গাজিয়াবাদত চাঞ্চল্যকৰ ঘটনা: পূৰ্বৰ পত্নীক গুলীয়াই দুবছৰীয়া সন্তানক লৈ পলায়ণ স্বামীৰ

author img

By

Published : Sep 27, 2022, 11:29 AM IST

man shoots ex wife kidnaps their two year old
গাজিয়াবাদত চাঞ্চল্যকৰ ঘটনা: প্ৰাক্তন পত্নীক গুলীয়াই দুবছৰীয়া সন্তানক লৈ পলায়ণ স্বামীৰ ()

বিবাহ বিচ্ছেদৰ আবেদন কৰাৰ পাছত পুনৰ বিবাহ পাশত আৱদ্ধ হোৱাই কাল হ'ল গাজিয়াবাদৰ এগৰাকী মহিলাৰ । প্ৰাক্তন স্বামীয়ে গুলীয়াই উঠাই লৈ গ'ল তেঁওলোকৰ দুবছৰীয়া সন্তানক(Ex husband shot woman and fled with child) ।

নেশ্যনেল ডেস্ক,২৭ ছেপ্টেম্বৰ: সোমবাৰে গাজিয়াবাদত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । এগৰাকী ব্যক্তিয়ে তেওঁৰ প্ৰাক্তন পত্নীক গুলীয়াই তেওঁলোকৰ দুবছৰীয়া সন্তানক লৈ উধাও হয়(First husband shoots woman and escapes) । জানিব পৰা মতে অভিযুক্ত লোকজনে তেওঁৰ প্ৰাক্তন পত্নী ২৮ বছৰীয়া সঞ্জনাক তেওঁলোকৰ দুবছৰীয়া সন্তানটিক বিচাৰিছিল । কিন্তু, সঞ্জনাই প্ৰাক্তন স্বামী কপিলক সন্তানটি দিবলৈ অমান্তি হয় । যাৰ ফলত সংঘটিত হয় উক্ত ঘটনাটো(Ex husband shot woman and fled with child) ।

জানিব পৰা মতে, ৮ বছৰীয়া সঞ্জনাই অভিযুক্ত কপিলৰ সৈতে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰাৰ পিছতেই পুনৰ বিবাহ পাশত আৱদ্ধ হৈছিল । যাৰ পৰিপ্ৰেক্ষিতত কপিলে তেঁওলোকৰ দুবছৰীয়া সন্তানটি বিচাৰি সঞ্জনাৰ ওচৰলৈ আহিছিল । কিন্তু সন্তানটি দিবলৈ অমান্তি হোৱাৰ পাছতে সঞ্জনাক গুলীয়াই সন্তাটিক লৈ গাজিয়াবাদৰ মুচুৰী আৰক্ষী থানা অঞ্চলৰ কাজিপুৰা গাঁৱত শিশুটোৰ লৈ পলাই যায়(Shot woman and escaped with the child) । আহত সঞ্জনাক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ ।

গাজিয়াবাদত চাঞ্চল্যকৰ ঘটনা: প্ৰাক্তন পত্নীক গুলীয়াই দুবছৰীয়া সন্তানক লৈ পলায়ণ স্বামীৰ

ঘটনাৰ খবৰ পোৱা মাত্ৰকে আৰক্ষীৰ এটা দলৰ লগতে উপস্থিত হয় আৰক্ষী অধীক্ষক দেহাত ইৰাজ ৰাজা । কপিল আৰু সঞ্জনাৰ মাজত তীব্ৰ বাকযুদ্ধ হোৱাৰ পাছতে উক্ত ঘটনা সংঘটিত হয় বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে । আৰক্ষী অধীক্ষকগৰাকীয়ে বৰ্তমান সঞ্জনাৰ অৱস্থা স্থিৰ বুলি উল্লেখ কৰি আৰু অলপ সুস্থ হ'লেই সঞ্জনাৰ পৰা বিবৃতি ল'ব বুলি উল্লেখ কৰে । লগতে অভিযুক্ত কপিলৰ সন্ধানত অভিযান আৰম্ভ কৰিছে বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক দেহাত ইৰাজ ৰাজাই ।

লগতে পঢ়ক: দিল্লীত ধৰ্ষিত এয়াৰ হ’ষ্টেছ, অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.