ETV Bharat / bharat

এম এছ ধোনীক কেইবা কোটি টকাৰ প্ৰৱঞ্চনা

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 5:57 PM IST

Dhoni cheated
এম এছ ধোনীক কেইবা কোটি টকাৰ প্ৰৱঞ্চনা

MS Dhoni cheated: ঘনিষ্ঠ বন্ধু তথা প্ৰাক্তন ব্যৱসায়িক অংশীদাৰ মিহিৰ দিবাকৰে ধোনীক প্ৰায় ১৫ কোটি টকাৰ প্ৰৱঞ্চনা কৰিলে । ৰাঁচী আদালতত আৰ্কা স্পৰ্টছ এণ্ড মেনেজমেণ্ট লিমিটেডৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ধোনীৰ । পূৰ্বে কেইবাবাৰো জাননী প্ৰেৰণ কৰিছিল ধোনীয়ে ।

স্পৰ্টছ ডেস্ক,৫ জানুৱাৰী : ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীক কোটি কোটি টকাৰ প্ৰতাৰণা । ঘনিষ্ঠ বন্ধু তথা প্ৰাক্তন ব্যৱসায়িক অংশীদাৰ মিহিৰ দিবাকৰে ধোনীক এই প্ৰৱঞ্চনা কৰাৰ অভিযোগ উঠিছে । এম এছ ধোনীয়ে ৰাঁচী আদালতত আৰ্কা স্পৰ্টছ এণ্ড মেনেজমেণ্ট লিমিটেডৰ মিহিৰ দিবাকৰ আৰু সৌম্য বিশ্বাসৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিছে । ধোনীয়ে প্ৰাক্তন ব্যৱসায়িক অংশীদাৰজনক ১৫ কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

সূত্ৰ মতে দিবাকৰে ২০১৭ চনত ধোনীৰ সৈতে বিশ্বমানৰ ক্ৰিকেট একাডেমী নিৰ্মাণৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিছিল । যাৰ বাবে কিছুমান চৰ্তাৱলী আৰু নিয়মাৱলীও প্ৰস্তুত কৰা হৈছিল। অৱশ্যে, মিহিৰে এই চৰ্তবোৰ অনুসৰণ কৰা নাছিল আৰু লাভৰ অংশৰ বিষয়েও সদৰী কৰা নাছিল । জানিব পৰা মতে ধোনীয়ে ইয়াৰ বাবে ১৫ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে ।

গোচৰটো দাখিল কৰাৰ পূৰ্বে চৰ্তাৱলী পালন নকৰাৰ বাবে ধোনীয়ে ২০২১ চনৰ ১৫ আগষ্টত আৰ্কা স্পৰ্টছলৈ জাননীও প্ৰেৰণ কৰিছিল । পিচত আৰ্কা স্পৰ্টছক দিয়া অধিকাৰ বাতিল কৰা হৈছিল । ধোনীয়ে ব্যৱসায়িক অংশীদাৰৰ বিৰুদ্ধে কেইবাটাও জাননী প্ৰেৰণ কৰিছিল, কিন্তু তথাপিও কোনো লাভ হোৱা নাছিল । যাৰ বাবে ধোনীয়ে কোটি কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল ।

উল্লেখ্য যে তাৰকা ক্ৰিকেটাৰসকলৰ সৈতে এনেধৰণৰ প্ৰতাৰণাৰ ঘটনা নতুন নহয় । শেহতীয়াকৈ, উইকেটকীপাৰ বেটছমেন ঋষভ পন্তৰ সৈতেও কোটি কোটি টকাৰ প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ আহিছে । মৃণাল সিং নামৰ এগৰাকী লোকে ২০২০-২১ বৰ্ষত পন্তক বিলাসী ঘড়ীৰ প্ৰলোভন দি ১.৬৩ কোটি টকাৰ প্ৰতাৰণা কৰিছিল । অভিযুক্তজনক আৰক্ষীয়ে যোৱা বছৰ ২৫ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক :টি-২০ দললৈ উভতি অহাৰ সম্পূৰ্ণ সম্ভাৱনা ৰোহিত-বিৰাটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.