ETV Bharat / bharat

Massive Fire in Jharkhand: একেটা পৰিয়ালৰে তিনিজনৰ মৃত্যু; আহত আন তিনিজন

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 11:13 AM IST

Massive Fire in Jharkhand
ঝাড়খণ্ডত ভয়ংকৰ অগ্নিকাণ্ড

ঝাড়খণ্ডৰ ধনবাদৰ জেৱাৰপট্টিত সোমবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ । অগ্নিকাণ্ডত এটি চাৰি বছৰীয়া শিশুসহ তিনিজন লোকৰ মৃত্যু । আনহাতে আন এটি ডেৰবছৰীয়া শিশুসহ তিনিজন লোক গুৰুতৰভাৱে অগ্নিদগ্ধ ৷ অগ্নিকাণ্ডত হতাহত হোৱা আটাইকেইজন একেটা পৰিয়ালৰে সদস্য ।

ঝাড়খণ্ডত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক, ১৪ নৱেম্বৰ: ঝাড়খণ্ডৰ ধনবাদৰ কেন্দুআদিহ থানা এলেকাৰ জেৱাৰপট্টিত সোমবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । এই অগ্নিকাণ্ডত দুগৰাকী মহিলাসহ এটি ডেৰবছৰীয়া কন্যা শিশু মৃত্যুমুখত পৰে । আনহাতে তিনিজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । আহত তিনিওজনেই সম্প্ৰতি সদৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । তেওঁলোক আটাইকেইজন একেটা পৰিয়ালৰে সদস্য ।

কেন্দুআদিহ থানা এলেকাৰ কেন্দুৱা বজাৰত অৱস্থিত জেৱাৰপট্টিৰ এছ কে জেনেৰেল শ্ৰিংগাৰ ষ্ট’ৰত সংঘটিত হৈছিল এই অগ্নিকাণ্ড । জুইৰ লেলিহান শিখাই মেকআপ ষ্ট’ৰৰ কাষতে থকা ইলেক্ট্ৰনিক দোকানখনো আগুৰি ধৰাত জুই অধিক ভয়াৱহ হৈ পৰে । স্থানীয় ৰাইজে জুই নিৰ্বাপনৰ চেষ্টা কৰাৰ লগতে অগ্নিনিৰ্বাপক বাহিনীক এই দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰে । ইয়াৰ পিছত দুখন ডাঙৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আৰু এখন সৰু বাহন সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷

এই অগ্নিকাণ্ড সংঘটিত হোৱা মেকআপ ষ্ট’ৰৰ ঠিক ওপৰত থকা ঘৰটোত এটা পৰিয়ালৰ ছয়জন সদস্য আছিল । অগ্নিনিৰ্বাপক বাহিনী বাহন অহাৰ পূৰ্বেই স্থানীয় ৰাইজে দোকানৰ ওপৰত থকা ঘৰটোত বাস কৰা লোকসকলৰ জীৱন ৰক্ষাৰ চেষ্টা চলাইছিল । ইফালে ব্যাপক অগ্নিকাণ্ডৰ বাবে ঘৰটোত থকা পৰিয়ালটোৰ লোকৰ অৱস্থাৰ অৱনতি ঘটিছিল । স্থানীয় লোকে পথৰ ওপৰৰ বেলকনিত জখলা লগাই ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰি তিনিজন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

ইয়াৰ পিছত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰাৰ লগতে পৰিয়ালটোৰ আন তিনিজন সদস্যক উলিয়াই অনাত সফল হয় । স্থানীয় ৰাইজে দোকানী সুভাষৰ ৩০ বছৰীয়া ভগ্নী প্ৰিয়ংকা গুপ্তা, ভাতৃ সুমিত গুপ্তা আৰু ডেৰ বছৰীয়া পুত্ৰ শিৱংশক ঘৰৰ পৰা উদ্ধাৰ কৰে । তেওঁলোকক লগে লগে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হয় ।

আনহাতে অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে দোকানৰ মালিক সুভাষ গুপ্তাৰ ৬৫ বছৰীয়া মাতৃ উমা দেৱী, পত্নী সুমন গুপ্তা আৰু চাৰি বছৰীয়া কন্যা মৌলিক উদ্ধাৰ কৰে । তেওঁলোকক লগে লগে সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালতে তেওঁলোকৰ মৃত্যু হয় । দুৰ্ঘটনাৰ সময়ত সুভাষ গুপ্তা আৰু তেওঁৰ পিতৃ অশোক গুপ্তা ঘৰৰ বাহিৰত আছিল, যাৰ বাবে দুয়োৰে প্ৰাণ ৰক্ষা পৰে।

লগতে পঢ়ক: Fire Incident in Bihar : বিহাৰত ভয়াৱহ অগ্নিকাণ্ডত অগ্নিদগ্ধ শতাধিক; বহুতৰে অৱস্থা সংকটজনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.