ETV Bharat / bharat

Manipur Crisis: উলংগভাৱে পেৰেড কৰোৱা দুই মহিলাৰ লজ্জা ঢাকিবলৈ দহ লাখকৈ টকা

author img

By

Published : Jul 30, 2023, 7:29 AM IST

গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰত শনিবাৰে আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে ৰাজ্যপাল অনুছুইয়া উইকেয়ে ৷ এচাম উন্মত্ত লোকে উলংগ কৰাই পেৰেড কৰোৱা দুই মহিলালৈ 10 লাখকৈ টকাৰ চেক আগবঢ়ালে ৰাজ্যপালে

Manipur Crisis
Manipur women naked parade

নিউজ ডেস্ক, 30 জুলাই: মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকেয়ে শনিবাৰে জনগোষ্ঠীয় সংঘৰ্ষৰ কেন্দ্ৰস্থল চুৰাচান্দপুৰৰ সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি সংহতি প্ৰকাশ কৰে । বিৰোধী শিবিৰৰ এটা ২১ জনীয়া প্ৰতিনিধি দল হিংসাজৰ্জৰ অঞ্চলটোলৈ গৈ থকা সময়তে তাত উপস্থিত হয় ৰাজ্যপাল উইকে । আনহাতে উন্মত্ত একাংশ লোকে উলংগভাৱে পেৰেড কৰোৱা মহিলা দুগৰাকীৰ পৰিয়ালক ১০ লাখ টকাকৈ আৰ্থিক ক্ষতিপূৰণৰ চেক প্ৰদান কৰে ৰাজ্যপালগৰাকীয়ে ।

৩৬ আছাম ৰাইফলছৰ হেলিপেডত অৱতৰণ কৰাৰ পিছত উইকেয়ে ছেইণ্ট পল ইনষ্টিটিউট ৰিলিফ কেম্পলৈ যায় ৷ তাৰ পিছত ৰেংকাইৰ ইয়ং লাৰ্নাৰ স্কুললৈ ৰাওনা হয় য’ত প্ৰায় ১৬০-১৭০ জন লোকে আশ্ৰয় গ্ৰহণ কৰি আছে । ক্ষতিগ্ৰস্ত লোকসকল থকা সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰে ৰাজ্যপালে । প্ৰতিটো পৰিয়ালক হাইজিন কিট, শিশুৰ বাবে খাদ্য সামগ্ৰী, কিছু নগদ ধনকে ধৰি বিভিন্ন সাহায্য সামগ্ৰীও বিতৰণ কৰে উইকেয়ে ।

যুৱক-যুৱতীসকলক আইন হাতত নল’বলৈ আৰু অবৈধ কাম-কাজৰ পৰা বিৰত থাকিবলৈ ৰাজ্যপালৰ আহ্বান । উইকেয়ে কয় যে, তেওঁ শিবিৰসমূহ ভ্ৰমণ কৰি ক্ষতিগ্ৰস্ত লোকসকলক সান্ত্বনা, সহানুভূতি আৰু সমৰ্থন আগবঢ়াইছে । শান্তি পুনৰুদ্ধাৰৰ বাবে সকলো সম্ভৱপৰ কাম কৰাৰ আশ্বাস দি তেওঁ কয়, "চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ প্ৰদান কৰিব"।

লগতে পঢ়ক: Manipur Violence update: চুৰাচান্দপুৰৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন ৰাজ্যপাল অনুসূয়া উইকীৰ

টুইবঙত অৱসৰপ্ৰাপ্ত চাকৰিয়ালসকলৰ পৰিয়ালৰ সৈতেও মত বিনিময় কৰে ৰাজ্যপালগৰাকীয়ে । কুকি ইনপি, আই টি এল এফ, কুকি উইমেন অৰ্গেনাইজেচন ফৰ হিউমেন ৰাইটছে তেওঁক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । ৰাজ্য সৈনিক ব’ৰ্ডৰ সভাপতি হিচাপে ৰাজ্যপালে সাতটা অৱসৰপ্ৰাপ্ত চাকৰিয়ালৰ পৰিয়ালক কিছু সাহায্য সামগ্ৰীৰ সৈতে ১৫ হাজাৰকৈ টকাও প্ৰদান কৰে ।

উইকেয়ে কয় যে, তেওঁ দ্বিতীয়বাৰৰ বাবে জিলাখনলৈ আহিছিল ৰাইজৰ সমস্যা শুনিবলৈ । "এতিয়ালৈকে কিছুমান সমস্যাৰ সমাধান কৰা হৈছে । যিহেতু পথ অৱৰোধৰ বাবে ঔষধ পৰিবহণ কৰাটো কঠিন হৈ পৰিছিল সেয়েহে তেওঁ আঁঠুৱা, টাৰ্পলিন, হাইজিন কিট আদিকে ধৰি কিছু সামগ্ৰী আৰু অন্যান্য সাহায্য সামগ্ৰী লগত লৈ আহিছিল," তেওঁ কয় ।

ৰাজহুৱা স্থানত উলংগ হৈ পেৰেড কৰোৱা ‘ভগ্নী’ দুগৰাকীক ব্যক্তিগতভাৱে লগ পোৱা বুলিও কয় উইকেয়ে লগতে তেওঁলোকৰ পৰিয়ালৰ হাতত ১০ লাখ টকাকৈ গতাই দি গভীৰ সহানুভূতি প্ৰকাশ কৰা বুলি তেওঁ উল্লেখ কৰে । "এই কাণ্ডত জাতি আৰু সমগ্ৰ দেশে লাজ পাইছে । তেওঁলোকক প্ৰয়োজনীয় আৰ্থিক আৰু নৈতিক সহায় কৰা হ'ব" বুলি আশ্বাস দিয়ে অনুছুইয়া উইকেয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.