ETV Bharat / bharat

গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ মিতালী ৰাজৰ

author img

By

Published : Sep 21, 2022, 1:38 PM IST

ভাৰতৰ মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মিতালী ৰাজে (former India womens team captain Mithali Raj) মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে (Mithali Raj met Home Minister Amit Shah) । এই কথা ব্যক্ত কৰি অমিত শ্বাহে টুইট কৰে ।

Mithali Raj
Mithali Raj

নিউজ ডেস্ক, ২১ ছেপ্টেম্বৰ : ভাৰতীয় ক্ৰিকেট কিংবদন্তী (Indian cricket legend Mithali Raj) আৰু ভাৰতৰ মহিলা দলৰ প্ৰাক্তন অধিনায়ক মিতালী ৰাজে (former India womens team captain Mithali Raj) মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে (Mithali Raj met Home Minister Amit Shah) ।

এই কথা ব্যক্ত কৰি অমিত শ্বাহে টুইট কৰে, "সৰ্বশ্ৰেষ্ঠ মহিলা বেটছমেন তথা প্ৰাক্তন অধিনায়ক মিতালী ৰাজৰ সৈতে বাৰ্তালাপ কৰোঁ । তেওঁৰ দুটা দশকজুৰি সফল কেৰিয়াৰে বহু সময়ত দেশলৈ সুনাম কঢ়িয়াই আনিছে । তেওঁ সমগ্ৰ বিশ্বৰ প্ৰতিজন উদীয়মান খেলুৱৈৰ বাবে অনুপ্ৰেৰণা" ৷

উল্লেখ্য, ১৯৯৯ চনত ১৬ বছৰ বয়সত আত্মপ্ৰকাশ কৰা মিতালী ৰাজে মহিলা ক্ৰিকেটত আটাইতকৈ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ লাভ কৰিছে ।

তেওঁ ২৩ বছৰতকৈও অধিক সময় ধৰি ভাৰতীয় ক্ৰিকেটক প্ৰতিনিধিত্ব কৰিছিল । মিতালী ৰাজ হৈছে মাত্ৰ দুগৰাকী খেলুৱৈৰ মাজৰ এগৰাকী যিয়ে দুই শতাধিক এদিনীয়া মেচ খেলিছে । আনগৰাকী হৈছে তেওঁৰ দীৰ্ঘদিনীয়া সতীৰ্থ ঝুলন গোস্বামী (Jhulan Goswami) ।

উল্লেখ্য, মিতালী ৰাজে সৰ্বাধিক সংখ্যক এদিনীয়া 232 খনত অংশগ্ৰহণ কৰিছে (Mithali Raj played most number of ODIs) । ২০০৫ আৰু ২০১৭ চনত আইচিচি মহিলা বিশ্বকাপৰ ফাইনেললৈ ভাৰতক নেতৃত্ব দিয়া মিতালী ৰাজ হৈছে একমাত্ৰ মহিলা ক্ৰিকেটাৰ আৰু ছয়খন আইচিচি (৫০ অ'ভাৰ) ক্ৰিকেট বিশ্বকাপত অংশগ্ৰহণ কৰা তৃতীয়গৰাকী ক্ৰিকেটাৰ ।

মিতালী ৰাজ হৈছে এদিনীয়াত আটাইতকৈ বেছি শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰা মহিলা খেলুৱৈ । তেওঁ এই ফৰ্মেটত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰাৰ অভিলেখ গঢ়িছে । তেওঁ ২৩২ খন মেচত ৭,৮০৫ ৰাণ সংগ্ৰহ কৰাৰ লগতে সাতটা শতক অৰ্জন কৰিছে । মিতালী ৰাজে এটা শতকৰ সৈতে 12 খন মেচত 699 ৰাণ সংগ্ৰহ কৰিছে । আনহাতে টি-20ত তেওঁ 89 খন মেচত 17 টা অৰ্ধ-শতকৰ সৈতে 2,364 ৰাণ সংগ্ৰহ কৰিছে ।

লগতে পঢ়ক :সীমা সমস্যা সমাধানৰ হকে নতুন দিল্লীত বৈঠকত মিলিত হ’ব অসম আৰু মিজোৰাম মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.