ETV Bharat / bharat

INDIA MPs to visit Manipur : ২৯ জুলাইত মণিপুৰলৈ যাব ইণ্ডিয়াৰ সংসদীয় দল

author img

By

Published : Jul 27, 2023, 3:51 PM IST

বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ সাংসদসকলে সপ্তাহান্তত জাতিগত সংঘৰ্ষত ক্ষতিগ্ৰস্ত মণিপুৰ ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ ল'ব ।

INDIA MPs to visit Manipur
INDIA MPs to visit Manipur

নিউজ ডেস্ক, ২৭ জুলাই : বিৰোধী দলসমূহৰ মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ সাংসদসকলে মণিপুৰ ভ্ৰমণৰ দিন ঠিক কৰিছে । অহা ২৯ আৰু ৩০ জুলাইত দুদিনৰ বাবে সংঘৰ্ষজৰ্জৰিত মণিপুৰ ভ্ৰমণ কৰাৰ সিদ্ধান্ত লৈছে । ৰাজ্যখনলৈ গৈ বিৰোধী মিত্ৰজোঁটৰ সাংসদসকলে জাতিগত সংঘৰ্ষৰ ভুক্তভোগীসকলৰ লগতে সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰা লোকসকলক লগ কৰিব । দলটোৱে লগতে ৰাজ্যপাল অনুসূয়া উইকীকো সাক্ষাৎ কৰিব ।

মণিপুৰৰ পৰিস্থিতিৰ প্ৰতি বিভিন্ন ৰাজনৈতিক দলৰ সামূহিক উদ্বেগ আৰু সংহতি প্ৰদৰ্শন কৰাৰ প্ৰচেষ্টাৰে বিৰোধী ঐক্য ইণ্ডিয়াই ২৯ আৰু ৩০ জুলাইত মণিপুৰ ভ্ৰমণ কৰিব । এই ভ্ৰমণৰ উদ্দেশ্য হৈছে হিংসাগ্ৰস্ত ৰাজ্যখনৰ পৰিস্থিতি মূল্যাঙ্কন কৰা আৰু শেহতীয়া জাতিগত সংঘৰ্ষৰ ভুক্তভোগীসকলক সমৰ্থন প্ৰদান কৰা । ভ্ৰমণৰ সময়ছোৱাত প্ৰতিনিধি দলটোৱে সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰিব আৰু তাত থকা শৰণাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰিব । এই অস্থিৰতাৰ বাবে প্ৰভাৱিত লোকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰৰ বিষয়েও বুজ ল'ব ।

বিৰোধী মিত্ৰজোঁটে মণিপুৰলৈ যাবলগা এটা প্ৰতিনিধি দল গঠন কৰিছে । ইয়াত ২৬ টা ৰাজনৈতিক দলৰ প্ৰতিটোৰে এজনকৈ প্ৰতিনিধি থাকিব । এই পদক্ষেপৰ কথা প্ৰথমতে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰস্তাৱ কৰিছিল ।

মমতাই কৈছিল যে বিষয়টোত সহমত গঢ়ি তুলিবলৈ বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে আলোচনা কৰাৰ এয়া এক উদ্দেশ্য । তেওঁৰ আহ্বানৰ পিছত বিৰোধী মিত্ৰজোঁটে সংসদীয় অধিবেশনৰ সময়ত এক তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰে । লগতে মণিপুৰত চলি থকা ভয়ংকৰ পৰিস্থিতিৰ মোকাবিলা কৰাৰ তাৎক্ষণিক পদক্ষেপৰ ওপৰত আলোকপাত কৰে ।

আনহাতে, পৰিস্থিতিৰ গুৰুত্বৰ পৰিপ্ৰেক্ষিতত বিৰোধী দলবোৰে পোনপটীয়াকৈ মণিপুৰ ভ্ৰমণ কৰিবলৈ এক সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে ।

এই ভ্ৰমণে প্ৰতিনিধি দলটোক স্থানীয় কৰ্তৃপক্ষৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে সংকট সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সঁহাৰি মূল্যায়ন কৰাৰো সুযোগ প্ৰদান কৰিব বুলি কোৱা হৈছে । আনহাতে, ইয়াৰ দ্বাৰা বিৰোধী মিত্ৰজোঁট আৰু মণিপুৰৰ জনসাধাৰণ, দুয়োৰে বাবে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে ।

মণিপুৰ ভ্ৰমণ সন্দৰ্ভত বিৰোধী মিত্ৰজোঁটে কৈছে, ই কেৱল গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ ক্ষেত্ৰত বিভিন্ন ৰাজনৈতিক দলৰ মাজত একতা প্ৰদৰ্শন কৰাই নহয়, শান্তি ৰক্ষাৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিও প্ৰদৰ্শন কৰে আৰু অঞ্চলটোত শান্তি-শৃংখলা অটুট ৰখা বিষয়টোত কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰদানৰো এক প্ৰয়াস হিচাপে লোৱা হৈছে ।

উল্লেখ্য যে বিৰোধীয়ে মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ নিৰন্তৰ দাবী কৰি আহিছে । তেওঁলোকৰ মণিপুৰ ভ্ৰমণে মণিপুৰক ৰাষ্ট্ৰীয় মঞ্চলৈ লৈ যোৱাৰ উদ্দেশ্য অধিক শক্তিশালী কৰিব বুলিও আশা কৰা হৈছে ।

লগতে পঢ়ক :No confidence motion: সদনত ক’লা সাজ পৰিধান কৰিব বিৰোধী মিত্ৰজোঁটৰ বিধায়কে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.