ETV Bharat / bharat

ভয়াৱহ অগ্নিকাণ্ডৰ পৰা কথমপি প্ৰাণ ৰক্ষা বিধায়ক মদন মিত্ৰৰ

author img

By

Published : Jun 8, 2021, 5:48 PM IST

তৃণমূল কংগ্ৰেছ (TMC)ৰ বিধায়ক মদন মিত্ৰৰ ভৱানীপুৰস্থিত বাসগৃহত বিধ্বংসী অগ্নিকাণ্ড(FIRE) । শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগাৰ পিছতে বিধায়কগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় । বাসগৃহটোৰ তলৰ মহলাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ।

Massive fire at Madan Mitra's Kolkata house
তৃণমূল কংগ্ৰেছৰ বিধায়ক মদন মিত্ৰৰ ভৱানীপুৰস্থিত বাসগৃহত অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক, ৮ জুন: মঙলবাৰে পুৱা তৃণমূল কংগ্ৰেছ (TMC)ৰ বিধায়ক মদন মিত্ৰৰ পশ্চিমবংগৰ ভৱানীপুৰস্থিত বাসগৃহত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় । কথমপি প্ৰাণ ৰক্ষা পৰে বিধায়কগৰাকীৰ । অট্টালিকাটোৰ তলৰ মহলাত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পিছতে ধোঁৱাই ছানি ধৰে বাসগৃহটো । ফলত মদন মিত্ৰই শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগে ।

অক্সিজেন সমৰ্থন দি তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় । জানিব পৰা মতে, মঙলবাৰে পুৱা প্ৰায় ১০ বজাত অট্টালিকাটোৰ তলৰ মহলাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । মদন মিত্ৰৰ পৰিয়ালৰ সদস্যই তলৰ মহলাৰ পৰা ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰিছিল ।

অগ্নিকাণ্ড সন্দৰ্ভত তৃণমূল কংগ্ৰেছ (TMC)ৰ বিধায়ক মদন মিত্ৰই কয় যে, তেওঁ চি অ' পি ডি ৰোগী আৰু বহু পৰিমাণৰ কাৰ্বন-ডাই অক্সাইড কোঠাৰ ভিতৰত সোমোৱাৰ বাবে তেওঁ উশাহ-নিশাহ লোৱাত কষ্ট পাইছিল । পিছত পৰিয়ালৰ লোকে অক্সিজেনৰ যোগান ধৰে ।

বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ উন্নতি হৈছে বুলি জানিব পৰা গৈছে । আনহাতে, অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখনকৈ বাহেনেৰে পুৰণি অট্টালিকাটোৰ জুই নিৰ্বাপিত কৰা হয় । অৱশ্যে মদন মিত্ৰই জুইৰ কাৰণ সম্পৰ্কে একো তথ্য প্ৰকাশ কৰা নাই ।

অগ্নি নিৰ্বাপক সেৱাৰ এজন বিষয়াই কয় যে, মদন মিত্ৰৰ অট্টালিকাটো বহু পুৰণি আৰু কি কাৰণত জুই লাগিছিল সেয়া জানিব পৰা হোৱা নাই । শ্বৰ্ট চাৰ্কিটৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে অগ্নিনিৰ্বাপক বাহিনীয়ে । অগ্নিকাণ্ড সন্দৰ্ভত তদন্ত কৰা হ'ব বুলিও বিষয়াজনে জানিবলৈ দিয়ে ।

লগতে পঢ়ক:বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে চিপিআই(এম)ৰ গুৰুতৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.