ETV Bharat / bharat

শ্বেখ হাচিনাৰ ভাৰত ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীক সাক্ষাৎ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Sep 5, 2022, 4:56 PM IST

ভাৰত আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ মাজত অনুষ্ঠিত হ’বলগীয়া বৈঠকৰ (meeting between PM of India and Bangladesh) পূৰ্বে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চলিত বিভিন্ন আঁচনিৰ বৰ্তমানৰ স্থিতিৰ বিষয়ে অৱগত কৰে (Manik Saha met Narendra Modi) ।

Tripura
Tripura

নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ : ভাৰত আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ মাজত অনুষ্ঠিত বৈঠকৰ (meeting between PM of India and Bangladesh) পূৰ্বে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চলিত বিভিন্ন আঁচনিৰ বৰ্তমানৰ স্থিতিৰ বিষয়ে অৱগত কৰে (Manik Saha met Narendra Modi) ।

দেওবাৰে ত্ৰিপুৰাৰ পৰা দিল্লীলৈ ৰাওনা হোৱা ডাঃ মাণিক সাহাই আজি পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে । "আজি নতুন দিল্লীত আদৰণীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ সৈতে সাক্ষাৎ কৰি আনন্দিত হৈছোঁ । স্বাস্থ্য, শিক্ষা, বাণিজ্য, আন্তঃগাঁথনি উন্নয়ন আৰু চলিত বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিৰ বৰ্তমানৰ স্থিতি সম্পৰ্কে মাননীয় প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰা হৈছে ।" ডাঃ সাহাই তেওঁৰ ফেচবুক পেজত এনেদৰে লিখে (Manik Saha Facebook post) ।

তেওঁ লগতে জনায় যে, প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাত সামগ্ৰিক উন্নয়নৰ বাবে কেন্দ্ৰৰ প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে । "তেওঁৰ গতিশীল নেতৃত্ব, দৃষ্টিভংগী আৰু নিৰ্দেশনাৰ অধীনত আমি ত্ৰিপুৰাৰ জনসাধাৰণৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।" মুখ্যমন্ত্ৰীগৰাকয়ে নিজৰ পোষ্টটোত লগতে উল্লেখ কৰে (Tripura CM Manik Saha) ।

অৱশ্যে, এইটোও আশা কৰা হৈছে যে মুখ্যমন্ত্ৰী মাণিক সাহাই কেইবা মাহ ধৰি ৰাজ্যখনে সন্মুখীন হৈ থকা সীমান্ত সম্পৰ্কীয় সমস্যাসমূহৰ বিষয়েও তেওঁক অৱগত কৰাব । উল্লেখ্য, চুবুৰীয়া বাংলাদেশৰ সৈতে ত্ৰিপুৰাৰ ৮৫৬ দৈৰ্ঘ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে (Tripura Bangladesh international border) ।

উল্লেখ্য, সোমবাৰে চাৰিদিনীয়া কাৰ্যসূচীৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনা ভাৰত ভ্ৰমণলৈ আহিব (Bangladesh PM to visit India)। ভাৰত আৰু বাংলাদেশৰ মাজৰ আভ্যন্তৰীণ জল বিতৰণ সন্দৰ্ভত উক্ত ভ্ৰমণকালত আলোচনা হোৱাৰ কথা (Water sharing between India and Bangladesh)। ইফালে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আশা, সমস্যা থাকিলেও দুয়োখন দেশৰ মাজৰ আলোচনাৰ মাধ্যমেৰে সমস্যাবোৰ সমাধান হ'ব । যিহেতু বাংলাদেশ নিম্নস্তৰত আছে, সেয়ে ভাৰতৰ পৰা নৈবোৰ বাংলাদেশলৈ গতি কৰে । এই ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যাবোৰৰ কথা ভাৰতে বিবেচনা কৰিব লাগে বুলিও আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী শ্বেখ হাছিয়াই ।

লগতে পঢ়ক :কৃতী শিক্ষকসকলৰ সৈতে ভাব-বিনিময়ত অংশ লব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.