ETV Bharat / bharat

Husband hanged wife in well for dowry: 5 লাখ টকা দাবী কৰি পত্নীক কুঁৱাত ওলমালে স্বামীয়ে

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 9:56 PM IST

Updated : Sep 9, 2023, 12:32 PM IST

5 লাখ টকা আনি দিব নোৱাৰাৰ বাবেই পত্নীক কুঁৱালৈ ঠেলা মাৰি ওলোমাই থলে স্বামীয়ে ৷ পত্নীয়ে প্ৰাণৰ ভিক্ষা খুজি থকাৰ স্বত্বেও হৃদয় নগলিল স্বামীৰ ৷

Husband hanged wife in well for dowry
5 লাখ টকা দাবী কৰি পত্নীক কুঁৱাত ওলমালে স্বামীয়ে

নেশ্যনেল ডেস্ক, 6 ছেপ্টেম্বৰ : দেশজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে নাৰীজনিত অপৰাধৰ ঘটনা ৷ যৌতুক বিচাৰি পত্নীক অমানুষিক অত্যাচাৰ স্বামীৰ ৷ পত্নীক কুঁৱালৈ ঠেলা মাৰি ওলোমাই থলে স্বামীয়ে ৷ পত্নীয়ে প্ৰাণৰ ভিক্ষা খুজি থকাৰ স্বত্বেও হৃদয় নগলিল স্বামীৰ ৷ মধ্য প্ৰদেশৰ নীমচু জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৷

ঘটনা অনুসৰি নীমুচ জিলাৰ জাৱাদ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত কিৰপুৰা গাঁৱত এজন ব্যক্তিয়ে যৌতুক দাবী কৰি তেওঁৰ পত্নীৰ ওপৰত চৰম অত্যাচাৰ চলাইছে ৷ স্বামী ৰাকেশে তেওঁৰ পত্নীক বিবাহৰ পিচৰেপৰাই যৌতুক বিচাৰি কেইবাবাৰো অশান্তি কৰিছিল ৷ কিন্তু শেহতীয়াকৈ ৰাকেশে পত্নীক 5 লাখ টকা মাতৃৰ গৃহৰ পৰা আনিবলৈ দাবী কৰিছিল ৷ কিন্তু পত্নীয়ে স্বামীৰ দাবী মানিবলৈ অমান্তি হৈছিল ৷

ইয়াৰে পিচতে স্বামী ৰাকেশে বৰ্বৰতাৰ চৰম সীমা পাৰ কৰি পত্নীক ৰছীত বান্ধি কুঁৱাৰ ভিতৰত ওলোমাই ৰাখে ৷ পত্নীয়ে প্ৰাণৰ মমতাত স্বামীক বাৰে বাৰে কুঁৱাৰ পৰা বাহিৰ উলিয়াবলৈ ফোন কৰাত স্বামীয়ে এই সমগ্ৰ ঘটনা ফোনেৰে ৰেকৰ্ড কৰি পত্নীৰ ভাতৃলৈ প্ৰেৰণ কৰে ৷ এই ঘটনা পৰিলক্ষিত কৰি পৰিয়ালৰ লোকে হুৱা দুৱা লগোৱাত স্বামী ৰাকেশে পত্নীক কুঁৱাৰ পৰা বাহিৰলৈ উলিয়াই লৈ আহে ৷

কুঁৱাৰ পৰা ওলাই অহাৰ পিচত, মহিলাগৰাকী কান্দি কাটি তেওঁৰ মাতৃগৃহলৈ গুচি যায় ৷ তেওঁ পৰিয়ালৰ সদস্যসকলক গোটেই ঘটনাটোৰ বিষয়ে অৱগত কৰে ৷

লগে লগে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী থানাত যৌতুক নিৰ্যাতনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷ এই অভিযোগ অনুসৰি এছ পি অমিত কুমাৰৰ নিৰ্দেশত আৰক্ষীৰ দলটো অভিযুক্ত ৰাকেশৰ ঘৰত উপস্থিত হয় ৷ আৰক্ষীয়ে ইতিমধ্যে ৰাকেশক গ্ৰেপ্তাৰ কৰিছে ৷ যোৱা 20 আগষ্ট এই ঘটনাটো সংঘটিত হৈছে বুলি পোহৰলৈ আহিছে ৷

ইয়াৰ সমান্তৰালকে এই ঘটনাৰ ভিডিঅ'টো ছ'চিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল হৈ পৰিছে ৷ ভুক্তভোগী মহিলাগৰাকীয়ে তিনি বছৰৰ পূৰ্বে ৰাকেশৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৷ মহিলাগৰাকী ৰাজস্থানৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Nuh Violence Update : হিংসাৰ পাছত ছাত্ৰ-ছাত্ৰী শূণ্য নুহৰ বিদ্যালয়

Last Updated : Sep 9, 2023, 12:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.