ETV Bharat / bharat

Mallikarjun Kharge: পাঁচোখন ৰাজ্যতে চৰকাৰ গঠন কৰিব কংগ্ৰেছে; মল্লিকাৰ্জুন খাৰ্গে

author img

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 8:56 PM IST

মল্লিকাৰ্জুন খাৰ্গেয়ে দেওবাৰে দৃঢ়তাৰে কয় যে, নৱেম্বৰৰ বিধানসভা নিৰ্বাচনৰ পিছত তেওঁৰ দলে পাঁচোখন ৰাজ্যতে চৰকাৰ গঠন কৰিব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে নেতাজনে ৷

Mallikarjun Kharge
পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বানক লৈ মন্তব্য মল্লিকাৰ্জুন খাৰ্গেৰ

নিউজ ডেস্ক, 22 অক্টোবৰ : সমাগত দেশৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন ৷ পাঁচোখন ৰাজ্যতে ইতিমধ্যে প্ৰতিতো ৰাজনৈতিক দলে শক্তিশালী ৰূপত চলাইছে নিজৰ নিজৰ প্ৰচাৰ অভিযান ৷ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে দেওবাৰে নৱেম্বৰৰ বিধানসভা নিৰ্বাচনৰ পিছত তেওঁৰ দলে পাঁচোখন ৰাজ্যতে চৰকাৰ গঠন কৰিব বুলি দৃঢ়তাৰে কয় ৷ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰি কয় যে তেওঁ নিজৰ দল বা মুখ্যমন্ত্ৰীৰ নামত ভোট বিচাৰিছে ৷

সংবাদ মাধ্যমক সম্বোধন কৰি খাৰ্গেয়ে কয় যে "পৰিৱেশ আমাৰ পক্ষত আছে ৷ আমি পাঁচোখন ৰাজ্যতে জয়ী হ’ম | আমাৰ-5, তেওঁলোকৰ-শূন্য ৷ আজিৰ পৰিস্থিতি এনেকুৱাই ৷" তেওঁ লগতে কয় যে সকলোৱে এটা প্ৰচেষ্টা চলায় আৰু তেওঁলোকেও প্ৰচেষ্টা চলাই আছে ৷ প্ৰধানমন্ত্ৰীয়ে নিজৰ নামক লৈ ভোট বিচৰা সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে "তেওঁ (পিএম) মধ্যপ্ৰদেশলৈ গৈ ‘মোদীক ভোট দিয়ক’ বুলি কোৱাটো মোৰ বাবে হাস্যকৰ কথা ৷ তেওঁ নিজৰ দল বা মুখ্যমন্ত্ৰীৰ নাম লোৱা নাছিল ৷"

খাৰ্গেয়ে লগতে কয় যে, "এইটোৱে দেখুৱায় যে তেওঁৰ ভাৱমূৰ্তি ম্লান হৈ পৰিছে ৷" কংগ্ৰেছে মধ্য প্ৰদেশত পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ চকু ৰাখিছে য'ত 17 নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ ইফালে ছত্তিশগড়ত একেৰাহে দ্বিতীয়বাৰৰ বাবে জয়লাভ কৰিব বিচাৰিছে কংগ্ৰেছে ৷ ছত্তিশগড়ত দুটা পৰ্যায়ত- 7 আৰু 17 নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ লগতে ২৫ নৱেম্বৰত ৰাজস্থান বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ দলটোৱে মিজোৰামত শক্তিশালীভাৱে প্ৰচাৰ চলাই আছে য'ত 7 নৱেম্বৰত ভোটগ্ৰহণ হ'ব আৰু তেলেংগানাত 30 নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৷ ভোটগণনা 3 ডিচেম্বৰত অনুষ্ঠিত হ'ব ৷

লগতে পঢ়ক : Rajasthan Election 2023: সন্মুখত নিৰ্বাচন; টিকটৰ আশাত বিৰোধীও কাষ চাপিছে শচীন পাইলটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.