ETV Bharat / bharat

পশ্চিম বংগ উপ নিৰ্বাচন : মনোনয়ন দাখিলৰ বাবে সাজু মমতা বেনাৰ্জী

author img

By

Published : Sep 10, 2021, 12:16 PM IST

Updated : Sep 10, 2021, 1:40 PM IST

পশ্চিমবংগত অহা ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । ভবানীপুৰ সমষ্টিৰ আসনত প্ৰতিদ্বন্দিতা আগবঢ়াব মমতা বেনাৰ্জীয়ে । শুকুৰবাৰে মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Bhabanipur
ভবানীপুৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিব মমতা বেনাৰ্জীয়ে

নেশ্যনেল ডেস্ক,১০ ছেপ্টেম্বৰ : আজি ভৱানীপুৰ সমষ্টিৰ বাবে নিজৰ মনোনয়ন দাখিল কৰিব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ নিৰ্বাচন আয়োগে ইতিমধ্যে ভৱানীপুৰ বিধানসভা সমষ্টি(Bhabanipur Assembly Constituency)ত উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে ৷ এইয়াৰ অৰ্থ এয়ে যে, 2 নৱেম্বৰত ছয় মাহৰ কাৰ্যকাল উকলি যোৱাৰ পূৰ্বে বেনাৰ্জীয়ে বিধানসভালৈ নিৰ্বাচিত হোৱাৰ এক সুযোগ লাভ কৰিব ৷ য'ত পৰাজিত হ'লে তেওঁ স্বেচ্ছাই মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিব লাগিব ৷

যোৱা বিধানসভা নিৰ্বাচনৰ পিছৰে পৰা পশ্চিমবংগত তৃণমূল কংগ্ৰেছ (Trinamool Congress) আৰু বিজেপিৰ ৰাজনৈতিক সংঘাত অব্যাহত আছে । ইয়াৰ মাজতে উপ-নিৰ্বাচনৰ (Bye election) সময়সূচী ঘোষণা কৰিছে নিৰ্বাচন আয়োগে (ECI) । অহা ৩০ ছেপ্টেম্বৰত পশ্চিমবংগৰ ভবানীপুৰ, চামছেৰগঞ্জ আৰু জংগীপুৰ বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । ভোট গণনা হ'ব ৩ অক্টোবৰত ।

নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিবোৰত ইতিমধ্যে নিৰ্বাচন আচৰণ বিধি বলৱৎ হৈ আছে । উপ নিৰ্বাচনৰ বাবে প্ৰস্তুতি ইতমধ্যে তুংগত উঠাৰ মাজতে বেনাৰ্জীয়ে বিগত বিধানসভা নিৰ্বাচনক লৈ অসন্তুষ্টি প্ৰকাশ কৰে । তেওঁৰ মতে ২০২১ চনত নিৰ্বাচন কেনেদৰে অনুষ্ঠিত হৈছিল সেয়া কেৱল ঈশ্বৰেহে জানে ।

মুখ্যমন্ত্ৰীগৰাকীৰ অভিযোগ, কেন্দ্ৰই সেই সময়ত মিছা কৈছিল তথাপিও তেওঁক হত্যা কৰিব নোৱাৰিলে । তেওঁ অভিযোগ কৰা মতে নন্দীগ্ৰামত তেওঁৰ ওপৰত হোৱা আক্ৰমণৰ আঁৰত এক ষড়যন্ত্ৰ আছিল । হিংসাত্মক কাৰ্যকলাপ কৰিবলৈ বাহিৰৰ পৰা হাজাৰ হাজাৰ গুণ্ডা বাহিনী অহা বুলিও তেওঁ দাবী কৰে ।

উল্লেখ্য যে, ভবনীপুৰ বিধানসভাৰ আসনখন পশ্চিমবংগৰ কৃষিমন্ত্ৰী শুভনদেৱ চট্টোপাধ্যায়ে (Agriculture Minister Sobhandeb Chattopadhyay) মে' মাহত খালী কৰিছিল যাৰ বাবে সেই আসনখনত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে প্ৰতিদ্বন্দিতা কৰিবলৈ আগবাঢ়ি আহিছে । ইফালে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে একেটা দিনতে ওড়িশাৰ পিপলি সমষ্টিতো উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :মহিলা আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে নতুন সুবিধা ত্ৰিপুৰা চৰকাৰৰ

Last Updated : Sep 10, 2021, 1:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.