ETV Bharat / bharat

বলৰামপুৰত মানুহ খোৱা নাহৰফুটুকীৰ ত্ৰাস

author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 10:01 PM IST

Man Eating Leopard
নাহৰফুটুকীৰ ত্ৰাস

Leopard Attack in Balrampur: দুমাহত নাহৰফুটুকীটোৱে ৬ টা শিশুক চিকাৰ কৰাৰ লগতে নাহৰফুটুকীটোৰ আক্ৰমণত আধা ডজনৰো অধিক লোক আহত হৈছে । মানুহ খোৱা নাহৰফুটুকীটো ধৰিবলৈ বন বিভাগে যিমানখিনি প্ৰচেষ্টা চলাইছে সেয়া অসাৰ বুলি প্ৰমাণিত হৈছে ।

নেশ্যনেল ডেস্ক, 2 জানুৱাৰী : উত্তৰ প্ৰদেশৰ বলৰামপুৰ জিলাৰ চোহেলৱা বনাঞ্চলত নাহৰফুটুকী বাঘৰ আক্ৰমণ হ্ৰাস হোৱাৰ নাম লোৱা নাই । মানুহ খোৱা নাহৰফুটুকী বাঘটোক ধৰিবলৈ বন বিভাগে কৰা সকলো প্ৰচেষ্টা নিষ্ফল প্ৰমাণিত হৈছে । শেহতীয়াকৈ নাহৰফুটুকী বাঘটোৰ আক্ৰমণত এজন যুৱক আহত হয় । নাহৰফুটুকী বাঘৰ আক্ৰমণৰ বাবে গাওঁবাসীৰ মাজত আতংক বৃদ্ধি পাইছে ।

Man Eating Leopard
নাহৰফুটুকীৰ ত্ৰাস

বনাঞ্চলৰ গাতে লাগি থকা বাংকটোৱা ৰেঞ্জৰ ছীটাউনী গাঁৱৰ বাসিন্দা ৰাকেশ কুমাৰে (৩০) সৰ্যু খালৰ সমীপত নিজৰ খেতিপথাৰ চাবলৈ যায় । তেতিয়াই নাহৰফুটুকীটোৱে তেওঁক আক্ৰমণ কৰে । আক্ৰমণৰ পাচত আহত ৰাকেশ কুমাৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । জানিব পৰা মতে, ৰাকেশ কুমাৰ যেতিয়া নিজৰ খেতিপথাৰ চাই উভতি আহিছিল, তেতিয়াই সৰ্যু খালৰ ওচৰত লুকাই থকা নাহৰফুটুকীটোৱে তেওঁক আক্ৰমণ কৰে ৷

আক্ৰমণত ৰাকেশ কুমাৰে চিঞৰ বাখৰ কৰাত নাহৰফুটুকীটো জোপোহাবোৰৰ মাজেৰে হাবিৰ ফালে দৌৰি গ’ল । আহত ৰাকেশ কুমাৰক উদ্ধাৰ কৰি মানুহে সামূহিক স্বাস্থ্য কেন্দ্ৰ শিৱপুৰলৈ লৈ যায় । তেওঁৰ চিকিৎসা বৰ্তমানে তাতে চলি আছে । নাহৰফুটুকীটোৰ অবিৰত আক্ৰমণৰ বাবে গাঁওবাসীৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰিছে । যেতিয়াই গাঁৱৰ মানুহ ঘৰৰ বাহিৰলৈ যায়, তেতিয়াই নিজৰ লগত লাঠি লৈ যাবলৈ বাধ্য হয় ।

উল্লেখ্য যে, যোৱা দুমাহ ধৰি সোহেলৱা বনাঞ্চলৰ কাষৰীয়া অঞ্চলত নাহৰফুটুকীটোৰ আক্ৰমণ অব্যাহত আছে । দুমাহত নাহৰফুটুকীটোৱে ৬টা শিশুক নিজৰ চিকাৰ কৰি লোৱাৰ লগতে নাহৰফুটুকীৰ আক্ৰমণত আধা ডজনৰো অধিক লোক আহত হৈছে । মানুহ খোৱা নাহৰফুটুকীটো ধৰিবলৈ বন বিভাগে যিমানখিনি প্ৰচেষ্টা চলাইছে সেয়া অসাৰ বুলি প্ৰমাণিত হৈছে । দিল্লী, কলকাতাকে ধৰি চাৰিটা দলে মানুহ খোৱা নাহৰফুটুকীটো ধৰিবলৈ অহৰহ চেষ্টা চলাই আছে । কিন্তু মানুহ খোৱা নাহৰফুটুকীটো এতিয়াও বন বিভাগৰ হাতৰ মুঠিৰ বাহিৰত, যাৰ বাবে গাঁওবাসীৰ মাজত আতংকৰ পৰিৱেশ বিৰাজ কৰিছে ।

লগতে পঢ়ক : উত্তৰাখণ্ডৰ নাইনিতালত নৰখাদকক ট্ৰেংকুলাইজ কৰি বশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.