ETV Bharat / bharat

Girl Child Fell in Borewell : ৩০০ ফুট গভীৰ গাঁতত সোমাল আঢ়ৈ বছৰীয়া, উদ্ধাৰ অভিযানত সেনা

author img

By

Published : Jun 7, 2023, 5:43 PM IST

Updated : Jun 7, 2023, 7:10 PM IST

Girl Child Fell in Borewell
Girl Child Fell in Borewell

মধ্য প্ৰদেশৰ চেহোৰ জিলাত এটি শিশুকন্যা ৩০০ ফুট গভীৰ গাঁতত পৰাৰ প্ৰায় ২৪ ঘণ্টা উকলি গৈছে । এনডিআৰএফ আৰু এছডিআৰএফ দল উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে । বৰ্তমান উদ্ধাৰ অভিযানৰ বাবে সেনাক মাতি অনা হৈছে । উদ্ধাৰৰ সময়ত হোৱা মেচিনৰ কম্পনৰ বাবে ৪০ ফুট গভীৰতাত আবদ্ধ হৈ থকা শিশুটি ১০০ ফুট গভীৰলৈ পিছলি যায় (Girl Child Fell in Borewell in Madhya Pradesh) ।

নিউজ ডেস্ক, ৭ জুন : মধ্যপ্ৰদেশৰ চেহোৰ জিলাৰ এখন গাঁৱত ৩০০ ফুট গভীৰ গাঁতত পৰে এগৰাকী আঢ়ৈ বছৰীয়া শিশুকন্যা (Girl Child Fell in Borewell in Madhya Pradesh) । প্ৰথমতে শিশুটি গাঁতৰ বেছি তললৈ নামি যোৱা নাছিল যদিও বৰ্তমান প্ৰায় ১০০ ফুট ভিতৰলৈ পিছলি গৈছে । ইতিমধ্যে উদ্ধাৰ অভিযানত সেনা নামি পৰিছে । সেনাৰ দলটোৱে এনডিআৰএফ আৰু এছডিআৰএফৰ দলৰ সৈতে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে (rescue operation of girl child from borewell) । আশা কৰা হৈছে যে শিশুটিক সোনকালে বাহিৰলৈ উলিয়াই আনিব পৰা যাব । অৱশ্যে গাঁতটোৰ ভিতৰত থকা শিলৰ স্তৰৰ বাবে উদ্ধাৰকাৰ্যত বিলম্ব হৈছে । মঙলবাৰে দুপৰীয়া প্ৰায় ২ বজাত মাণ্ডি আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত মুঙ্গাওলি গাঁৱত খেলি থাকোঁতে আঢ়ৈ বছৰীয়া সৃষ্টি কুশৱাহা এখন পথাৰৰ ভিতৰত এটা ব'ৰৱেলত বাগৰি পৰে (Madhya Pradesh tragic incident) ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে শিশুটি প্ৰথমাৱস্থাত ৪০ ফুট গভীৰতাত আবদ্ধ হৈ আছিল । কিন্তু উদ্ধাৰকাৰ্যৰ বাবে আন এটা সমান্তৰাল সুৰংগ খননত হোৱা মেচিনৰ কম্পনৰ ফলত তেওঁ প্ৰায় ১০০ ফুট তললৈ সোমাই গৈছে । "আমি উদ্ধাৰ অভিযানত যোগদান কৰিবলৈ সেনাক আহ্বান জনাইছোঁ (two and half year old girl fell in borewell) । এনডিআৰএফ আৰু এছডিআৰএফ দলে ইতিমধ্যে কাম কৰি আছে । কিন্তু আমি ভাবিছোঁ যে যদি সেনাও উপস্থিত হয়, আমি শিশুটিক সোনকালেই বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হ'ম । আমি শিশুটিক বচাবলৈ সকলো প্ৰকাৰে চেষ্টা কৰি আছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আমি অভিযানত সফল হওঁ ।" মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে কয় ।

  • सीहोर जिला ग्राम मुंगावली की बेटी सृष्टि कल बोरवेल में गिर गई थी। रेस्क्यू टीम बच्ची को सुरक्षित बचाने हेतु प्रयासरत है।

    हमारी कोशिश है कि बच्ची को सुरक्षित निकाला जाए और भगवान से प्रार्थना है कि हम सफल हों। pic.twitter.com/lPv3uyT4EP

    — Shivraj Singh Chouhan (@ChouhanShivraj) June 7, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, চেহোৰ জিলা উপায়ুক্ত আশিস তিৱাৰীয়ে কয় যে আৰ্থ মুভিং যন্ত্ৰৰ সহায়ত উদ্ধাৰ অভিযান চলোৱা হৈছে । অঞ্চলটোৰ ভূমি শিলাময় হোৱাৰ বাবে সময় লাগিছে । পূৰ্বতে পুৱাৰ ভাগত শিশুটি ৫০ ফুটমান গভীৰত আছিল । আমি মাটি খনন কৰাৰ লগে লগে তেওঁ আৰু তললৈ সোমাই গৈ আছে । আমি তেওঁক অক্সিজেন প্ৰদান কৰি আছোঁ । জিলা উপায়ুক্তগৰাকীয়ে কয়, "কঠিন শিলৰ বাবে আমি ড্ৰিল কৰাত অসুবিধা পাইছোঁ আৰু আমি যিমান সম্ভৱ সোনকালে তেওঁক উলিয়াবলৈ চেষ্টা কৰি আছোঁ ।"

উপায়ুক্তগৰাকীয়ে কয় যে এনডিআৰএফৰ দলে শিশুটিক উদ্ধাৰ কৰিবলৈ আন এক পৰম্পৰাগত পদ্ধতি গ্ৰহণ কৰিছে । তেওঁলোকে প্ৰচেষ্টা চলাই আছে যদিও কঠিন শিলৰ বাবে সময় লাগিছে । যদি ই সফল হয়, তেন্তে সোনকালেই শিশুটি সুৰক্ষিতভাৱে ওলাই আহিব পাৰিব । উপায়ুক্তই লগতে কয় যে প্ৰথমস্থানৰ পৰা শিশুটি পিছলি পৰি যোৱাৰ বহু সময় হ'ল আৰু তেওঁ বেছিকৈ সঁহাৰি প্ৰদান কৰা নাই । শিশুটিক নিৰন্তৰ অক্সিজেন যোগান ধৰা হৈছে আৰু কৰ্তৃপক্ষই শিশুটিক সোনকালেই উদ্ধাৰ কৰিব বুলি আশা কৰিছে ।

লগতে পঢ়ক :NIA Raids in Jharkhand : ঝাৰখণ্ডত শীৰ্ষ মাওবাদীৰ ঘৰত অভিযান বিহাৰ NIA দলৰ

Last Updated :Jun 7, 2023, 7:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.