কংগ্ৰেছ সভাপতিৰ দৌৰত মল্লিকাৰ্জুন খাৰ্গেও, আজি দাখিল কৰিব মনোনয়ন-পত্ৰ

author img

By

Published : Sep 30, 2022, 12:36 PM IST

mallikarjun

ৰাজ্যসভাত বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেয়ে শুকুৰবাৰে মনোনয়ন-পত্ৰ দাখিল কৰিব (Mallikarjun Kharge joins Cong prez race)।

নিউজ ডেস্ক, ৩০ ছেপ্টেম্বৰ : এইবাৰ কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ দৌৰত যোগ দিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে (congress president candidate Mallikarjun Kharge) । কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱা শেহতীয়া প্ৰাৰ্থীজন হৈছে মল্লিকাৰ্জুন খাৰ্গে । মল্লিকাৰ্জুন খাৰ্গেয়ে শুকুৰবাৰে মনোনয়ন-পত্ৰ দাখিল কৰিব । উল্লেখ্য, মল্লিকাৰ্জুন খাৰ্গে হৈছে কৰ্ণাটকৰ এজন জ্যেষ্ঠ ৰাজনীতিবিদ আৰু ৰাজ্যসভাত বিৰোধী দলৰ নেতা । তেওঁ কৰ্ণাটকৰ গুলবাৰ্গাৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল । মল্লিকাৰ্জুন খাৰ্গে হৈছে প্ৰাক্তন ৰে'ল মন্ত্ৰী আৰু ভাৰত চৰকাৰৰ শ্ৰম আৰু নিযুক্তি মন্ত্ৰী ।

জ্যেষ্ঠ কংগ্ৰেছ নেতা এম মল্লিকাৰ্জুন খাৰ্গেয়ে (Congress leader M Mallikarjun Kharge) এআইচিচিৰ সভাপতি নিৰ্বাচনত (AICC president election) প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা আঁতৰি নাহে যদিহে দলৰ মুৰব্বী ছোনিয়া গান্ধীয়ে তেওঁক প্ৰতিদ্বন্দিতা কৰিবলৈ কয় । প্ৰবীণ নেতাজনৰ এক ঘনিষ্ঠ সূত্ৰই বুধবাৰে এই কথা কয় । প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু নেহৰু-গান্ধী পৰিয়ালৰ অনুগত খাৰ্গেৰ দৰে নেতাৰ নাম ১৭ অক্টোবৰৰ এআইচিচিৰ সভাপতিৰ নিৰ্বাচনৰ বাবে বৰ্তমান চৰ্চালৈ আহিছে ।

উল্লেখ্য, ২৪ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হৈছে কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিল প্ৰক্ৰিয়া । মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ৮ অক্টোবৰ আৰু প্ৰয়োজন সাপেক্ষে ১৭ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হ’ব (Congress presidential election)। আনহাতে, ১৯ অক্টোবৰত ফলাফল প্ৰকাশ হ'ব ।

দেশৰ সবাতোকৈ পুৰণি ৰাজনৈতিক দলটোৰ নেতৃত্ব পোন প্ৰথমবাৰৰ বাবে গান্ধী পৰিয়ালৰ হাতৰ পৰা বাহিৰলৈ যাব । ইতিমধ্যে কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাত আছে জ্যেষ্ঠ নেতা শশী থাৰুৰ, দিগ্বিজয় সিং আৰু শেহতীয়াভাৱে তাত সংযুক্ত হৈছে মল্লিকাৰ্জুন খৰ্গে । ইতিমধ্যে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও এই দৌৰত অৱতীৰ্ণ হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও ৰাজস্থানৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ বাবে ছোনিয়া গান্ধীৰ হস্তক্ষেপত তেওঁ তাৰ পৰা বিৰত থাকে ।

লগতে পঢ়ক :Congress President poll : আজি দিগ্বিজয় সিঙৰ মনোনয়ন-পত্ৰ দাখিলৰ সম্ভাৱনা

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.