ETV Bharat / bharat

Motihari encounter : নেপাল সীমান্তত আৰক্ষী আৰু ডকাইতৰ সংঘৰ্ষ

author img

By

Published : Jun 26, 2023, 5:16 PM IST

Motihari encounter
নেপাল সীমান্তত আৰক্ষী আৰু ডকাইতৰ সংঘৰ্ষ

নেপাল সীমান্তৰ সমীপৰ বিহাৰৰ পূব চম্পাৰণ জিলাত আৰক্ষীৰ গুলীত নিহত ২ টা ডকাইত । কেইবাগৰাকী আৰক্ষীও আহত । অঞ্চলটোত আৰক্ষীৰ তালাচী অভিযান অব্যাহত ।

নেশ্যনেল ডেস্ক,২৬ জুন : বিহাৰৰ পূব চম্পাৰণ জিলাৰ ঘোৰাচাহান আৰক্ষী থানাৰ অন্তৰ্গত সীমান্ত অঞ্চলত আৰক্ষী আৰু ডকাইতৰ মাজত ভয়ংকৰ সংঘৰ্ষ । এই সংঘৰ্ষত দুটা ডকাইত নিহত হয় আৰু তিনিগৰাকী আৰক্ষী জোৱান আহত হয় । এনকাউণ্টাৰ সংঘটিত অঞ্চলটো আৰক্ষীয়ে ঘেৰাও কৰি ৰাখিছে আৰু অভিযান অব্যাহত চলাইছে । আঘাতপ্ৰাপ্ত আৰক্ষী জোৱানকেইজনক চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

আৰক্ষী বিষয়াসকলৰ মতে, এনকাউণ্টাৰ সংঘটিত অঞ্চলটোত এতিয়াও বোমা পৰি আছে আৰু বহু তেজৰ দাগ দেখা গৈছে । নেপাল সীমান্তত তেজৰ দাগবোৰ দেখা গৈছে । আনহাতে এই সংঘৰ্ষত কেইবাটাও ডকাইত আঘাতপ্ৰাপ্ত হোৱা বুলিও জানিব পৰা গৈছে । সংঘৰ্ষৰ সময়ত, দুয়োপক্ষৰ মাজত গুলীচালনা হয় । আনহাতে ডকাইতকেইটাই আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনাও কৰে । ইফালে ঘটনাৰ অনুসন্ধানৰ বাবে ফৰেনচিকৰ দল আৰু বোমা বিশেষজ্ঞৰ দল অঞ্চলটোলৈ ৰাওনা হৈছে । নিহত ডকাইতকেইটা এতিয়াও চিনাক্ত হোৱা নাই ।

আৰক্ষী অধীক্ষক কান্তেশ কুমাৰ মিশ্ৰাই জনোৱা মতে নিশা ঘোৰাচাহান আৰক্ষী থানাৰ অন্তৰ্গত পুৰানহিয়া গাঁৱত এই সংঘৰ্ষ হৈছিল । তদন্তৰ বাবে অঞ্চলটোত উপস্থিত হোৱা বোমা বিশেষজ্ঞৰ দলে ঘটনাস্থলীৰ পৰা সজীৱ বোমাও উদ্ধাৰ কৰিছে । আৰক্ষী বিষয়াগৰাকীৰ মতে সেই বোমাবোৰ নিষ্ক্ৰিয় কৰা হ'ব । সম্প্ৰতি অঞ্চলটোত কোম্বিং অপাৰেচন চলি আছে বুলিও তেওঁ উল্লেখ কৰে ।

ইফালে আঘাতপ্ৰাপ্ত আৰক্ষীসকলক চিকিৎসাৰ বাবে সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । একে সময়তে, মৃত ডকাইতকেইটাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । সদৰ এএছপি শ্ৰীৰাজ, চিকাৰহানা ডিএছপি আৰু প্ৰায় এক ডজন আৰক্ষী থানাৰ আৰক্ষীয়ে এছ পি কান্তেশ কুমাৰ মিশ্ৰৰ সৈতে কোম্বিং অপাৰেচন চলাই আছে । আনহাতে এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । যিহেতু অঞ্চলটো নেপাল সীমান্তত অৱস্থিত, সেয়ে আৰক্ষীয়ে নিৰাপত্তা কটকটীয়া কৰি তুলিছে ।

লগতে পঢ়ক :Meghalaya tense : মেঘালয়ত বিএছএফৰ সীমান্ত চকীত আক্ৰমণ, জোৱানসহ ৫ জন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.