস্ত মুছলমান পৰিয়াল
Durga Puja Celebration

কটকৰ মুছলিম কাৰুশিল্পী ব্যস্ত দুৰ্গাপূজাৰ মণ্ডপৰ কামত

নিউজ ডেস্ক, ১৩ অক্টোবৰ : 'ছিলভাৰ চিটি' হিচাপে খ্যাত কটকত এতিয়া সীমাহীন ব্যস্ততা । কিয়নো দুৰ্গাপূজা সমাগত । দুৰ্গাপূজা তথা দশেৰাৰ বাবে মাজত মাথোঁ কেইটামান দিন বাকী । সমগ্ৰ দেশ এতিয়া ব্যস্ত হৈ পৰিছে দুৰ্গাপূজাৰ প্ৰস্তুতিক লৈ । সুদৃশ্য দুৰ্গা প্ৰতিমাৰ পৰা আৰম্ভ কৰি চকুতলগা পূজা মণ্ডপ, কাৰিকৰী চমক, আলোকসজ্জা তথা পূজা মণ্ডপবোৰ আকৰ্ষণীয় ডিজাইনেৰে সজাই-পৰাই তুলিবলৈ ব্যস্ত হৈ পৰিছে পূজা আয়োজক সমিতি তথা বিভিন্ন শিল্পী-কাৰিকৰ । ব্যতিক্ৰম নহয় ওড়িশাৰ কটক চহৰো । চহৰখন যেন দুৰ্গাপূজাৰ বাবে এতিয়া ন-সাজেৰে সাজু হ'বলৈ আগবাঢ়িছে । সকলো মণ্ডপতে পূজাৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে । উল্লেখ্য যে কটক চহৰখন দুগাপূজাৰ সজ্জাৰ বাবে অতি বিখ্যাত । মণ্ডপবোৰ সোণ আৰু ৰূপৰ অলংকাৰেৰে জিলিকি উঠিব ।

সমগ্ৰ ৰাজ্যৰ ভক্তসকল বিখ্যাত দশেৰা চাবলৈ চহৰখনলৈ ঢপলিয়াই আহে । উৎসৱৰ আনন্দত মতলীয়া হোৱাৰ সমান্তৰালভাৱে দেৱীৰ প্ৰতি তেওঁলোকৰ ভক্তিও প্ৰদান কৰে । যাৰ বাবে কটকৰ পূজা সমিতিয়ে এই বছৰ সুন্দৰ 'মেধা' (দুৰ্গাপূজা পেণ্ডেলবোৰক আকৰ্ষণীয় কৰি তুলিব পৰা আলংকাৰিক সামগ্ৰী) প্ৰস্তুত কৰি আছে । মেধা হৈছে ভক্তসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু । কিন্তু তাৰ মাজতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এই 'চান্দি মেধা', 'সোণালী মেধা' বা 'জৰী মেধা' কিছুমান মুছলমান পৰিয়ালৰ দ্বাৰাও প্ৰস্তুত কৰা হয় । সেইকাৰণেই কটকক ভাতৃত্ববোধৰ চহৰ বুলিও কোৱা হয় ।

উল্লেখ্য যে কটকত হিন্দু আৰু মুছলমান উভয়েই দুৰ্গা পূজা বা দশেৰা উদযাপন কৰে । 'সোণালী মেধা' আৰু 'চান্দি মেধা'ৰ বিপৰীতে 'জৰী মেধা'ৰ এক বিশেষত্ব আছে, যিটো কটকৰ জাহিৰ খানৰ পৰিয়ালে নিৰ্মাণ কৰিছে । জাহিৰ খান 'জৰী মেধা' নিৰ্মাণত তেওঁৰ সুদক্ষ হাতৰ বাবে জনাজাত । মহিলা আৰু শিশুসকলেও শিল্পীজনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে, যিয়ে উৎসৱৰ বতৰৰ চাৰি মাহত তেওঁলোকৰ বাৰ্ষিক উপাৰ্জন বৃদ্ধি কৰিছে ।

কেৱল ওড়িশাতে নহয়, 'জৰী মেধা'ৰ অন্য ৰাজ্যতো যথেষ্ট চাহিদা আছে । জাহিৰ খানৰ পৰিয়ালে বিগত তিনি প্ৰজন্মৰ পৰা এই কাম কৰি আহিছে । জাহিৰে নিজেই বিগত ২০ বছৰৰ পৰা 'জৰী মেধা' প্ৰস্তুত কৰি আহিছে । বুলিয়ান কলাসমূহৰ এক সুন্দৰ কাৰুশিল্প তেওঁৰ এই কাৰুশিল্পত দেখা যায় । এই বছৰ জাহিৰে 'জৰী মেধা'ৰ বাবে ২০ টামান অৰ্ডাৰ লাভ কৰিছে ।

কটকত দুৰ্গাপূজাৰ সময়ত জাহিৰ খানৰ দৰে মুছলমান পৰিয়ালবোৰৰ এক গুৰুত্বপূৰ্ণ অৱদান আছে । এইটোৱে কটকত ভাতৃত্ববোধৰ এক অনন্য উদাহৰণ স্থাপন কৰিছে । এই মেধা নিৰ্মাণৰ কাম চাৰি মাহ পূৰ্বৰ পৰা দুৰ্গাপূজালৈ চলে । বাঁহ, কাগজ, জিংক আৰু মমবাতি আৰু ভেলভেট 'মেধা' নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে ।

মেধা তৈয়াৰ কৰাৰ বাবে চুৰাট, দিল্লী আৰু কলকাতাৰ বজাৰৰ পৰা কেঁচামাল আমদানি কৰা হয় । এটা মেধাৰ মূল্য প্ৰায় ২০ হাজাৰ টকা । আনহাতে, ইয়াৰ লগত জড়িত মুছলমান পৰিয়ালবোৰে প্ৰকাশ কৰিছে যে তেওঁলোকে দুৰ্গা মাৰ বাবে মেধা নিৰ্মাণ কৰি সুখী অনুভৱ কৰিছে ।

লগতে পঢ়ক :Mahalaya 2023 : ধৰাৰ বুকুলৈ দেৱীৰ আগমন; ৰাজ্যজুৰি মহালয়াৰ ব্যাপক প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.