ETV Bharat / bharat

পুণেত পথ দুৰ্ঘটনা; একেটা পৰিয়ালৰে ৪ জন লোক নিহত

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 10:22 AM IST

Ahmednagar Kalyan Highway triple accident
পুণেত পথ দুৰ্ঘটনা

Maharashtra Pune road accident: মহাৰাষ্ট্ৰৰ পুণেৰ আহমেদনগৰ-কল্যাণ ঘাইপথৰ ডিংগোৰ সীমান্তৰ অঞ্জিৰা বাগত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে ৮ জন লোক ৷ ইয়াৰে ৪ জন লোক একেটা পৰিয়ালৰে ৷

মহাৰাষ্ট্ৰত পথ দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, ১৮ ডিচেম্বৰ : মহাৰাষ্ট্ৰৰ পুণেত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ মহাৰাষ্ট্ৰৰ আহমেদনগৰ-কল্যাণ ঘাইপথৰ ডিংগোৰ সীমান্তৰ অঞ্জিৰা বাগত সংঘটিত এই ভয়াৱহ পথ দুৰ্ঘটনাটো ৷ শেহতীয়া বাতৰি অনুসৰি, এই দুৰ্ঘটনাত থিতাতে ৮ জন লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হৈছে ৷ ইয়াৰে নিহত ৪ জন ব্যক্তি একেটা পৰিয়ালৰে বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে, প্ৰথমতে এখন পাচলি কঢ়িওৱা ৰিক্সা আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ লগাৰ ফলতে সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ৷ এই দুৰ্ঘটনাৰ ফলত আহত কেবাজনো লোক পদপথত চিটিকি পৰে ৷ দেওবাৰে নিশা প্ৰায় ১০ বজাৰ পৰা ১১ বজাৰ ভিতৰত সংঘটিত হোৱা এই দুৰ্ঘটনাত কেবাজনো লোকৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে ৷

Ahmednagar Kalyan Highway triple accident
পুণেত পথ দুৰ্ঘটনা

এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতে স্থানীয় লোকে ততাতৈয়াকৈ খবৰ দিয়ে আৰক্ষীক ৷ খবৰ পোৱা মাত্ৰে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱাৰ ব্যৱস্থা কৰে ৷ ইফালে নিশাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেও আহতসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ হাস্পতালত উপস্থিত হয় ৷ আনকি কেবাজনো আহত লোকক মুখ্যমন্ত্ৰী সিন্দেই নিজ বাহনেৰে হাস্পতাললৈ অনাৰ ব্যৱস্থা কৰে বুলি জানিব পৰা গৈছে ৷

Ahmednagar Kalyan Highway triple accident
মহাৰাষ্ট্ৰত পথ দুৰ্ঘটনা

আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি, এই দুৰ্ঘটনাটোত মুঠ ৮ জন লোকৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত আছে পাঁচজন পুৰুষ, এগৰাকী মহিলা আৰু দুটা নাবালক শিশু আছে । নিহত কেইজন হৈছে গণেশ মাস্কাৰে (৩০), কোমল মাস্কাৰে (২৫ বছৰ), হৰ্ষদ কোমল মাস্কাৰে (বয়স ৪), কাব্য কোমল মাস্কাৰে (বয়স ৬) । এই কেইজন হৈছে একেটা পৰিয়ালৰে সদস্য ৷

নিহত আৰু এজন নাম হৈছে আমোল মুকুন্দ থোখে ৷ বাতৰি যুগুত কৰা পৰ্যন্ত বাকী কেইজন মৃতকৰ নাম উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷ বাকী নিহত কেইজন চিনাক্তকৰণৰ বাবে আৰক্ষীয়ে প্ৰচেষ্টা অব্যাহত আছে ৷

লগতে পঢ়ক : চাৰি ৰাজ্যৰ পৰাজয়ৰ কাৰণ মন্থন কৰিবলৈ 21 ডিচেম্বৰত চি ডব্লিউ চিৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.