ETV Bharat / bharat

কৰ’ণাৰ ত্ৰাস: মিজোৰামত 40লৈ বৃদ্ধি মৃতকৰ সংখ্যা

author img

By

Published : May 31, 2021, 10:22 PM IST

মিজোৰামত এই পৰ্যন্ত 12087 গৰাকী লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ তদুপৰি ৰাজ্যখনত এই পৰ্যন্ত 9144 গৰাকী কৰ’ণা ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ বৰ্তমানলৈকে ৰাজ্যখনত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 40 গৰাকী লোকৰ ৷

Mizoram Covid 19 update
কৰ’ণাৰ ত্ৰাস: মিজোৰামত 40লৈ বৃদ্ধি মৃতকৰ সংখ্যা

মিজোৰাম, 31 মে’: সমগ্ৰ দেশৰ লগতে কালৰূপী কৰ'ণাৰ সংহাৰ অব্যাহত আছে মিজোৰামত । নিতৌ শতাধিক লোক আক্ৰান্ত হৈছে মহামাৰীত ৷ ৰাজ্যখনত বৰ্তমান আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 12087 গৰাকীলৈ ।

30 মে'ত অৰ্থাৎ দেওবাৰৰ দিনটোত নতুনকৈ 99 গৰাকী লোক আক্ৰান্ত হৈছে ৰাজ্যখনত ৷ জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত বিগত তিনিদিনত কৰ’ণাত আক্ৰান্ত 6 গৰাকী লোকৰ মৃত্যু হৈছে ৷

Mizoram Covid 19 update
কৰ’ণাৰ ত্ৰাস: মিজোৰামত 40লৈ বৃদ্ধি মৃতকৰ সংখ্যা

জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰটিপিচিআৰ গৱেষণাগাৰ দেওবাৰে বন্ধ থকাৰ বাবে কোনো ধৰণৰ কৰ’ণাৰ নমুনা পৰীক্ষা কৰা হোৱা নাই ৷ ৰাজ্যখনৰ বিভিন্ন ট্ৰু এনএটি গৱেষণাগাৰত 137 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয় আৰু ইয়াৰ ভিতৰত 4 গৰাকী লোক আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে । আৰএজিটিৰ দ্বাৰা কৰা পৰীক্ষাত 607 টা নমুনাৰ ভিতৰত 95 টা নমুনাত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷

উল্লেখ্য যে, মিজোৰামত এই পৰ্যন্ত 12087 গৰাকী লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ তদুপৰি ৰাজ্যখনত এই পৰ্যন্ত 9144 গৰাকী কৰ’ণা ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ বৰ্তমানলৈকে ৰাজ্যখনত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 40 গৰাকী লোকৰ ৷

31 মে’ বিয়লি 5 বজালৈকে ৰাজ্যখনত 2903 গৰাকী কৰ’ণাৰ সক্ৰিয় ৰোগী থকা বুলি জানিবলৈ দিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ৷ সোমবাৰৰ দিনটোত ৰাজ্যখনত 129 গৰাকী কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকে আৰোগ্য লাভ কৰাত ক’ভিড কেয়াৰ চেন্টাৰৰ ঘৰলৈ যাবলৈ দিয়া হৈছে ৷

লগতে পঢ়ক: ভূমিস্খলন: চকুৰ সন্মুখতে খহি পৰিল দলঙৰ এটা অংশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.