ETV Bharat / bharat

Chardham Yatra Record : ১৫ লক্ষাধিক তীৰ্থযাত্ৰীৰ কেদাৰনাথ দৰ্শন

author img

By

Published : Oct 16, 2022, 4:46 PM IST

Updated : Oct 16, 2022, 5:27 PM IST

উত্তৰাখণ্ডৰ চাৰধাম যাত্ৰা সমাপ্তিৰ পথত (Chardham Yatra in Uttarakhand) । কেদাৰনাথ ধামৰ বিষয়ে ক'বলৈ গ'লে, এইবাৰ এক নতুন অভিলেখ সৃষ্টি হৈছে । প্ৰথমবাৰৰ বাবে কোনো এক ভ্ৰমণ ঋতুত 15 লাখ তীৰ্থযাত্ৰী কেদাৰনাথ ধামত উপস্থিত হৈছে । যিটো এটা নতুন ৰেকৰ্ড । অৱশ্যে এই তাৰ্থযাত্ৰা শে। হ'বলৈ এতিয়াও ১০ দিন বাকী আছে । এনে পৰিস্থিতিত এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

kedarnath
kedarnath

নিউজ ডেস্ক, ১৬ অক্টোবৰ : বিশ্ববিখ্যাত কেদাৰনাথ ধামৰ ভ্ৰমণে এক নতুন অভিলেখ সৃষ্টি কৰিছে । ইতিহাসত প্ৰথমবাৰৰ বাবে 15 লাখ তীৰ্থযাত্ৰীয়ে এই যাত্ৰাৰ এটা ঋতুত কেদাৰনাথ ধামত উপস্থিত হৈছে । অৱশ্যে এই ভ্ৰমণৰ এতিয়াও ১০ দিন বাকী আছে । আনহাতে, বৰ্তমান কেদাৰনাথ ধামত বতৰ পৰিষ্কাৰ হৈ পৰিছে । উজ্জ্বল ৰ'দত কেদাৰনাথ ধামৰ বৰফৰ পাহাৰবোৰ ৰূপোৱালী হৈ পৰিছে ।

Chardham Yatra Record : ১৫ লক্ষাধিক তীৰ্থযাত্ৰীৰ কেদাৰনাথ দৰ্শন

এইখিনিতে জনাই থওঁ যে কৰোনা মহামাৰীৰ দুবছৰৰ পিছত যথাৰীতি আৰম্ভ হোৱা কেদাৰনাথ ধামৰ (Kedarnath Yatra 2022) যাত্ৰাই এক নতুন অভিলেখ গঢ়ি তুলিছে । কেদাৰনাথ যাত্ৰাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে 15 লাখতকৈও অধিক তীৰ্থযাত্ৰী বাবা কেদাৰ ভ্ৰমণ কৰিবলৈ গৈছে । যাত্ৰীসকলৰ আগমনে এক নতুন অভিলেখ সৃষ্টি কৰাৰ লগে লগে স্থানীয় লোকসকলেও নিযুক্তিৰ সুযোগ লাভ কৰিছে । যাৰ ফলত কৰোনাকালত হোৱা লোকচানৰ কিছু ক্ষতিপূৰণ হৈছে (Record in Kedarnath Yatra in Uttarakhand) ।

বৰ্তমান কেদাৰনাথ ধামত বতৰ পৰিষ্কাৰ হৈ আছে । পুৱাৰ পৰা সন্ধিয়ালৈকে বাবা কেদাৰ চহৰত উজ্জ্বল ৰ'দ থাকে । যাৰ বাবে ধামৰ চাৰিওফালৰ পাহাৰবোৰ ৰূপোৱালী হৈ জিলিকি আছে । ধামলৈ খোজকাঢ়ি আৰু হেলিকপ্টাৰ যাত্ৰা যথাযথভাৱে পৰিচালনা কৰা হৈছে । বাবা কেদাৰৰ দৰ্শনৰ বাবে যাত্ৰীৰ লানি নিছিগা দীঘলীয়া শাৰী । আনহাতে, সন্ধিয়া আৰতিৰ সময়তো মন্দিৰ চৌহদত বৃহৎ জনসমাগম হৈছে ।

ৰুদ্ৰপ্ৰয়াগৰ আৰক্ষী অধীক্ষক আয়ুস আগৰৱালে (Rudraprayag SP Ayush Agarwal) কোৱা মতে, দুবছৰৰ কৰোনা মহামাৰীৰ পিছত যাত্ৰীৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু এতিয়ালৈকে ১৫ লাখৰো অধিক যাত্ৰীয়ে বাবা কেদাৰ ভ্ৰমণ কৰিছে । যিটো এটা অভিলেখ হৈ পৰিছে । যাত্ৰীসকলক উন্নত সুবিধা প্ৰদান কৰাৰ প্ৰয়াস কৰা হৈছে । ভ্ৰমণ ব্যৱস্থাপনা যথেষ্ট প্ৰত্যাহ্বানজনক আছিল । যাত্ৰীসকলৰ বাবে সময়মতে দৰ্শন কৰাৰ ব্যৱস্থা কৰাটো বৰ প্ৰত্যাহ্বানজনক আছিল যাতে যাত্ৰীসকলে দীৰ্ঘসময় ধৰি শাৰীত থিয় হৈ থাকিব নালাগে ।

জিলা দণ্ডাধীশ ময়ূৰ দীক্ষিতে (Rudraprayag DM Mayur Dixit) কয় যে কৰোনা কালৰ পিছত যাত্ৰীৰ সংখ্যা বৃদ্ধি হোৱাটো প্ৰথমৰে পৰা সম্ভাৱনা আছিল । যাৰ পিছত খোজকঢ়া পথ, খোজকাঢ়ি যোৱা পথত পয়-প্ৰণালী, পৰিষ্কাৰ-পৰিচ্ছন্নতা প্ৰণালী, বৰষুণত ল'ব পৰা আশ্ৰয়স্থল, টোকেন প্ৰণালী আদি ব্যৱস্থা মেৰামতি কৰা হৈছিল । ইয়াৰ ফলস্বৰূপে অভিলেখসংখ্যক ভ্ৰমণকাৰীয়ে কেদাৰনাথ ধামত উপস্থিত হৈছে ।

লগতে পঢ়ক :FM Nirmala Sitharaman : ভাৰতৰ ডিজিটাইজেচনক বিশ্বৰ বাকী অংশলৈ লৈ যোৱাৰ প্ৰস্তাৱ বিশ্ব বেংকৰ

Last Updated :Oct 16, 2022, 5:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.