ETV Bharat / bharat

Meghalaya election 2023: অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে প্ৰাৰ্থী তালিকা প্ৰকাশ এনপিপিৰ

author img

By

Published : Jan 13, 2023, 8:03 PM IST

npp announced candidate list
এনপিপি দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে আগন্তুক মেঘালয় বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে এনপিপি দলৰ নেতা তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই (NPP announced candidate list for Assembly poll) ৷ 60 খন আসনেৰে গঠিত মেঘালয় বিধানসভা নিৰ্বাচনৰ বাবে 58 জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে এনপিপিয়ে ৷

গুৱাহাটী, 13 জানুৱাৰী: মেঘালয়ত এতিয়া বিধানসভা পূৰ্ণোদ্যমে বলিছে নিৰ্বাচনৰ গৰম বতাহ (Meghalaya assembly poll 2023) ৷ মেঘালয়ৰ সমাগত নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই “Stronger Together” শীৰ্ষক এনপিপিৰ শ্লোগান মুকলি কৰি ঘোষণা কৰে দলটোৰ নিৰ্বাচনী প্ৰাৰ্থী তালিকা ৷ মেঘালয়ৰ শাসকীয় নেশ্যনেল পিপলছ পাৰ্টিয়ে চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া 60 জনীয়া ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনৰ বাবে 58 জন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে বৃহস্পতিবাৰে (NPP announced candidate list for Assembly poll) ৷ এই তালিকাত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ দৰে দলৰ পৰা অহা কমেও 10 জন প্ৰাৰ্থী অন্তৰ্ভুক্ত হৈছে ৷

এনপিপিৰ নেতা মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই বৃহস্পতিবাৰে তালিকাখন ৰাজহুৱা কৰাৰ লগে লগে 2018 চনৰ নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি আৰু এন পি পি নেতৃত্বাধীন চৰকাৰৰ সাফল্যৰ ওপৰত এখন পুস্তিকা প্ৰকাশ কৰে (Conrad Sangma gear up for election)। চাংমাই কয় যে, বিগত পাঁচ বছৰত বেলেগ দলৰ নেতাসকলে এন পি পিত যোগদান কৰিছে ৷ এই যোগদানে এনপিপি দলটো শক্তিশালী হৈ অহাৰ কথা প্ৰমাণ কৰে । তেওঁ লগতে কয় যে তেওঁলোকে ৰাজনৈতিক লাভালাভৰ বাবে নহয় বৰঞ্চ জনসাধাৰণৰ সেৱাৰ বৃহত্তৰ কামৰ বাবেহে দলত যোগদান কৰিছে ।

লগতে পঢ়ক: Meghalaya Assembly Election: মেঘালয়ত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপি ক্ষমতালৈ আহিব: নোমল মমিন

চাংমাই আৰু কয়, "এন পি পি চৰকাৰে মেঘালয়ৰ উন্নয়ন বৃদ্ধি আৰু নিশ্চিত কৰিছে । 50 বছৰত যি কাম কৰা হৈছিল, তাৰ তুলনাত যোৱা পাঁচ বছৰত এন পি পি নেতৃত্বাধীন চৰকাৰে অধিক উন্নয়নৰ সূচনা কৰিছে ।” অসম-মেঘালয়ৰ সীমা সমস্যাৰ প্ৰসংগও নিৰ্বাচনী ইছ্যু হিচাবে লৈছে এনপিপিয়ে ৷ দলৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰি কনৰাড চাংমাৰ দাবী, অসমৰ সৈতে সীমান্ত সমস্যা কেৱল এন পি পিয়েহে সমাধান কৰিব পাৰে (Assam Meghalaya border dispute) ।

“২০২৩ চনত আন এটা সুযোগ দিলে আমি সমাধান বিচাৰিম আৰু সীমান্ত সমস্যা সমাধান কৰিম ৷ বিশেষকৈ সীমান্ত অঞ্চলৰ লোকসকলে শান্তিপূৰ্ণভাৱে জীয়াই থাকে তাৰ ব্যৱস্থা কৰা হ’ব ।” এই বুলি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়ে এন পি পি কংৰাড চাংমাই । ২০২৩ চনৰ নিৰ্বাচনক গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কিয়নো এই নিৰ্বাচনৰ লগতে মেঘালয় গঠনৰ 51 সংখ্যক বছৰ সম্পূৰ্ণ হ’ব ।

আনহাতে, বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী দল মেঘালয় তৃণমূল কংগ্ৰেছত এক মোক্ষম আঘাত পৰে ৷ বৃহস্পতিবাৰে মেঘালয়ৰ তৃণমূল কংগ্ৰেছৰ দুগৰাকী বিধায়কে শাসকীয় এনপিপিত যোগদান কৰে । উত্তৰ গাৰো পাহাৰ জিলাৰ মেন্দিপথাৰৰ বিধায়ক মাৰ্থন চাংমা আৰু পশ্চিম গাৰো পাহাৰ জিলাত টিক্ৰিকিল্লাক প্ৰতিনিধিত্ব কৰা জিমি ডি চাংমাই বিধানসভাৰ পৰা পদত্যাগ কৰি এন পি পিত যোগদান কৰে ৷ আগন্তুক মেঘালয়ৰ বিধানসভা নিৰ্বাচনত মেঘালয়ৰ ৰাইজে কাক সমৰ্থন কৰে সেয়া লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক: Meghalaya Assembly Polls: মেঘালয়ৰ নিৰ্বাচন: তৃণমূল কংগ্ৰেছৰ ৫২ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.