ETV Bharat / bharat

মিৰ্জাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত 4, আহত 3

author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 11:55 AM IST

Four killed two seriously injured in collision between car and trailer in Mirzapur
উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা

উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । এখন চাৰি চকীয়া বাহন আৰু ট্ৰেইলৰৰ মাজত হোৱা সংঘৰ্ষত চাৰিজন লোকৰ মৃত্যু ৷ লগতে আহত হৈছে এটি শিশুসহ দুজন ৷

নেশ্যনেল ডেস্ক, 26 নৱেম্বৰ : শনিবাৰে মাজ নিশা উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । মিৰ্জাপুৰত এখন চাৰি চকীয়া বাহন আৰু ট্ৰেইলৰৰ মাজত সংঘৰ্ষ হয় ৷ ফলত চাৰিজন লোকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে । ইফালে উক্ত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন লোক । আৰক্ষীয়ে আহত দুয়োকে চিকিৎসাৰ বাবে ট্ৰমা চেণ্টাৰলৈ প্ৰেৰণ কৰে ৷

শনিবাৰে মাজ নিশা আদলহাট আৰক্ষী থানাৰ ছিকিয়াত অৱস্থিত পেট্ৰ’ল পাম্পৰ সমীপতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । তথ্য অনুসৰি, এখন চাৰিচকীয়া বাহনত বিবাহ অনুষ্ঠানৰ পৰা ঘৰৰ অভিমুখে উভতি আহি আছিল কেবাজনো লোক ৷ তেনেতে চাৰিচকীয়া বাহনখনৰ সৈতে এখন ট্ৰেইলৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয় । এই দুৰ্ঘটনাটো চাৰিচকীয়া বাহনখন বেয়াকৈ ক্ষতিসাধন হয় ।

তাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ খবৰ দিয়া হয় আৰক্ষীক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত পতিত হোৱা লোকলসকল উদ্ধাৰৰ ব্যৱস্থা কৰে ৷ আৰক্ষীৰ তথ্য অনুসৰি, দুৰ্ঘটনাত পতিত হোৱা চাৰিচকীয়া বাহনখনত মুঠ ৭ জন লোক আছিল ।

এই দুৰ্ঘটনাত ৪ গৰাকী মহিলাৰ থিতাতে মৃত্যু হয় । স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে এটি শিশুসহ দুজন লোকক অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইয়াৰ লগতে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহকেইটাও প্ৰেৰণ কৰিছে ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ লগতে মৃত লোক কেইজনৰ আত্মীয়ৰ সন্ধানত আৰক্ষীয়ে যুগুত কৰিছে তথ্যও ৷

লগতে পঢ়ক : ১৫ দিনে মুকলি বতাহত উশাহ লোৱাৰ আশাত বন্দী ৪১ জন শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.