ETV Bharat / bharat

24 houses collapsed in Agra: আগ্ৰাত খহিল 24 টাকৈ বাসগৃহ, ধ্বংসাৱশেষৰ মাজত আবদ্ধ বহু লোক

author img

By

Published : Jan 26, 2023, 10:39 AM IST

many people buried under debris due to houses collapse during excavation in agra
আগ্ৰাত খনন কাৰ্যৰ বাবে খহি পৰিল 24 টাকৈ বাসগৃহ

আগ্ৰাত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ আগ্ৰা চিটি ষ্টেচন ৰোডৰ ধৰ্মশালাত খনন কাৰ্য চলি থকাৰ মাজতে অঞ্চলটোৰ 24 টাকৈ বাসগৃহ খহি পৰে (24 houses collapsed in Agra) ৷ উদ্ধাৰকাৰী দলে এতিয়ালৈ 3 গৰাকী লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও বহু লোক ধ্বংসাৱশেষৰ মাজত সোমাই পৰা বুলি জানিব পৰা গৈছে ৷

আগ্ৰাত খনন কাৰ্যৰ বাবে খহি পৰিল 24 টাকৈ বাসগৃহ

নেশ্যনেল ডেস্ক, 26 জানুৱাৰী: আজি দেশজুৰি উলহে মালহে পালন কৰা হৈছে 74 সংখ্যক গণৰাজ্য দিৱস (74 th Republic Day) ৷ গণৰাজ্য দিৱসৰ উছাহৰ মাজতে উত্তৰ প্ৰদেশৰ আগ্ৰাত এটা শোকাৱহ ঘটনা সংঘটিত হয় ৷ বৃহস্পতিবাৰে আগ্ৰা চিটি ষ্টেচন ৰোডৰ ধৰ্মশালাত খনন কাৰ্য চলি থকাৰ মাজতে অঞ্চলটোত 24 টাকৈ বাসগৃহ খহি পৰে (24 houses collapsed in Agra) ৷ লগে লগে অঞ্চলটোত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় (houses collapse during excavation in Agra) ৷

ঘৰসমূহ খহি পৰাৰ ফলত সেই স্থানত বাস কৰা বহুলোক ধ্বংসস্তুপৰ তলত সোমাই পৰে (Many people feared buried debris)। ততালিকে স্থানীয় লোকসকলে ধ্বংসাৱশেষৰ মাজত পুত যোৱা লোকসকলক উদ্ধাৰৰ প্ৰয়াস অব্যাহত ৰাখিছে ৷ ঘটনাস্থলীত উপস্থিত লোকসকলে এই ঘটনাৰ বিষয়ে স্থানীয় প্ৰশাসনক অৱগত কৰাৰ পিছতো বহুস সময়লৈ এম্বুলেন্স আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হোৱা নাছিল ।

যদিও বহু পলমকৈ অভিযানকাৰী দলকে ধৰি আৰক্ষীৰ লোক আৰু এম্বুলেন্স ঘটনাস্থলীত উপস্থিত হয় (Rescue team continues rescue operation) ৷ উদ্ধাৰকাৰী দলে বাতৰি যুগুতোৱাৰ সময়লৈ ধ্বংসাৱশেষৰ তলৰ পৰা তিনিজন লোকক বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হৈছে (3 rescued in houses collapsed in Agra) ৷ উদ্ধাৰ অভিযানত এটা শিশুকো জীৱন্তে উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে ৷ এই ভয়ংকৰ ঘটনাটোত বহু লোক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হোৱাৰ আশংকা কৰিছে অৰক্ষীয়ে ।

এগৰাকী আৰক্ষী বিষয়াই জনোৱা অনুসৰি ধৰ্মশালাত চলি থকা খনন কাৰ্যৰ পৰিণতিতেই সেই স্থানত কৰা ঘৰবোৰ এনেদৰে খহি পৰিবলৈ পালে । সম্প্ৰতি ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত থকাৰ লগতে আৰক্ষীয়ে ঘটনা প্ৰসংগত অনুসন্ধান আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: Blast in Manipur: গণৰাজ্য দিৱসৰ পূৰ্ব সন্ধিয়া মণিপুৰত বিস্ফোৰণ; আহত 3

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.