ETV Bharat / bharat

Tripura assembly election 2023: TDF ত ১০০ ৰো অধিক লোকৰ যোগদান

author img

By

Published : Feb 12, 2022, 4:02 PM IST

ত্ৰিপুৰা বিধানসভা নিৰ্বাচনক(Tripura assembly election 2023) লৈ ৰাজনৈতিক দলসমূহে ৰণকৌশল প্ৰস্তুত কৰিছে । আঞ্চলিক ৰাজনৈতিক দল টিডিএফৰ(TDF) সদস্য ভৰ্তি অভিযান অব্যাহত । সাংগঠনিক বৈঠকৰ পাছতে দলটোত যোগদান ১০০ ৰো অধিক লোকৰ ।

Tripura assembly election 2023
TDFত ১০০ ৰো অধিক লোকৰ যোগদান

আগৰতলা,১২ ফেব্ৰুৱাৰী : ২০২৩ চন অৰ্থাৎ অহা বছৰ ত্ৰিপুৰাত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন (Tripura assembly election 2023)। যাৰ বাবে এতিয়াৰে পৰা ৰাজনৈতিক দলসমূহে ভেঁটি শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে । আঞ্চলিক দলসমূহেও নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিছে ।

শেহতীয়াকৈ ত্ৰিপুৰা ডেম'ক্ৰেটিক ফ্ৰণ্ট (TDF) দলে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছে । ইয়াৰে অংশ হিচাপে শনিবাৰে এক সভাত ১০০ৰো অধিক লোকে TDF দলত যোগদান কৰে । নতুনকৈ গঠন হোৱা TDF দলে সহযোগীসকলৰ সৈতে সাংগঠনিক বিষয়ত আলোচনাৰ বাবে ত্ৰিপুৰাৰ উত্তৰ জিলাৰ কাঞ্চনপুৰ মহকুমাত এক বৈঠকৰ আয়োজন কৰে ।

Tripura assembly election 2023
TDFত ১০০ ৰো অধিক লোকৰ যোগদান

এই বৈঠকত দলটোৰ সভাপতি পুজন বিশ্বাস আৰু কাৰ্যকৰী সভাপতি পূৰ্ণিতা চাকমা আৰু অন্যান্য নেতাসকলে অংশগ্ৰহণ কৰে । এই বৈঠকত দলটোৰ ভৱিষ্যতৰ কাৰ্যপন্থা আৰু ৰাজ্যজুৰি দলটোৰ শিপা বঢ়োৱাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় ।

ইফালে দলৰ নেতাসকলে সকলো জিলা আৰু বিধানসভা সমষ্টিত দলৰ কাৰ্যকলাপ বৃদ্ধি কৰাৰ ওপৰত জোৰ দিছে আৰু দলৰ সামাজিক মাধ্যম আৰু মিডিয়া কোষবোৰ পুনৰ গঠনৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে । বৈঠকৰ পাছতে ত্ৰিপুৰাৰ উত্তৰ জিলাৰ কাঞ্চনপুৰ আৰু পেচাৰথালৰ ১০০ তকৈও অধিক ব্যক্তিয়ে দলত যোগদান কৰে।

লগতে পঢ়ক :CPIM worker killed in Tripura:হত্যাকাৰীক শাস্তিৰ দাবীত ত্ৰিপুৰাত পথ অৱৰোধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.