ETV Bharat / bharat

Horrific accident : একে পৰিয়ালৰ চাৰিজনৰ কৰুণ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 2:18 PM IST

একে পৰিয়ালৰ চাৰিজনৰ কৰুণ মৃত্যু
একে পৰিয়ালৰ চাৰিজনৰ কৰুণ মৃত্যু

ৰাজস্থানৰ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হিন্দোলী অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এখন এছইউভি বাহন এখন ট্ৰাকৰ সংঘৰ্ষৰ ফলত একেটা পৰিয়ালৰ 4 গৰাকী লোকৰ মৃত্যু হয় ৷

নেশ্যনেল ডেস্ক, 12 নৱেম্বৰ : দেশজুৰি দীপাৱলীৰ উলহ মালহৰ মাজতেই শনিবাৰে নিশা ৰাজস্থানৰ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হিন্দোলী অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয় ৷ এখন এছইউভি বাহন এখন ট্ৰাকৰ তলত সোমই যোৱাৰ ফলত একেটা পৰিয়ালৰ চাৰিগৰাকী লোকৰ কৰুণ মৃত্যু হয় ৷ ইয়াৰ লগতে দুগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৷ ইতিমধ্যে আঘাতপ্ৰাপ্ত লোক দুজনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে। মৃত আটাইকেইজন মধ্য প্ৰদেশৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷

মৃতসকল দেৱী সিং (৪৫), তেওঁৰ পত্নী মান কোঁৱৰ বাই (৪৫), ৰাজাৰাম(৪০) আৰু জিতেন্দ্ৰ (২০) বুলি চিনাক্ত কৰা হৈছে। । ইয়াৰ ভিতৰত কেৱল মান কোঁৱৰ বাইক বুন্দি চিকিৎসালয়লৈ নিয়াৰ অৱস্থাতেই মৃত্যুবৰণ কৰিছিল ৷

ন্দোলী আৰক্ষী থানাৰ বিষয়া মনোজ সিং চিকাৰৱাৰে জনোৱা অনুসৰি এই দুৰ্ঘটনাত বাহনখন ট্ৰাকৰ তলত সোমাই যোৱাৰ ফলত বাহনখন ভাঙি চূৰমাৰ হৈ যায় ৷ ফলত যাত্ৰীকেইগৰাকী বেয়াকৈ বাহনখনত আৱদ্ধ হৈ পৰিছিল ৷ ফলত তেওঁলোকক বাহনখনৰ পৰা সাৱধানে বাহিৰলৈ উলিয়াব লগা হৈছিল ৷

জানিব পৰামতে পৰিয়ালটোৱে পুষ্কৰলৈ ভগৱানৰ আশীষ ল’বলৈ গৈছিল ৷ তেওঁলোকে ভগৱানৰ দৰ্শন কৰি ঘৰলৈ ঘূৰি অহাৰ পথতেই এই শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ মৃতসকলক সম্প্ৰতি হিন্দোলী মৰ্গলৈ লৈ যোৱা হৈছে ৷ সকলো মৃতকৰ মৰণোত্তৰ পৰীক্ষা আৰম্ভ কৰা হৈছে ৷

ইফালে আহতসকল ৰাজাৰামৰ পত্নী সোৰাম বাই (৩৮), দেৱী সিঙৰ পুত্ৰ ঈশ্বৰ সিং (৩৩) আৰু ভৈৰো সিঙৰ পুত্ৰ বুলি চিনাক্ত কৰা হৈছে। ভৈৰো সিং আৰু সৌৰম ভাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আৰক্ষীয়ে ঘটনাস্থলীত তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: Sikh Killed in Canada: দুৰ্বৃত্তৰ গুলীত কানাডাত নিহত ভাৰতীয় মূলৰ দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.