ETV Bharat / bharat

Mohan Bhagwat to Tripura: ২৭ আগষ্টতত ত্ৰিপুৰাত মন্দিৰ উদ্বোধন কৰিব মোহন ভাগৱতে

author img

By

Published : Jul 15, 2022, 9:45 AM IST

mohan bhagwat to inaugurate temple on august 27 in tripura
Mohan Bhagwat to Tripura: ২৭ আগষ্টতত ত্ৰিপুৰাত মন্দিৰ উদ্বোধন কৰিব RSS প্ৰধান মোহন ভাগৱতে

২৭ আগষ্টত ত্ৰিপুৰা ভ্ৰমণ কৰিব RSS প্ৰধান মোহন ভাগৱতে(RSS Chief Mohan Bhagwat to visit Tripura) । অমৰপুৰৰ চাৰবঙত শান্তিকলি আশ্ৰমৰ মন্দিৰ উদ্বোধন কৰাৰ উদ্দেশ্যে ত্ৰিপুৰা ভ্ৰমণ ভাগৱতৰ । ২৭ আগষ্টত অমৰপুৰত শিৱ আৰু পাৰ্বতীৰ মন্দিৰ উদ্বোধন কৰিব মোহন ভাগৱতে(RSS Chief Mohan Bhagwat to inaugurate temple in Tripura on August 27) ।

আগৰতলা,১৫ জুলাই: ২৭ আগষ্টত ত্ৰিপুৰালৈ আহিব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱত(RSS Chief Mohan Bhagwat to visit Tripura) । RSS প্ৰধান গৰাকী ত্ৰিপুৰাত উপস্থিত হৈ উদ্বোধন কৰিব গোমতী জিলাৰ অমৰপুৰৰ চাৰবঙত শান্তিকলি আশ্ৰমৰ শিৱ আৰু পাৰ্বতীৰ মন্দিৰ(RSS Chief Mohan Bhagwat to inaugurate temple in Tripura on August 27) । বৃহস্পতিবাৰে আগৰতলা প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি স্বামী চিত্তৰঞ্জনে প্ৰকাশ কৰে এই কথা ।

সংবাদমেলত তেওঁ উল্লেখ কৰে যে মোহন ভাগৱতে ইতিমধ্যে তেওঁলোকৰ আমন্ত্ৰণ গ্ৰহণ কৰিছে আৰু ২৭ আগষ্টত মন্দিৰ উদ্বোধন কৰিবলৈ ত্ৰিপুৰাত উপস্থিত হ'ব । লগতে স্বামী চিত্তৰঞ্জনে উল্লেখ কৰে যে RSS(Rashtriya Swayamsevak Sangh)য়ে হিন্দু ধৰ্মৰ সুৰক্ষাৰ বাবে কাম কৰি আছে । লগতে তেওঁ ২০০০ চনত বিদ্ৰোহীয়ে তেওঁলোকৰ গুৰুজীক গুলীয়াই হত্যা কৰাৰ কথাও প্ৰকাশ কৰে । বিশ্ব হিন্দু পৰিষদৰ কৃপাত তেওঁ হিন্দু ধৰ্ম প্ৰচাৰ কৰাৰ সুবিধা লাভ কৰাৰ কথাও উল্লেখ কৰে সংবাদমেলত ।

উল্লেখ্য যে মন্দিৰটো নিৰ্মাণ কৰাৰ সময়তে ২২ বছৰ পূৰ্বে আচাৰ্য শান্তিকলিক গুলীয়াই হত্যা কৰা হৈছিল আৰু অৱশেষত RSS প্ৰধানে উদ্বোধন কৰিব মন্দিৰভাগ । স্বামী ৰবি শংকৰ, গুজৰাটৰ স্বামী বিদ্যাানন্দ আদিৰ দৰে অন্যান্য ধৰ্মীয় নেতাসকলেও ত্ৰিপুৰাত অনুষ্ঠিত অনুষ্ঠানটোত যোগদান কৰাৰ সম্ভাৱনা আছে বুলি সংবাদমেলত প্ৰকাশ কৰে স্বামী চিত্তৰঞ্জনে ।

লগতে পঢ়ক: National Emblem Controversy : ৰাষ্ট্ৰীয় প্ৰতীকৰ 'নতুন সিংহ' সন্দৰ্ভত স্পষ্টীকৰণ নিৰ্মাণ শিল্পীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.