ETV Bharat / bharat

PM Modi on Mann Ki Baat : মন কী বাত অনুষ্ঠানত মহিলা বিজ্ঞানীসকলক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 2:22 PM IST

PM Modi on Mann Ki Baat
মন কি বাত অনুষ্ঠানত মহিলা বিজ্ঞানীসকলক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন কৰে । মন কী বাত অনুষ্ঠানৰ জৰিয়তে তেওঁ মহিলা বিজ্ঞানীসকলক প্ৰশংসা কৰে । বিশ্ব সংস্কৃত দিৱসৰো শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

নেশ্যনেল ডেস্ক, ২৭ আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুনৰ ইছৰোৰ মহিলা বিজ্ঞানীসকলক প্ৰশংসা কৰিছে । মাহেকীয়া ৰেডিঅ' অনুষ্ঠান মন কী বাতৰ ১০৪ সংখ্যক খণ্ডত ভাষণ প্ৰদান কৰি চন্দ্ৰযান-৩ত জড়িত মহিলা বিজ্ঞানীসকলক তেওঁ প্ৰশংসা কৰে । প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে নাৰী শক্তিশালী হৈছে আৰু ই চন্দ্ৰযান-৩ৰ সফলতাত বহু মহিলা বিজ্ঞানী জড়িত থকাৰ কথা প্ৰতিফলিত হৈছে ।

বিশ্ব সংস্কৃত দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে বিজ্ঞান আৰু ব্যাকৰণৰ বাবে জনাজাত সংস্কৃত । সকলো বিশ্ববিদ্যালয়তে প্ৰাচীন ভাষাৰ প্ৰচাৰৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে । প্ৰধানমন্ত্ৰীৰ মতে দেশত সংস্কৃত বিশ্ববিদ্যালয়ৰ সংখ্যা বৃদ্ধি পাইছে । তেওঁ লগতে কয় যে দেশপ্ৰেমৰ মনোভাৱ যথেষ্ট বৃদ্ধি পাইছে ।

জনসাধাৰণক দেশৰ বৈচিত্ৰ্য অন্বেষণ কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী মোডীয়ে পৰ্যটনক উৎসাহিত কৰাত জড়িত সকলোকে প্ৰশংসা কৰে । প্ৰধানমন্ত্ৰীৰ মাহেকীয়া ৰেডিঅ' অনুষ্ঠান 'মন কী বাত' সম্প্ৰচাৰ পুৱা ১১ বজাত আৰম্ভ হয় । ইয়াৰ পূৰ্বে সামাজিক মাধ্যম প্লেটফৰ্ম এক্সত এক পোষ্টযোগে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে সমগ্ৰ ভাৰতৰ পৰা প্ৰেৰণাদায়ক জীৱন যাত্ৰাৰ ওপৰত আলোকপাত কৰি তেওঁ সদায় আনন্দিত হৈছে ।

প্ৰধানমন্ত্ৰী মোডীৰ স্বাক্ষৰ কাৰ্যসূচী হৈ পৰা 'মন কী বাত' প্ৰথমবাৰৰ বাবে ২০১৪ চনৰ ৩ অক্টোবৰত আৰম্ভ হৈছিল আৰু ইয়াৰ শতবাৰ্ষিকী খণ্ডটো এই বছৰৰ ৩০ এপ্ৰিলত সম্প্ৰচাৰিত হৈছিল । প্ৰধানমন্ত্ৰীৰ মাহেকীয়া ৰেডিঅ' ভাষণৰ উদ্দেশ্য হৈছে সমাজৰ সকলো শ্ৰেণীক প্ৰভাৱিত কৰা আৰু প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ বাবে নিৰ্ধাৰণ কৰা মহান লক্ষ্যসমূহ পূৰণ কৰাত তেওঁলোকক অৱদান আগবঢ়াবলৈ অনুপ্ৰাণিত কৰা ।

লগতে পঢ়ক :Mann Ki Baat : আজি প্ৰধানমন্ত্ৰীৰ ১০৪ সংখ্যক ‘‘মন কী বাত’’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.