ETV Bharat / bharat

Mallikarjun Kharge: মণিপুৰ ভ্ৰমণৰ বাবে নাযায় প্ৰধানমন্ত্ৰী, তেওঁ কেৱল নিজৰ ক্ষমতাৰ কথা ভাবে; খাৰ্গে

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 8:18 PM IST

মণিপুৰ ভ্ৰমণৰ বাবে আজিলৈকে কিয় যোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই প্ৰশ্ন মল্লিকাৰ্জুন খাৰ্গেৰ ৷ ছত্তিশগড়ত অনুষ্ঠিত হোৱা কৃষক সন্মিলনত অংশ লৈ প্ৰধানমন্ত্ৰী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল খাৰ্গে ৷

Mallikarjun Kharge
Mallikarjun Kharge

নেশ্যনেল ডেস্ক, 28 ছেপ্টেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ আক্ৰমণ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ৷ ছত্তিশগড়ৰ বালোদাবজাৰত অনুষ্ঠিত হোৱা কৃষক সন্মিলনত অংশ লৈ মহিলা সংৰক্ষণ বিধেয়ক, নিবনুৱা, মূল্যবৃদ্ধি, মণিপুৰৰ হিংসা আদিৰ কথা উল্লেখ কৰি খাৰ্গেই প্ৰধানমন্ত্ৰীগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷

খাৰ্গেই কয় যে কংগ্ৰেছে মণিপুৰৰ বিষয়টো নিৰন্তৰ নিৰীক্ষণ কৰি আছে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কংগ্ৰেছে যি চেষ্টা কৰিব লাগিছিল সেয়া কৰি আছে । ৰাহুল গান্ধী কংগ্ৰেছ দলৰ পৰা মণিপুৰ ভ্ৰমণলৈ গৈছিল । I.N.D.I.A. এলায়েন্সৰ 21-22 জন নেতাইও মণিপুৰ ভ্ৰমণ কৰিছিল ৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এবাৰো মণিপুৰ ভ্ৰমণ কৰা নাই আৰু পৰিস্থিতিৰ বুজ লোৱা নাই ৷

খাৰ্গেয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী মোদী সকলো ঠাইলৈ যায় । নিৰ্বাচনৰ সময়ত তেওঁৰ দলৰ হৈ প্ৰচাৰ চলাবলৈ বিভিন্ন ৰাজ্য গৈছে ৷ কিন্তু তেওঁ এতিয়াও মণিপুৰলৈ যোৱা নাই ৷ তেওঁলোকে মণিপুৰক পাহৰি গৈছে ৷ খাৰ্গেয়ে লগতে প্ৰশ্ন কৰি কয় যে কিহৰ ভয়ত প্ৰধানমন্ত্ৰীয়ে এতিয়ালৈকে মণিপুৰ ভ্ৰমণৰ বাবে যোৱা নাই ৷

খাৰ্গেয়ে আৰু যে কংগ্ৰেছে প্ৰধানমন্ত্ৰী মোদীৰ পৰা মণিপুৰ ভ্ৰমণৰ বিষয়ে আৰু স্থিতি জানিবলৈ বিচাৰি আছে, কিন্তু প্ৰধানমন্ত্ৰীয়ে এতিয়ালৈকে কোনো উত্তৰ দিয়া নাই । মানুহে তেওঁক এই প্ৰশ্নটো সুধিব লাগে বুলিও খাৰ্গেই কয় ৷

‘‘প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ বিশ্বৰ কথা কয় কিন্তু তেওঁৰ ঘৰত কি ঘটিছে, মণিপুৰত কি ঘটিছে সেয়া খবৰ নাই । তেওঁলোকে মুদ্ৰাস্ফীতি, নিবনুৱা, কৃষকৰ বিষয়বোৰৰ বিষয়ে চিন্তা নকৰে । তেওঁলোকৰ চিন্তাধাৰা কেৱল নিৰ্বাচনত কি কৰিব লাগে । তেওঁলোকে সংসদতো প্ৰচাৰ চলায় । আনকি জি-20 ৰ সময়তো তেওঁ নিজৰ আৰু তেওঁৰ দলৰ বাবে প্ৰচাৰ চলালে । প্ৰধানমন্ত্ৰী মোদীয়ে কেতিয়াও নিজৰ ক্ষমতাৰ বাহিৰে দেশৰ স্বাৰ্থৰ বিষয়ে চিন্তা নকৰে,’’ খাৰ্গেয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় ৷

লগতে পঢ়ক: Kharge attacks BJP : 'নাৰী সংৰক্ষণৰ নামত বিজেপিৰ ভেঁকোভাওনা'-খাৰ্গে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.