ETV Bharat / bharat

ক’ভিড 19: মিজোৰামৰ শেহতীয়া তথ্য

author img

By

Published : May 25, 2021, 9:03 AM IST

মিজোৰামত বৰ্তমানলৈ ক’ভিডত আক্ৰান্তৰ সংখ্যা 10,332 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 7,914 গৰাকী লোকে ৷ আনহাতে মৃত্যু হৈছে 33 গৰাকী লোকৰ ৷ বৰ্তমান 2,385 টা সক্ৰিয় ঘটনা আছে ।

Mizoram Covid-19 update, Lockdown extended till May 31
মিজোৰামত শনিবাৰে 113 গৰাকী লোক আক্ৰান্ত হয় ক’ভিডত

মিজোৰাম,25 মে’: মিজোৰামত 31 মে’লৈ বৃদ্ধি কৰা হৈছে লক ডাউন ৷ মিজোৰামত ক‘ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ তথা প্ৰশাসনে গ্ৰহণ কৰে এই সিদ্ধান্ত ৷ মিজোৰামত দেওবাৰৰ দিনটোত 113 গৰাকী লোক ক’ভিডত আক্ৰান্ত হয় । ৰাজ্যখনৰ দেওবাৰে বিভিন্ন জিলাৰ ট্ৰুনেট পৰীক্ষাগাৰত 108 টা ক’ভিড নমুনাৰ পৰীক্ষণ কৰা হয় ৷

এই পৰীক্ষণত 8 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ আনহাতে আৰএজিটিৰ জৰিয়তে 703 টা নমুনাৰ পৰীক্ষণ কৰা হয় ৷ ইয়াৰে 105 গৰাকী লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে ৷ মিজোৰামৰ জ’ৰাম চিকিৎসা মহাবিদ্যালয়ত দেওবাৰৰ দিনটোত কোনো লোকে আৰটিপিচিআৰ পৰীক্ষা কৰা নাই বুলি জানিব পৰা হৈছে ।

Mizoram Covid-19 update, Lockdown extended till May 31
মিজোৰামত শনিবাৰে 113 গৰাকী লোক আক্ৰান্ত হয় ক’ভিডত

মিজোৰামত দেওবাৰে ধৰা পৰা 80 গৰাকী আক্ৰান্তৰ ক’ভিডৰ লক্ষণ থকাৰ বিপৰীতে 33 গৰাকীৰ কোনো লক্ষণ নাছিল ৷ একেদিনাই ৰাজ্যখনত 75 গৰাকী লোকে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰে ৷ দেওবাৰৰ দিনটোত মিজোৰামত আক্ৰান্তৰ হাৰ আছিল 13.39 % ৷ ইয়াৰ বিপৰীতে আৰোগ্যৰ হাৰ আছিল 76.60 % ৷ মিজোৰামত বৰ্তমানলৈ ক’ভিডত আক্ৰান্তৰ সংখ্যা 10,332 গৰাকী লোকলৈ বৃদ্ধি পোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 7,914 গৰাকী লোকে ৷ আনহাতে মৃত্যু হৈছে 33 গৰাকী লোকৰ ৷ বৰ্তমান 2,385 টা সক্ৰিয় ঘটনা আছে ।

লগতে পঢ়ক : অখিল গগৈ মানসিক ৰোগী: কিয় ক’লে হিমন্ত বিশ্ব শৰ্মাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.