ETV Bharat / bharat

Son Kills mother: ঘৰুৱা কন্দলত অতিষ্ঠ হৈ মাতৃক ৰডেৰে মৰিয়াই হত্যা কুলাংগাৰ পুত্ৰৰ

author img

By

Published : Aug 7, 2023, 8:37 PM IST

Man killed his mother
ঘৰুৱা কন্দলত অতিষ্ঠ হৈ মাতৃক ৰডেৰে মৰিয়াই হত্যা কুলাংগাৰ পুত্ৰৰ

জন্মদাত্ৰী মাতৃকো হত্যা কৰিবলৈ হাত নঁকপে একাংশ দানৱৰূপী মানুহৰ ৷ ঘৰুৱা কন্দলত অতিষ্ঠ হৈ পুত্ৰই ৰডেৰে মৰিয়াই হত্যা কৰে মাতৃক ৷ অভিযুক্ত পুত্ৰ অজয়ক গ্ৰেপ্তাৰ কৰিছে নৌবাস্তা আৰক্ষীয়ে ৷

নেশ্যনেল ডেস্ক, 7 আগষ্ট : কোন দিশে গতি কৰিছে জীৱশ্ৰেষ্ঠ মানৱ? জন্মদাত্ৰী মাতৃকো হত্যা কৰিবলৈ হাত নঁকপে একাংশ দানৱৰূপী মানুহৰ ৷ এইবাৰ উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত এক জঘন্য ঘটনা পোহৰলৈ আহিছে ৷

ঘৰুৱা কন্দলত অতিষ্ঠ হৈ পুত্ৰই ৰডেৰে মৰিয়াই হত্যা কৰে মাতৃক ৷ সম্প্ৰতি অভিযুক্ত পুত্ৰ অজয়ক গ্ৰেপ্তাৰ কৰিছে নৌবাস্তা আৰক্ষীয়ে ৷ মৃত মহিলাগৰাকীৰ নাম মুন্নী দেৱী বুলি জানিব পৰা গৈছে ৷

জানিব পৰামতে মুন্নী দেৱীয়ে তেওঁৰ পুত্ৰ অজয় আৰু বোৱাৰীয়েকৰ সৈতে ৰাজীৱ নগৰ কলনীত বাস কৰিছিল ৷ তেওঁৰ ডাঙৰ পুত্ৰ বিজয়ে তেওঁৰ পত্নী আৰু সন্তানৰ সৈতে ওচৰৰ এটা ভাড়াঘৰত বাস কৰে ৷ দেওবাৰে নিশা হঠাৎ অঞ্চলটোৰ লোকসকল অজয়ৰ ঘৰৰ ফালে দৌৰি যোৱা দেখি বৰ পুত্ৰ বিজয়ো সেই ঠাইলৈ গৈছিল ৷ তেওঁ গৈ মাতৃক গেটৰ ওচৰত পৰি থকা দেখে ৷ মাতৃৰ মূৰৰ পৰা ৰক্তক্ষৰণ হৈ আছিল ৷

ইয়াৰ পিচতে নৌবাস্তা আৰক্ষী থানাক ঘটনা সন্দৰ্ভত অৱগত কৰাৰ পিচতেই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈছিল ৷ এডিচিপি অংকিতা শৰ্মাই ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত কৰাৰ পিচত পুত্ৰ অজয়ক গ্ৰেপ্তাৰ কৰে ৷

অভিযুক্ত অজয়ে ঘটনা সন্দৰ্ভত কয় যে, তেওঁৰ পত্নী আৰু মাতৃৰ মাজত প্ৰতিদিনে কাজিয়া হৈছিল ৷ প্ৰতিদিনৰ দৰে দেওবাৰে সন্ধিয়া তেওঁ ঘৰলৈ অহাৰ পিচত পত্নী আৰু মাতৃয়ে কাজিয়া লাগি থকা প্ৰত্যক্ষ কৰিছিল ৷ ঘৰত কাজিয়া দেখি খঙত অগ্নিশৰ্মা হৈ ওচৰতে থকা এডাল লোৰ ৰডেৰে অজয়ে মাতৃৰ মূৰত আঘাত কৰে ৷ লগে লগে মাতৃৰ মূৰৰ পৰা ৰক্তক্ষৰণ আৰম্ভ হয় আৰু তেওঁ মাটিত ঢলি পৰে ৷ কিছুসময়ৰ পিচতে মাতৃয়ে মৃত্যুবৰণ কৰে ৷

এই ঘটনাৰ পিচতে বৰপুত্ৰ বিজয় আৰু চুবুৰীয়াই মত প্ৰকাশ কৰা অনুসৰি, বোৱাৰীয়েক আৰু শাহু মুন্নী দেৱীৰ মাজত প্ৰতিদিনে কাজিয়া হৈছিল ৷ বোৱাৰীয়েকে শাহুৱেকক উৎপীড়ন কৰিছিল ৷ ইয়াৰ পূৰ্বেও অজয়ে মাতৃক প্ৰহাৰ কৰিছিল ৷ সম্প্ৰতি অজয়ৰ পত্নীকো সোধা পোছা কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Son assault Mother: লাঠীৰে কোবাই কোবাই মাতৃক প্ৰহাৰ কুলাংগাৰ পুত্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.