ETV Bharat / bharat

Manipur violence: গৃহমন্ত্ৰী অমিত শ্বাহলৈ মেৰী কমৰ পত্ৰ প্ৰেৰণ

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 9:40 PM IST

বক্সিং তাৰকা এম চি মেৰী কমে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হস্তক্ষেপ বিচাৰি এক পত্ৰ প্ৰেৰণ কৰিছে ৷ পত্ৰখনত উল্লেখ কৰে যে, নিৰাপত্তা বাহিনীয়ে মণিপুৰৰ কম গাঁৱলৈ দুয়োটা দুৰ্বৃত্তৰ গোটক প্ৰৱেশ কৰাত বাধা দিব লাগে ৷

Mary Kom Writes To Amit Shah For Protection Of Kom Villages
গৃহমন্ত্ৰী অমিত শ্বাহলৈ মেৰী কমৰ পত্ৰ প্ৰেৰণ

তেজপুৰ, 1 ছেপ্টেম্বৰ : মণিপুৰৰ ভিন্ন প্ৰান্তত এতিয়াও শাম কটা নাই পৰিস্থিতি ৷ মণিপুৰৰ কেইবাখনো জিলাত দুৰ্বৃত্তৰ দল আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে ৷ বক্সিং তাৰকা এম চি মেৰী কমে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হস্তক্ষেপ বিচাৰি এক পত্ৰ প্ৰেৰণ কৰিছে ৷

Mary Kom Writes To Amit Shah For Protection Of Kom Villages
Mary Kom Writes To Amit Shah For Protection Of Kom Villages

পত্ৰখনত উল্লেখ কৰে যে, নিৰাপত্তা বাহিনীয়ে মণিপুৰৰ কম গাঁৱলৈ দুয়োটা দুৰ্বৃত্তৰ গোটক অনুপ্ৰৱেশ কৰাত বাধা দিব লাগে ৷ কম সম্প্ৰদায় মণিপুৰৰ এটা থলুৱা জনজাতি লগতে সংখ্যালঘুসকলৰ ভিতৰত আটাইতকৈ সৰু জনজাতি ৷

Mary Kom Writes To Amit Shah For Protection Of Kom Villages
Mary Kom Writes To Amit Shah For Protection Of Kom Villages

"আমি সকলোৱে দুটা প্ৰতিদ্বন্দী সম্প্ৰদায়ৰ মাজত সোমাই পৰিছো ৷ দুয়োটা সম্প্ৰদায়ে আমাৰ সম্প্ৰদায়ৰ লোকসকলক সন্দেহৰ চকুৰে চাই, ফলত সকলো সমস্যাত মাজতে আমি সোমাই পৰিছো ৷ এটা সংখ্যালঘু জনজাতি হোৱাৰ লগতে দুৰ্বল আভ্যন্তৰীণ আন্তঃগাঠনিৰ বাবে আমি আমাৰ অধিকাৰ ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিয়া কোনো শক্তিৰ বিৰুদ্ধে থিয় দিবলৈ সক্ষম হোৱা নাই," পদ্ম বিভূষণ বঁটা প্ৰাপক মেৰী কমে কয় ৷

তেওঁ লগতে কয়, "দুয়োটা দুৰ্বৃত্তৰ গোটে গাঁৱত প্ৰৱেশ কৰিব নোৱাৰাকৈ আমি নিৰাপত্তা বাহিনীৰ সহায় বিচাৰো ৷ আমি সকলোৱে একেলগে থাকিব লাগিব. গতিকে আমাৰ মাজত বিভাজন কৰা আৰু আক্ৰমণ কৰা কাৰ্যৰ পৰা বিৰত থাকক ৷" খেলুৱৈগৰাকীয়ে পত্ৰখনৰ যোগেদি মণিপুৰৰ সকলোকে বিশেষকৈ মেইটেই আৰু কুকি জো সম্প্ৰদায়ৰ লোকসকলক একেলগে হৈ সহযোগিতা আগবঢ়াই, তেওঁলোকৰ মাজত ভেদভাৱ আঁতৰাই ৰাখি ৰাজ্যখনত শান্তি আৰু স্বাভাৱিক পৰিস্থিতি ঘূৰাই আনিবলৈ আহ্বান জনায় ৷

ৰাজ্যসভাৰ প্ৰাক্তন সদস্যগৰাকীয়ে ভাৰতীয় সেনা, অৰ্ধসামৰিক বাহিনী আৰু ৰাজ্যিক বাহিনীৰ সকলো নিয়োজিত সদস্যক জনসাধাৰণৰ সুৰক্ষাৰ বাবে তেওঁলোকৰ দায়িত্ব পালন কৰাত নিৰপেক্ষ হ'বলৈ আৰু ৰাজ্যখনত শান্তি আৰু স্বাভাৱিকতা বজাই ৰাখিবলৈ সহযোগ কৰিবলৈ অনুৰোধ জনায়।

লগতে পঢ়ক: Supreme Court on Manipur violence : মণিপুৰত খাদ্য আৰু ঔষধ যোগান নিশ্চিত কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.