ETV Bharat / bharat

কি কি কাৰ্যৰ পৰা বঞ্চিত হ’ব নিলম্বিত 141 সাংসদ ! বিশেষ জাননী জাৰি

author img

By ANI

Published : Dec 20, 2023, 7:56 AM IST

Updated : Dec 20, 2023, 9:56 AM IST

lok sabha secretariat issues circular barring suspended mps
কি কি কাৰ্যৰ পৰা বঞ্চিত হ’ব নিলম্বিত 141 সাংসদে

নিলম্বিত 141 সাংসদক লৈ বিশেষ জাননী জাৰি কৰিছে লোকসভা সচিবালয়ে(Lok Sabha Secretariat) ৷ ‘‘নিলম্বনৰ সময়ছোৱাত তেওঁলোকে উত্থাপন কৰা কোনো অভিযোগ গ্ৰহণযোগ্য নহয় (suspended MPs)৷’’

নিউজ ডেস্ক, 20 ডিচেম্বৰ : সংসদৰ উভয় সদনৰ পৰা 141 জন জনপ্ৰতিনিধিক নিলম্বনেৰে সংসদীয় গণতান্ত্ৰিক দেশ ভাৰতত নজিৰবিহীন ঘটনাৰ সৃষ্টি কৰা হ’ল ৷ ইফালে লোকসভাৰ পৰা 95 জন আৰু ৰাজ্যসভাৰ পৰা 46 জন বিৰোধী সাংসদক নিলম্বন কৰাৰ পিছত নিলম্বিত সাংসদসকল লৈ কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে লোকসভা সচিবালয়ে ৷

নিলম্বিত সাংসদসকলৰ বাবে জাৰি কৰা জাননীত উল্লেখ কৰা অনুসৰি, নিলম্বিত সংসদসকলে তেওঁলোকৰ কক্ষ, লবি আৰু গেলেৰীত প্ৰৱেশ কৰিব নোৱাৰিব ৷ জাননীখনত উল্লেখ কৰা অনুসৰি, ‘‘নিলম্বিত সাংসদসকল সংসদীয় সমিতিৰ বৈঠকৰ পৰা নিলম্বিত হৈ আছে ৷ সদনৰ কাৰ্যক্ৰমণিকাত তেওঁলোকৰ নামত কোনো বিষয় লিপিবদ্ধ কৰা নহ’ব ৷ নিলম্বনৰ সময়ছোৱাত তেওঁলোকে উত্থাপন কৰা কোনো অভিযোগ গ্ৰহণযোগ্য নহয় ৷ নিলম্বনৰ সময়ছোৱাত অনুষ্ঠিত সমিতিসমূহৰ নিৰ্বাচনত তেওঁলোকে ভোট দিব নোৱাৰে ৷’’

উল্লেখ্য যে, সংসদৰ নিৰাপত্তাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিবৃতিৰ দাবীক লৈ হোৱা হুলস্থুলীয়াৰ ফলতে লোকসভাৰ পৰা 95 জন আৰু ৰাজ্যসভাৰ 46 জন বিৰোধী সাংসদক সাংসদক নিলম্বন কৰা হৈছিল । আনহাতে, বিজেপিয়ে দুয়োখন সদনত বিৰোধীবিহীন কৰিব বিচৰাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী দলসমূহে ৷ সেয়ে, 141 জন বিৰোধী সাংসদক সদনৰ পৰা নিলম্বন কৰাৰ বিৰুদ্ধে অহা 22 ডিচেম্বৰত সমগ্ৰ দেশতে যৌথ প্ৰতিবাদ সাব্যস্ত কৰিব I.N.D.I.A মিত্ৰজোঁটে ।

ইফালে মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত I.N.D.I.Aৰ বৈঠকৰ পাচত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে এক সংবাদমলেৰ সম্বোধন কৰে ৷ তেওঁ কয়, ‘‘সংসদৰ অধিৱেশন চলি থকাৰ সময়ত বাৰাণসীত প্ৰধানমন্ত্ৰীয়ে এটা অট্টালিকা উদ্বোধন কৰে ৷ কিন্তু সংসদৰ নিৰাপত্তাৰ সন্দৰ্ভত কোনো বক্তব্য নিদিয়ে প্ৰধানমন্ত্ৰীয়ে ৷ যেতিয়া বিৰোধীয়ে এই কথা কয় তেতিয়াই সংসদৰ পৰা বিৰোধী নেতাক নিলম্বিত কৰা হয় । এয়া প্ৰথমটো কাণ্ড । এয়া অগণতান্ত্ৰিক ।’’

লগতে পঢ়ক : বিৰোধী সাংসদ নিলম্বনৰ বিৰুদ্ধে প্ৰতিবাদত নামিব ইণ্ডিয়া

Last Updated :Dec 20, 2023, 9:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.