ETV Bharat / bharat

Threat to PM Modi: প্ৰধানমন্ত্ৰীক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি !

author img

By

Published : Aug 9, 2023, 2:24 PM IST

মহাৰাষ্ট্ৰৰ পুনেৰ দীননাথ হাস্পতাললৈ প্ৰধানমন্ত্ৰীৰ লগতে দেশৰ বিভিন্ন স্থান বোমাৰে উৰুৱাই দিয়া হ’ব বুলি প্ৰদান কৰা হৈছে ভাবুকি বাৰ্তা ৷ গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Threat to PM Modi in Pune
প্ৰধানমন্ত্ৰীলৈ অক্ষাত লোকৰ ভাবুকি

নেশ্যনেল ডেস্ক, 9 আগষ্ট: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰা হৈছে হত্যাৰ ভাবুকি ৷ মহাৰাষ্ট্ৰৰ পুনেৰ দীননাথ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে এই ভাবুকি বাৰ্তা ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উৰুৱাই দিয়াৰ ভাবুকি দিয়া এই ই-মেইলটোত ভাৰতৰ বিভিন্ন স্থানত বোমা বিস্ফোৰণ কৰাৰো সৰ্তকবাণী প্ৰেৰণ কৰা হৈছে ।

কোনো দুষ্ট চক্ৰই সামাজিক মাধ্যমৰ জৰিয়তে বহিঃবিশ্বৰ পৰা ভাবুকি ভৰা বাৰ্তা প্ৰেৰণ কৰিছে বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে । ই-মেইলটোত কোৱা হৈছে, ‘‘মই কেইবাটাও সন্ত্ৰাসবাদী সংগঠনৰ বাবে ধন আগবঢ়াইছো আৰু দেশৰ পৰা কিছুমান বিশেষ ধৰ্মৰ লোকক নিঃশেষ কৰাৰ চেষ্টা কৰিছো ।’’ ভাবুকি বাৰ্তা প্ৰেৰণ কৰা লোকজনে মোখিম নামৰ এটা G-MAIL একাউণ্টৰ পৰা বাৰ্তাটো হাস্পতাল কৰ্তৃপক্ষই লাভ কৰিছে বুলি জানিব পৰা গৈছে ৷

মোখিম নামেৰে G-MAIL একাউণ্ট ব্যৱহাৰ কৰা ব্যক্তিয়ে দেশৰ বহু ঠাইত বোমা বিস্ফোৰণৰ জৰিয়তে বহু লোকক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে ।

এই সন্দৰ্ভত পুনেৰ অলংকাৰ আৰক্ষী থানাত অৱগত কৰাৰ পিচত বিষয়টো সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত আৰক্ষীত গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।

উপ-আয়ুক্ত সুহাইল শৰ্মাই ভাবুকি ৱেবছাইটত যোগে প্ৰদান কৰিছে আৰু সেয়া এক মুকলি মন্তব্য বুলি জানিবলৈ দিয়ে । লগতে কয়, ‘‘ইতিমধ্যে আমি এটা গোচৰ ৰুজু কৰিছো আৰু আমি তদন্ত কৰি আছো । IP ঠিকনাটো ভাৰতৰ বিদেশৰ যেন লাগে আৰু আমি ঘটনা সন্দৰ্ভত কঢ়া নজৰ ৰাখিছো ।’’

উল্লেখ কৰা প্ৰয়োজন যে, বিগত 6 আগষ্টৰ দিনাও মহাৰাষ্ট্ৰ আৰক্ষীয়ে লাভ কৰিছিল আন এটা সদৃশ ভাবুকি বাৰ্তা ৷

লগতে পঢ়ক : MP Gaurav Gogoi news: ভিডিঅ’যোগে তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীলৈ প্ৰশংসা বাৰ্তা সাংসদ গৌৰৱ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.