ETV Bharat / bharat

উত্তৰাখণ্ডৰ নাইনিতালত নৰখাদকক ট্ৰেংকুলাইজ কৰি বশ

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 5:02 PM IST

tiger tranquilized and caught in Bhimtal
উত্তৰাখণ্ডৰ নাইনিতালত নৰখাদক ট্ৰেংকুলাইজ কৰি বশ

Bhimtal Maneater tiger caught : ভীমতালৰ নৰখাদক অৱশেষত বশীভূত কৰা হৈছে । যুদ্ধগতিত চলা বাঘটো ধৰা অভিযানত অৱশেষত সোমবাৰে নিশা সফলতা লাভ কৰা হয় । বন বিভাগৰ দলে বাঘটোৱে এটা গৰু হত্যা কৰাৰ খবৰ লাভ কৰিছিল । ইয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ দল । অৱশেষত কেইবা ঘণ্টাৰ কঠোৰ পৰিশ্ৰমৰ পিছত বাঘটো বন বিভাগৰ দলৰ জালত পৰে আৰু ট্ৰেংকুলাইজ কৰা হয় ।

নিউজ ডেস্ক, ২৬ ডিচেম্বৰ : উত্তৰাখণ্ডৰ নাইনিতালৰ ভীমতাল নৌকুচিয়াটাল অঞ্চলৰ অৰণ্যত নিশা চলোৱা এক অভিযানত বন বিভাগৰ কৰ্মচাৰীয়ে এটা নৰখাদক কৰায়ত্ত কৰে । বাঘটোক উদ্ধাৰ কৰি ৰাণীবাগ কেন্দ্ৰলৈ লৈ যোৱা হয় । বাঘটোৱে ৭ ডিচেম্বৰৰ পৰা অঞ্চলটোত সন্ত্ৰাস কৰি আছিল । যাৰ বাবে অঞ্চলটোৰ লোকসকলে এক ভীতিগ্ৰস্ত পৰিৱেশত চলিবলগা হৈছিল ।

নাইনিতালৰ ভীমতাল অঞ্চলত এই বাঘটোৱে ১৩ দিনৰ ভিতৰত তিনিগৰাকী মহিলা আৰু কেইবাটাও গৰু হত্যা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে । ইয়াৰ পিছত সোমবাৰে পুৱা বন বিভাগৰ দলে খবৰ লাভ কৰে যে জাঙ্গালিয়া গাঁৱত এটা বাঘ প্ৰত্যক্ষ কৰা গৈছে । বাঘটোৱে এটা গৰু চিকাৰ কৰি আছিল । অৱশ্যে এয়া আছিল বন বিভাগৰ বাঘটোক কৰায়ত্ত কৰাৰ এক কৌশল । বন বিভাগৰ দলটোৱে বাঘটোৱে হত্যা কৰা গৰুটো এনে এক ৰাখিছিল, য'ৰ পৰা নিশা বাঘটোক লক্ষ্য কৰিব পৰা যায় আৰু তাক অচেতন কৰিব পাৰি ।

এই কৌশলটো এইকাৰণেই গ্ৰহণ কৰা হৈছিল যে বাঘে প্ৰায়ে পুনৰ নিজৰ চিকাৰৰ ওচৰলৈ আহে, যাতে সেই চিকাৰ আৰামেৰে খাব পাৰে । নিশা ১২ বজাত বাঘটো গৰুৰ ওচৰলৈ আহে । তেতিয়াই বন বিভাগৰ দলটোৱে বাঘটোক ট্ৰেংকুলাইজ কৰিবলৈ লক্ষ্য কৰি লয় । অৱশ্যে ট্ৰেংকুলাইজ ডাৰ্টৰ আঘাতৰ পাছতো বাঘটো অৰণ্যৰ ওপৰভাগৰ পৰা তললৈ দৌৰি যায় । ইয়াৰ পিছত উদ্ধাৰকাৰী দলটো লাহে লাহে অৰণ্যৰ ফালে আগবাঢ়ি যায় আৰু বাঘটোৰ অনুসন্ধান আৰম্ভ কৰে । বন বিভাগৰ বিষয়াসকলে প্ৰকাশ কৰা মতে, ঠাণ্ডাৰ নিশাটোত অৰণ্যত বাঘ বিচাৰি পোৱাটো এটা বিপজ্জনক কাম আছিল ।

অৱশেষত দলটোৱে বাঘটোক মূল পথৰ পৰা ৩ কিলোমিটাৰ তলত অচেতন অৱস্থাত উদ্ধাৰ কৰে । কিন্তু বিপজ্জনক পথটোৰ পৰা ৰাস্তালৈ গধুৰ বাঘটো আনিবলৈ বন বিভাগৰ দলটোক আঢ়ৈ ঘণ্টা সময় লাগে । এই কামটো কৰোঁতে দলটোৰ ঠাণ্ডা নিশাও ঘাম ওলায় । ইয়াৰ মাজতে বাঘটোক এনাস্থেচিয়াৰ এক বুষ্টাৰ পালিও দিয়া হয়, যাতে সোনকালে জ্ঞান ঘূৰাই নাপায় । ৰাস্তাত উপস্থিত হোৱাৰ পিছত বাঘটোক এটা পিঞ্জৰাত আবদ্ধ কৰা হয় আৰু মঙলবাৰে পুৱা ৩ বজাত ট্ৰাকেৰে ৰাণীবাগ উদ্ধাৰ কেন্দ্ৰলৈ নিয়া হয় । বন বিভাগৰ দলটোৱে বাঘটোৰ তেজ, স্ৱাব আৰু নোমৰ নমুনা সংগ্ৰহ কৰিছে আৰু সেইবোৰ নিহত মহিলাকেইগৰাকীৰ নমুনাৰ সৈতে মিলোৱা হ'ব । তাৰ পৰা এইটো জানিব পৰা যাব যে মানুহ খোৱা বাঘটো এইটো হয়নে নহয় ।

উল্লেখ্য যে ৭ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰৰ ভিতৰত বন্যপ্ৰাণীৰ আক্ৰমণত তিনিগৰাকী মহিলাৰ মৃত্যু হৈছে । ৭ আৰু ৯ ডিচেম্বৰত আক্ৰমণ কৰা মহিলাকেইগৰাকীৰ ডিএনএ প্ৰতিবেদনে প্ৰকাশ কৰিছে যে দুয়োকে একেটা বাঘে আক্ৰমণ কৰিছিল । ৭ ডিচেম্বৰত ভীমতাল বিধানসভা সমষ্টিৰ মালুৱাটালত ৩৫ বছৰীয়া ইন্দিৰা দেৱীক বাঘে হত্যা কৰে । এই ঘটনাৰ দুদিন পিছত পিনৰো গাঁৱৰ পুষ্পা দেৱীক বাঘে আক্ৰমণ কৰে । তাৰ দহ দিনৰ পিছত ১৯ ডিচেম্বৰত আলচাউনা গাঁৱৰ বাসিন্দা ১৯ বছৰীয়া নিকিতা শৰ্মাক নৰখাদকৰ আক্ৰমণত নিহত হয় ।

লগতে পঢ়ক :কৰ্ণাটকত স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত, শিক্ষাৰ্থীসহ ৪ গৰাকী গুৰুতৰভাৱে আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.