দিল্লীত ধৰ্ষিত এয়াৰ হ’ষ্টেছ, অভিযুক্তক গ্ৰেপ্তাৰ

author img

By

Published : Sep 27, 2022, 7:51 AM IST

Airhostess raped by acquaintance in Delhi, accused arrested

সোমবাৰে আৰক্ষীয়ে জনোৱা অনুসৰি, দক্ষিণ দিল্লীৰ মেহৰাউলী অঞ্চলত এগৰাকী এয়াৰ হ’ষ্টেছৰ ঘৰত পৰিচিত এজন লোকে ধৰ্ষণ কৰাৰ অভিযোগ পোৱা গৈছে (Air hostess allegedly raped)। অভিযোগ অনুসৰি অভিযুক্ত হৰজিৎ যাদৱে যোৱা ডেৰমাহ ধৰি মদ্যপান কৰি তেওঁৰ ঘৰলৈ আহি ধৰ্ষণ কৰি আহিছিল ৷

নেশ্যনেল ডেস্ক, 27 ছেপ্টেম্বৰ: দক্ষিণ দিল্লীৰ মেহৰাউলী অঞ্চলত এগৰাকী পৰিচিত লোকৰ দ্বাৰা এগৰাকী এয়াৰ হ’ষ্টেছে নিজৰ ঘৰতে ধৰ্ষণৰ বলি হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Air hostess allegedly raped)। খানপুৰৰ বাসিন্দা হৰজিৎ যাদৱ নামৰ অভিযুক্তটো এটা ৰাজনৈতিক দলৰ ব্লক সভাপতি । আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত হৰজিতক গ্ৰেপ্তাৰ কৰা বুলিও দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়ে (Rape Case in Delhi) ।

মেহৰাউলী আৰক্ষী থানাৰ পিচিআৰলৈ দেওবাৰে ধৰ্ষণ সন্দৰ্ভত এটা ফোন অহা বুলি জানিবলৈ দিয়ে দিল্লী আৰক্ষীৰ উপ আৰক্ষী আয়ুক্ত (দক্ষিণ) চন্দন চৌধুৰীয়ে । ইয়াৰ পাছতেই ফোনত উল্লেখ কৰা স্থানত উপস্থিত হয়গৈ আৰক্ষীৰ এটা দল ৷ আৰক্ষীয়ে সেই স্থানত উপস্থিত হোৱাৰ লগে লগে ভুক্তভোগী মহিলাগৰাকীয়ে সমস্ত বিৱৰি জনালে যে, বিগত ডেৰ মাহ ধৰি তেওঁৰ পৰিচিত এজল লোক হৰজিৎ যাদৱে মদ্যপান কৰি তেওঁৰ ঘৰলৈ দৈনিক আহি ধৰ্ষণ কৰি আহিছে (Airhostess raped by acquaintance in Delhi) ।

আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে ৩০ বছৰীয়া মহিলাগৰাকীয়ে কোনোমতে অভিযুক্তক এটা কোঠাত আবদ্ধ কৰি ১১২ নম্বৰলৈ ফোন কৰে । মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত ধৰ্ষণৰ বাবে গোচৰ নম্বৰ ৩৭৬, ৩২৩, ৫০৯ আৰু ৩৭৭ ধাৰাত ভাৰতীয় দণ্ডবিধি আইন (Indian Penal Code)ৰ অধীনত গোচৰ ৰুজু কৰে । ইতিমধ্যে ধৃত অভিযুক্তক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই ।

উল্লেখ্য যে, দেশত দিনক দিনে বৃদ্ধি পাইছে ধৰ্ষণৰ দৰে অপৰাজনিত ঘটনা ৷ মূলত ৰাজধানী চহৰ দিল্লীতো শেহতীয়াকৈ বৃদ্ধি পাইছে ধৰ্ষণৰ ঘটনা ৷ শেহতীয়াকৈ গুজৰাটৰ বদোদৰা জিলাতো সংঘটিত হৈছে এক নাৰী নিৰ্যাতনজনিত ঘটনা (Violence against women) ৷

অভিযোগ অনুসৰি ধৃত দুই অপৰাধীয়ে প্ৰায় দুবছৰ ধৰি ঘৰৰ মালিকৰ পত্নী আৰু তেওঁৰ নাবালিকা কন্যাক ধৰ্ষণ কৰাৰ লগতে কৰি আহিছিল ব্লেকমেইল ৷ শনিবাৰে ঘৰৰ মালিকে এই সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে উল্লেখ কৰিলে, অভিযুক্ত দুজনে তেওঁৰ ঘৰত বিগত সময়চোৱাত ভুৱা নামেৰে বসবাস কৰি আহিছিল । ইতিমধ্যেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই অভিযুক্তক ৷

লগতে পঢ়ক: কৰিমগঞ্জত জঘন্য ঘটনা : ধৰ্ষণ কৰি হত্যা যুৱতীক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.