ETV Bharat / bharat

ধোনীৰ বিৰুদ্ধে মানহানিকৰ দাবী; আইপিএছ বিষয়া সম্পত কুমাৰক ১৫ দিনৰ কাৰাদণ্ড

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 4:45 PM IST

Sampath Kumar sentences 15 Days in Jail
ধোনীৰ বিৰুদ্ধে মানহানিকৰ দাবী; আইপিএছ বিষয়া সম্পত কুমাৰক ১৫ দিনৰ কাৰাদণ্ড

IPS officer sentenced to Jail for defamatory claims against MS Dhoni: ২০১৪ চনত ধোনীয়ে সম্পত কুমাৰ, জি মিডিয়া কৰ্প'ৰেচন আৰু অন্যান্যসকলৰ বিৰুদ্ধে টিভি চেনেলত অনুষ্ঠিত এক বিতৰ্কত ক্ষতিকাৰক মন্তব্য প্ৰচাৰ কৰাৰ বাবে মানহানিৰ গোচৰ ৰুজু কৰিছিল । উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনত ধোনীয়ে ১০০ কোটি টকা ক্ষতিপূৰণ বিচাৰিছিল ।

নিউজ ডেস্ক, ১৫ ডিচেম্বৰ : মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়দান । ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ বিৰুদ্ধে মানহানিকৰ অভিযোগ উত্থাপন কৰাৰ বাবে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে আইপিএছ বিষয়া সম্পত কুমাৰক ১৫ দিনৰ কাৰাদণ্ড প্ৰদান কৰিছে । উল্লেখ্য যে ধোনীয়ে ২০১৩ চনৰ আইপিএলৰ সময়ত জুৱাত জড়িত থকা বুলি সম্পত কুমাৰে দাবী কৰিছিল । এই দাবীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল ।

এই বিতৰ্ক ২০১৪ চনৰ পৰা আৰম্ভ হয় । সেই সময়ত এম এছ ধোনীয়ে সম্পত কুমাৰ, জি মিডিয়া কৰ্প'ৰেচন আৰু অন্যান্যসকলৰ বিৰুদ্ধে টিভি চেনেলত অনুষ্ঠিত বিতৰ্কত ক্ষতিকাৰক মন্তব্য প্ৰচাৰ কৰাৰ বাবে মানহানিৰ গোচৰ ৰুজু কৰিছিল । উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনত ধোনীয়ে ১০০ কোটি টকা ক্ষতিপূৰণ বিচাৰিছিল ।

আনহাতে, গোচৰটোত নাম থকা জি টিভিয়ে ধোনীৰ অভিযোগৰ পোনপটীয়া উত্তৰ দিয়াৰ পৰা এৰাই চলাৰ অভিযোগৰ সন্মুখীন হৈছিল । ফলস্বৰূপে ধোনীয়ে জি টিভিক সোধা ১৭ টা প্ৰশ্নৰ উত্তৰ দাবী কৰি এখন আবেদন দাখিল কৰিছিল । এই সন্দৰ্ভত গোচৰটোৰ তত্ত্বাৱধানত থকা এগৰাকী ন্যায়াধীশে জি টিভিক ১৭ টা প্ৰশ্নৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে । লগতে আদেশটোৰ বিৰুদ্ধে জি টিভিৰ আবেদন খাৰিজ কৰে ।

ইফালে জি কোম্পানীয়ে দাখিল কৰা আবেদনৰ উত্তৰত উচ্চ ন্যায়ালয়ে ধোনীৰ দৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসিত ব্যক্তি এজনৰ বিৰুদ্ধে অভিযোগ প্ৰকাশ কৰোঁতে সাৱধানতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । এই ক্ষেত্ৰত জি টিভিয়ে যুক্তি দিয়ে যে উত্থাপিত প্ৰশ্নবোৰ পুনৰ পৰীক্ষা কৰাৰ দৰে আছিল আৰু প্ৰমাণিক উদ্দেশ্যৰ বাবে দাখিল কৰা হৈছিল ।

কিন্তু আইপিএছ বিষয়া সম্পত কুমাৰৰ ব্যাখ্যাত সন্তুষ্ট নোহোৱা মহেন্দ্ৰ সিং ধোনীয়ে আদালত অৱমাননাৰ ব্যৱস্থা বিচাৰে । মুখ্য অধিবক্তা চানমুগাসুন্দৰমে আবেদনখন লাভ কৰে আৰু অৱমাননাৰ প্ৰক্ৰিয়া আগবাঢ়িবলৈ অনুমতি দিয়ে ।

শুনানিৰ সময়ত ন্যায়াধীশ এছএছ সুন্দৰ আৰু ন্যায়াধীশ সুন্দৰ মোহনৰ সন্মুখত আইপিএছ বিষয়া সম্পত কুমাৰে সন্তোষজনক ব্যাখ্যা প্ৰদান কৰাত ব্যৰ্থ হয় । ফলস্বৰূপে ন্যায়াধীশসকলে সম্পত কুমাৰক ১৫ দিনৰ কাৰাদণ্ড প্ৰদান কৰে । লগতে শাস্তি স্থগিত ৰখাৰ পৰৱৰ্তী অনুৰোধ মঞ্জুৰ কৰি ন্যায়াধীশে আপীল কৰাৰ বাবে ৩০ দিনৰ সময় প্ৰদান কৰি শাস্তি স্থগিত ৰাখে । উল্লেখ্য যে এই গোচৰটোৱে ক্ৰীড়া, সংবাদ মাধ্যম আৰু আইনী ব্যৱস্থাৰ আন্তঃসংযোগৰ ওপৰত আলোকপাত কৰিছে । যাৰ ফলত সম্ভাৱ্য ক্ষতিকাৰক অভিযোগ উত্থাপন কৰাৰ ক্ষেত্ৰত ৰাজহুৱা ব্যক্তি আৰু সংবাদ মাধ্যমৰ দায়িত্বৰ বিষয়েও প্ৰশ্ন উত্থাপন হয় ।

লগতে পঢ়ক :ইতিহাস হৈ পৰিল ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ জাৰ্চি নং ৭

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.