The Kerala Story impact: মুছলমান যুৱকৰ সৈতে বিবাহ বাতিল বিজেপি নেতাৰ কন্যাৰ

author img

By

Published : May 22, 2023, 10:32 PM IST

Marriage postponed cause of The Kerala Story in Uttarakhand

দ্য কেৰালা ষ্টৰীৰ প্ৰভাৱতেই এখন বিবাহ বাতিল হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ বিজেপি নেতাৰ কন্যা মনিকা আৰু মুছলমান সম্প্ৰদায়ৰ যুৱক মনিষৰ বিবাহৰ দিন পিছুৱাবলৈ বাধ্য হ’ল পৰিয়ালৰ লোকে (Marriage postponed cause of The Kerala Story) ৷

নিউজ ডেস্ক, 22 মে’ : সদ্যমুক্তিপ্ৰাপ্ত দ্য কেৰালা ষ্টৰীয়ে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (The Kerala Story impact) ৷ দ্য কেৰালা ষ্টৰী ছবিখনক একাংশই নিৰ্বাচনৰ বাবে একপক্ষীয় প্ৰচাৰ বুলি অভিহিত কৰিছিল যদিও ছবিখনে দৰ্শকৰ মনত দকৈ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে ৷ ছবিখনত ইছলাম সন্ত্ৰাসবাদী গোট আইছিছলৈ কেনেদৰে হিন্দু যুৱতীৰ সৰবৰাহ কৰা হৈছিল লগতে ধৰ্ম পৰিৱৰ্তনৰ এক ভয়ংকৰ নেটৱৰ্ক গঢ়ি তোলা হৈছিল তাকেই দৰ্শকক দেখুওৱা হৈছিল (Marriage postponed cause of The Kerala Story)৷

এইবাৰ দ্য কেৰালা ষ্টৰীৰ প্ৰভাৱতেই এখন বিবাহ বাতিল হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ মনিকাৰ জীৱনলৈ ধুমুহা অহাৰ দৰেই পৰিগনিত হৈছিল এই ছবিখন ৷ উত্তৰাখণ্ডৰৰ বিজেপি নেতা তথা পাউৰী পৌৰসভাৰ সভাপতি যশপাল বেনামে বাতিল কৰে নিজ কন্যাৰ বিবাহ অনুষ্ঠান (BJP leader daughter marriage postponed) ৷ অহা 28 মে’ত বিবাহৰ দিন ধাৰ্য কৰা হৈছিল মনিকা আৰু মনিষৰ ৷ দৰাচলতে মনিষ খান হৈছে এজন মুছলমান সম্প্ৰদায়ৰ যুৱক ৷

বিজেপি নেতা বেনামৰ জীয়ৰী মনিকাই ৰুৰকীৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়ি থাকোতে মনিষ খানৰ প্ৰেমত পৰিছিল ৷ তাৰ পিচতেই দুয়োৱে নিজ নিজ ঘৰত এই সম্পৰ্কৰ কথা জনোৱাত দুয়োখন ঘৰে এই সম্পৰ্ক মানি লৈছিল ৷ তাৰ পিচতেই মনিকা আৰু মনিষৰ বিবাহৰ দিন ঠিক নিৰ্ধাৰণ কৰা হৈছিল ৷ বেনাম আৰু তেওঁৰ পত্নী ঊষা ৰাৱাটে উত্তৰাখণ্ডৰ পাউৰী গড়ৱালৰ এটা বেঙ্কুৱেট হলত দুয়োৰে বিয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল ৷

ইয়াৰ পিচতেই সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা লাভ কৰিছিল বিয়াৰ কাৰ্ডখন ৷ বিবাহৰ কাৰ্ডখন ভাইৰেল হোৱাৰ পিছত বিতৰ্কৰ সৃষ্টি হৈছিল ৷ বেনামক বিজেপি সমৰ্থক আৰু বিৰোধী উভয়ে ট্ৰ'ল কৰিছিল আৰু তীব্ৰ সমালোচনা কৰিছিল ৷ বহুতো ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে কৈছিল যে, বিজেপিয়ে দেশজুৰি দ্য কেৰালা ষ্ট’ৰীৰ প্ৰচাৰ চলাই থকাৰ লগতে ছবিখন কৰমুক্ত কৰাৰ সময়তে এজন বিজেপি নেতাৰ কন্যাই এজন মুছলমান যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ যো-জা চলাইছে ৷ বেনামে উত্তৰ প্ৰদেশ, হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু অন্যান্য ৰাজ্যৰ হিন্দু সংগঠনসমূহৰ পৰা ফোন কল পাবলৈ আৰম্ভ কৰিছিল ৷

আৰম্ভণিতে, বিজেপি নেতাগৰাকীয়ে সকলো ফোন কলৰ সঁহাৰি দি বুজাবলৈ চেষ্টা কৰিছিল যে, এয়া আমাৰ সন্তানৰ নিজস্ত সিদ্ধান্ত ৷ কিন্তু তাৰ পিচতো সমালোচনা অব্যাহত আছিল আৰু অৱশেষত, পৰিয়ালটোৱে দৰাৰ পৰিয়ালৰ সৈতে পাৰস্পৰিক সন্মতিৰ পিচত এই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি বেনামৰ সৈতে বিবাহ বাতিল কৰাৰ সিদ্ধান্ত লৈছিল ৷

বেনামে কৈছিল যে, যিহেতু ৰাইজ এই সিদ্ধান্তত অসন্তুষ্ট আৰু লগতে বৰ্তমানৰ পৰিস্থিতি বিবাহৰ বাবে অনুকূল নহয়, সেয়েহে বিবাহৰ দিন পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

উত্তৰাখণ্ডৰ ৰাজনীতিৰ বিশেষজ্ঞ ভগীৰথ শৰ্মাই কৈছিল যে, এই ঘটনাই বেনামৰ ৰাজনৈতিক কেৰীয়াৰক বিপদত পেলাব পাৰ ৷ বেনামৰ বিজয়ৰ এটা মুখ্য কাৰণ হ'ল তেওঁ এই অঞ্চলৰ ৩০০০ মুছলমান আৰু হিন্দুক সফলতাৰে সমৰ্থন কৰিবলৈ সক্ষম হৈছে ৷ বিজেপিয়ে তেওঁক সদায় টিকট দি আহিছে ৷ বিজেপিয়ে তেওঁক নিজ আসনখন নিশ্চিত কৰাত সহায় কৰিছে ৷ এই ঘটনাই তেওঁৰ ৰাজনৈতিক জীৱনত প্ৰভাৱ পেলোৱাৰ উপক্ৰম হৈছে ৷

লগতে পঢ়ক: Delhi HC summons BBC : বিবিচিক দিল্লী উচ্চ ন্যায়ালয়ৰ চমন জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.