ETV Bharat / bharat

আই পি এলৰ ফিক্সিং কেলেংকাৰী উদঙাই দিয়া আই পি এছ বিষয়া সম্পথ কুমাৰক ১৫ দিনৰ কাৰাদণ্ড

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 9:21 PM IST

MS Dhoni contempt plea
MS Dhoni contempt plea

IPL betting scam: ভাৰতীয় আৰক্ষী সেৱাৰ এজন বিষয়া জি সম্পথ কুমাৰৰ বিৰুদ্ধে ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীয়ে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ সন্দৰ্ভত কুৎসিত মন্তব্য কৰা বুলি দাখিল কৰা অভিযোগৰ ভিত্তিত তেওঁক ১৫ দিনৰ কাৰাদণ্ড বিহে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ৷

নিউজ ডেস্ক, ১৫ ডিচেম্বৰ: মাদ্ৰাজ উচ্চ ন্যায়ালয়ে শুকুৰবাৰে ভাৰতীয় আৰক্ষী সেৱাৰ (আই পি এছ) বিষয়া জি সম্পাথ কুমাৰৰ বিৰুদ্ধে ক্ৰিকেটাৰে দাখিল কৰা আদালতৰ আবেদনৰ অপৰাধমূলক অৱমাননাৰ গোচৰৰ ভিত্তিত ১৫ দিনৰ কাৰাদণ্ড বিহে ৷ মহেন্দ্ৰ সিং ধোনীয়ে সম্পাথৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ বিৰুদ্ধে কুৎসিত মন্তব্য কৰাৰ অভিযোগ দাখিল কৰিছিল

ইয়াৰ পূৰ্বে ন্যায়াধীশ পি এন প্ৰকাশ আৰু আৰ এম টি তীকা ৰমনে বিষয়াজনক জাননী দিয়াৰ নিৰ্দেশ দি তেওঁৰ স্পষ্টীকৰণ দাখিল কৰিবলৈ আদালতত হাজিৰ হ’বলৈ কয় । কুমাৰে ২০১৪ চনত ক্ৰিকেটাৰগৰাকীয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) পণ কেলেংকাৰীত নাম উল্লেখ কৰাৰ বাবে ৰুজু কৰা ১০০ কোটি টকাৰ মানহানিৰ গোচৰৰ লিখিত উত্তৰত এই মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছিল ।

আই পি এছ বিষয়াজনৰ বিৰুদ্ধে আদালত অৱমাননাৰ অপৰাধমূলক আবেদন দাখিল কৰাৰ বাবে বাধ্যতামূলক সন্মতি প্ৰদান কৰে এডভোকেট জেনেৰেল আৰ শুনমুগাসুন্দৰামে । যোৱা ৭ জুলাইত আই পি এছ বিষয়াগৰাকীয়ে নিজৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ এডভোকেট জেনেৰেলক বিচাৰিছিল যদিও সেই সিদ্ধান্ত নাকচ কৰা হৈছিল । কুমাৰৰ এই আবেদনৰ বিৰুদ্ধে বিতং আদেশ জাৰি কৰা হয় ।

১৯৭১ চনৰ আদালত অৱমাননা আইনখনে চৰকাৰী সেৱাত থকাসকলৰ বিৰুদ্ধে এনে অপৰাধমূলক অৱজ্ঞাৰ আবেদন দাখিল কৰাৰ বাবে এডভোকেট জেনেৰেলৰ পৰা সন্মতি লোৱাটো বাধ্যতামূলক কৰা হৈছে ।

২০১৪ চনত সম্পথ কুমাৰক আই পি এলৰ পণ কেলেংকাৰীৰ গোচৰত অভিযুক্ত এজন বুকিৰ পৰা উৎকোচ লোৱাৰ অভিযোগত নিলম্বন কৰা হৈছিল ৷ যিটো গোচৰ তেওঁ উন্মোচন কৰিছিল । পিছত এই অভিযোগৰ তদন্তত তেওঁক ক্লীন চিট দিয়া হয়, যাৰ ফলত তেওঁক পুনৰ সেৱাত নিযুক্তি দিয়া হয় ।

১৯৯৭ চনৰ বেটচৰ বিষয়াগৰাকীয়ে তামিলনাডু আৰক্ষীৰ Q শাখা(আভ্যন্তৰীণ নিৰাপত্তা)ত আৰক্ষী অধীক্ষক হিচাপে কাম কৰি থকাৰ সময়তে ২০১৩ চনত পণ কেলেংকাৰীৰ কথা উন্মোচন কৰিছিল । কুমাৰৰ তদন্তই খেলত চলি অহা জুৱা, ফিক্সিং আৰু ঠগবাজিত অভিযুক্ত লোকসকলৰ লগতে আন কেইবাটাও ডাঙৰ নাম চৰ্চালৈ আনে ।

আই পি এলৰ স্পট ফিক্সিং কেলেংকাৰী সন্দৰ্ভত মুডগাল কমিটীৰ সন্মুখত পদচ্যুত হোৱা সম্পথ কুমাৰে তদন্তৰ আহ্বান জনায় । তেওঁ বিচাৰিছিল যে সমগ্ৰ গোচৰটো এটা সংস্থাই চম্ভালিব লাগে, যেনে ৰাষ্ট্ৰীয় তদন্ত সংস্থা (এন আই এ)। তেওঁ দাবী কৰে যে ৰাজ্যসমূহৰ পৰা কেইবাটাও স্বতন্ত্ৰ ইউনিটে আই পি এল খেলৰ সৈতে জড়িত একাধিক গোচৰ চম্ভালি আছে । তেওঁ পেনেলক জনাইছিল যে প্ৰক্ৰিয়াটোৰ বিক্ষিপ্ত প্ৰকৃতিৰ বাবে ফিক্সিং চাৰ্জৰ সঠিক তদন্ত কৰা হোৱা নাই ।

লগতে পঢ়ক: আই পি এল 2024 ৰ বাবে হাৰ্দিক পাণ্ডিয়াক মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.